ETV Bharat / bharat

আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসম আৰু কেৰালাৰ মুখ্যমন্ত্ৰী

আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma tops list of most popular CM)। আইএএনএছ-চি ভোটাৰৰ এক সমীক্ষাত দেখা গৈছে এই তথ্য ৷ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে জনপ্ৰিয়ৰ তালিকাত আছে কেৰালা আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীও । সমীক্ষাটোত ৪৩ শতাংশতকৈও অধিক লোকে কৈছে যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট ।

author img

By

Published : May 21, 2022, 1:35 PM IST

Assam
আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসম আৰু কেৰালাৰ মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক,২১ মে' : আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma tops list of most popular CM)। শেহতীয়াকৈ আইএএনএছ-চি ভোটাৰ সমীক্ষাত (IANS CVoter survey) এই কথা স্পষ্ট হৈছে । দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত আছে ক্ৰমে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন । ২০২১ চনৰ মে' মাহত হৈ যোৱা বিধানসভা নিৰ্বাচনত জয়ী হোৱা মুখ্যমন্ত্ৰীসকলৰ ওপৰত কৰা হৈছিল এই সমীক্ষা ।

চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে পশ্চিমবংগ, কেৰালা, অসম, তামিলনাডু আৰু পুডুচেৰীক সামৰি কৰা হৈছিল এই সমীক্ষা । এবছৰৰ মূল্যায়ন কৰি এই সমীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছে । অনুসন্ধানৰ সময়ত লোকসকলক তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰদৰ্শন মূল্যায়ন কৰিবলৈ কোৱা হৈছিল । অসমৰ ক্ষেত্ৰত, ৪৩ শতাংশতকৈও অধিক লোকে কৈছিল যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট, আনহাতে কেৰালা আৰু তামিলনাডুৰ ক্ষেত্ৰত, ৪১ শতাংশতকৈও অধিক লোকে একেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

অসমৰ এক-তৃতীয়াংশ ভোটাৰে মুছলমান, যিসকলে বিজেপিক সমৰ্থন নকৰে । তেনে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক ৰেটিং লাভ কৰিছে । আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত সমীক্ষা চলোৱা ৩৯ শতাংশ লোকৰহে সমৰ্থন লাভ কৰিছে ।

উল্লেখ্য যে, ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । অসমৰ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাত হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

আনহাতে তামিলনাডুত সমীক্ষা চলোৱা লোকৰ ৪৪ শতাংশই কৈছিল যে তেওঁলোকে ষ্টেলিনৰ প্ৰদৰ্শনত কিছু পৰিমাণে সন্তুষ্ট । আনহাতে অসমৰ ৩৭ শতাংশ লোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত কিছু পৰিমাণে সন্তুষ্ট । অসমত ৰাজনীতিৰ মেৰুকৰণৰ বাবে প্ৰায় ১৮ শতাংশ লোক তেওঁৰ প্ৰদৰ্শনত সন্তুষ্ট নহয় আনহাতে তামিলনাডুৰ ১৩ শতাংশ লোক ষ্টেলিনৰ প্ৰদৰ্শনত সন্তুষ্ট নহয় ।

আনহাতে পিনাৰাই বিজয়নৰ ওপৰত ৪১ শতাংশ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে । আনহাতে ৩০ শতাংশ লোক তেওঁৰ প্ৰদৰ্শনত কিছু পৰিমাণে সন্তুষ্ট । সমীক্ষা অনুসৰি প্ৰায় ২৭ শতাংশ লোক তেওঁৰ প্ৰদৰ্শনত সন্তুষ্ট নহয় ।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে তৃতীয় কাৰ্যকালতো, মমতা বেনাৰ্জীয়ে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ৩৯ শতাংশতকৈও অধিক লোক তেওঁৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট আনহাতে ৪১ শতাংশ কিছু পৰিমাণে সন্তুষ্ট । বিগত বছৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ বিধানসভা নিৰ্বাচনৰ পাছত এই মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ পাছত যোৱা এবছৰে দৈনিক ভিত্তিত এই জৰীপটো কৰা হৈছিল ।

লগতে পঢ়ক :প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ অসুস্থতাৰ খবৰ ল’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.