ETV Bharat / bharat

National Technology Day: অটল বিহাৰী বাজপেয়ী তথা এ পি জে আব্দুল কালামৰ সৈতে জড়িত প্ৰযুক্তি দিৱসৰ ইতিহাস - ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

দেশত প্ৰতি বছৰে ১১ মে’ত প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয় । এই দিৱসৰ ইতিহাস প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু এ পি জে আব্দুল কালামৰ সৈতে কি জড়িত জানেনে ৷

History of National Technology Day is related to Atal Bihari Vajpayee and APJ Abdul Kalam
অটল বিহাৰী বাজপেয়ী তথা এ পি জে আব্দুল কালামৰ সৈতে জড়িত প্ৰযুক্তি দিৱসৰ ইতিহাস
author img

By

Published : May 10, 2023, 2:06 PM IST

নিউজ ডেস্ক, ১০ মে’: ভাৰতবৰ্ষত ১১ মে’ৰ দিনটো প্ৰযুক্তিৰ নামত উছৰ্গা কৰি এই দিৱসক ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ হিচাপে পালন কৰা হয় । সমগ্ৰ দেশতে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু প্রাক্তন ৰাষ্ট্রপতি এ পি জে আব্দুল কালামক স্মৰণ কৰি প্রযুক্তি দিৱস পালন কৰা হয় (National Technology Day 2023) ৷ জানো আহক প্ৰযুক্তি দিৱস কিয় পালন কৰা হয়, ইয়াৰ ইতিহাস কি আৰু কি কি দিশত এই দিৱস এক বিশেষ দিৱস হিচাপে পৰিগণিত হৈছে, এই লেখাটোত আমি সকলো কথা জানিবলৈ চেষ্টা কৰিম-

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ইতিহাস

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ইতিহাস যদি ফঁহিয়াই চাবলৈ যোৱা হয় তেন্তে এই দিৱসটো পোন প্ৰথমবাৰৰ বাবে ১৯৯৯ চনৰ ১১ মে’ত উদযাপন কৰা হৈছিল । সেই সময়ছোৱাত এই দিৱস উদযাপন কৰে প্ৰযুক্তি উন্নয়ন পৰিষদে । সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী (History of National Technology Day)।

এই দিৱসটো পোখৰাণ নিউক্লিয়াৰ পাৰমাণৱিক পৰীক্ষাৰ বাবেও উৎসৰ্গিত কৰা হয় । ১৯৯৮ চনৰ আজিৰ দিনটোতে দেশৰ সেনা শাখাই এই পৰীক্ষা সফলতাৰে সমাপ্ত কৰে । ইয়াৰ সমান্তৰালকৈ এই দিনটো প্ৰযুক্তিৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ সাফল্যৰ বাবে বিশেষ বুলি গণ্য কৰা হয় ।

এ পি জে আব্দুল কালামে পাৰমাণৱিক পৰীক্ষাৰ কমাণ্ড গ্ৰহণ কৰে

১৯৯৮ চনত ভাৰতীয় সেনাই পোখৰাণ টেষ্ট ৰেঞ্জত একেলগে পাঁচটা বিস্ফোৰণ সংঘটিত কৰি যথেষ্ট সফলতা লাভ কৰে । ১৯৭৪ চনৰ প্ৰথম পাৰমাণৱিক পৰীক্ষাৰ পিছত ভাৰতৰ দ্বিতীয়টো বৃহৎ পাৰমাণৱিক পৰীক্ষা আছিল ‘স্মাইলিং বুদ্ধ’, এই পৰীক্ষাৰ ক’ড নাম আছিল অপাৰেচন শক্তি (APJ Abdul Kalam took command of the nuclear tests)।

কেৱল এয়াই নহয়, ভাৰতৰ মিছাইল মেন অৰ্থাৎ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামেও পোখৰাণ পাৰমাণৱিক পৰীক্ষাৰ নেতৃত্ব দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

১৯৯৮ চনত প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ বৃহৎ সফলতাৰ উদযাপন প্ৰতি বছৰে দেশত প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয়। এই দিৱস উদযাপনৰ ঘোষণা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ।

প্ৰতি বছৰে এটা নতুন বিষয়বস্তুৰ কথা চিন্তা কৰা হয়

আচলতে দেশত প্ৰতি বছৰে এটা নতুন থিম লৈ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উদযাপন কৰা হয় । প্ৰযুক্তি দিৱসৰ বিষয়বস্তুসমূহ বিজ্ঞান আৰু প্ৰযুক্তিৰ ধাৰণাক আধাৰিত । 2023 বৰ্ষত প্ৰযুক্তি দিৱসৰ বিষয়বস্তু আছিল “বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ সংহত পদ্ধতি”। অৱশ্যে এইবৰ্ষৰ প্ৰযুক্তি দিৱসৰ বিষয়বস্তু এতিয়াও ঘোষণা কৰা হোৱা নাই (2023 National Technology Day History and Significance)।

লগতে পঢ়ক: About iOS 16 Updates: এপলৰ নতুন চফ্টৱেৰ আপডেট কৰাটো কিয় প্ৰয়োজনীয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.