ETV Bharat / bharat

চৰম প্ৰাকৃতিক দুৰ্যোগৰ গৰাহত হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহ - জে এম শ্বেইফাৰ

গৱেষক জে এম মৰাৰ, জে এম শ্বেইফাৰ, এছ ৰুপাৰ আৰু এ ক’ৰলিয়ে হিমালয়ৰ হিমবাহৰ বিষয়ে কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে, ২০০০-২০১৬ চনৰ কালচোৱাত হিমালয়ৰ হিমবাহৰ গলন প্ৰক্ৰিয়া দুগুণলৈ বৃদ্ধি পাইছিল ৷ ক’লম্বিয়া বিশ্ববিদ্যালয় আৰু উটাহ বিশ্ববিদ্যালয়ৰ লগত জড়িত লেমণ্ট-ড’হাৰ্টী আৰ্থ অৱজাৰ্ভেটৰী, আৰ্থ এণ্ড এনভাইৰণমেণ্টেল ছাইঞ্চৰ গৱেষক কেইজনে ১৯৭৫-২০০০ আৰু ২০০০-২০১৬ চনৰ কালচোৱাৰ ভিতৰত হিমালয়ৰ হিমবাহৰ পৰা হ্ৰাস পোৱা বৰফৰ বিষয়ে অধ্যয়ন কৰিছিল ৷

চৰম প্ৰাকৃতিক দুৰ্ঘটনাৰ গৰাহত হিমালয় ৰাজ্যসমূহ

author img

By

Published : Feb 16, 2021, 10:32 AM IST

Updated : Feb 16, 2021, 2:39 PM IST

নিউজ ডেস্ক,16 ফেব্ৰুৱাৰী: গৱেষক জে এম মৰাৰ, জে এম শ্বেইফাৰ, এছ ৰুপাৰ আৰু এ ক’ৰলিয়ে হিমালয়ৰ হিমবাহৰ বিষয়ে কৰা এক অধ্যয়নৰ পৰা ৷ জানিব পৰা গৈছে যে, ২০০০-২০১৬ চনৰ কালচোৱাত হিমালয়ৰ হিমবাহৰ গলন প্ৰক্ৰিয়া দুগুণলৈ বৃদ্ধি পাইছিল ৷ ক’লম্বিয়া বিশ্ববিদ্যালয় আৰু উটাহ বিশ্ববিদ্যালয়ৰ লগত জড়িত লেমণ্ট-ড’হাৰ্টী আৰ্থ অৱজাৰ্ভেটৰী, আৰ্থ এণ্ড এনভাইৰণমেণ্টেল ছাইঞ্চৰ গৱেষক কেইজনে ১৯৭৫-২০০০ আৰু ২০০০-২০১৬ চনৰ কালচোৱাৰ ভিতৰত হিমালয়ৰ হিমবাহৰ পৰা হ্ৰাস পোৱা বৰফৰ বিষয়ে অধ্যয়ন কৰিছিল ৷ গৱেষক কেইজনৰ অনুসন্ধানৰ ফলাফলে হিমালয় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চললৈ বিপদৰ সংকেত প্ৰেৰণ কৰিছে ৷ এই অধ্যয়নে জলবায়ুৰ উষ্ণতা, এলবেডো প্ৰভাৱৰ ফলত বৰফ আৰু হিমবাহৰ ওপৰত এনথ্ৰ’প’জেনিক ক’লা কাৰ্বন জমা হোৱাৰ দৰে ঘটনাক এই পৰিৱেশ বিপৰ্যয়ৰ বাবে দায়ী বুলি চিহ্নিত কৰিছে ৷

এই অধ্যয়নটি বিশেষতঃ হিমবাহসমূহৰ পৰা বৰফ হ্ৰাস পোৱাৰ বিভিন্ন কাৰকসমূহৰ ওপৰত চলোৱা হৈছিল ৷ আনহাতে এনথ্ৰ’প’জেনিক প্ৰদূষণৰ উৎসসমূহ, হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলত অপৰিকল্পিতভাৱে কৰা উন্নয়নমূলক কাৰ্য-কলাপসমূহ আৰু পৰ্যটন সম্পৰ্কীয় উন্নয়নমূলক কাৰ্য-কলাপ আদিৰ বিষয়ে হোৱা অন্য কেইবাটাও অধ্যয়নে আমাক কিছুদিন পূৰ্বে উত্তৰাখণ্ডত সংঘটিত বিধ্বংসী ঘটনাটোৰ দৰে ঘটিবলগীয়া কেইবাটাও ঘটনাৰ বিষয়ে আগজাননী দিছিল ৷

উদাহৰণস্বৰূপে, অমৰনাথ যাত্ৰা, বদ্ৰীনাথ আৰু কেদাৰনাথ যাত্ৰা, কৈলাশ-মানস সৰোবৰ যাত্ৰা আৰু চাৰিধাম যাত্ৰাৰ দৰে ধৰ্মীয় ভ্ৰমণবোৰত বাৰ্ষিকভাৱে কেইবালাখ লোক এই পৰ্বতলানিলৈ যায় ৷ পৰ্যটন উদ্যোগক আগুৱাই নিয়াৰ উদ্দেশ্যে আন্তঃগাঁঠনিৰ কাম চলোৱাৰ ফলত কোনো কঠোৰ নিয়ম-কানুন নোহোৱাকৈয়ে এই অঞ্চলসমূহলৈ বহু লোকৰ সমাগম ঘটিছে ৷ নিয়ন্ত্ৰণহীন ইঞ্জিনচালিত বাহনসমূহে এই অঞ্চলটোলৈ প্ৰদূষণ মাতি আনিছে ৷ লগতে সংবেদনশীল প্ৰাকৃতিক তন্ত্ৰটোলৈ মানৱসৃষ্ট প্ৰদূষণত অৰিহণা যোগাইছে ৷ যেতিয়াই কোনো অঞ্চলত অৰ্থনৈতিক উন্নয়নৰ বিষয়টোৱে প্ৰাথমিকতা পায়, তেতিয়াই পোনপ্ৰথমে ইয়াৰ কু-প্ৰভাৱ পৰে বন-জংঘলবোৰত ৷ হিমালয়ান ৰাজ্য কেইখনত পৰ্যটন উদ্যোগক উদগনি দিয়াৰ উদ্দেশ্যে তথা বহনক্ষম হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰকল্প নিৰ্মাণৰ বাবে কেইবা হাজাৰ বৰ্গ কিল’মিটাৰজোৰা ঘন বনাঞ্চল কাটি পেলোৱা হৈছিল ৷ এই বনাঞ্চলবোৰ হৈছে কাৰ্বন শোষণ কৰা প্ৰাকৃতিক শোধনাগাৰ ৷ এই জংঘলবোৰৰ পৰা গছবোৰ কাটি পেলোৱাৰ ফলত ক’লা কাৰ্বন জমা হ’ব পৰাকৈ হিমাবাহবোৰৰ বৃহৎ অংশ মুকলি হৈ পৰিছে ৷ হিমবাহৰ গলন প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ ফলত হঠাতে হোৱা বানৰ আশংকা তথা অস্থিৰ গ্লেছিয়েল লেইকৰ আকাৰ বৃদ্ধি পোৱাৰ আশাংকা বৃদ্ধি পাইছে ৷ উল্লেখ্য যে উত্তৰাখণ্ডৰ দুৰ্ঘটনাটোৰ বাবে দায়ী হিচাপে চিহ্নিত কৰা বিভিন্ন কাৰকবোৰৰ ভিতৰত গ্লেচিয়েল লেইক অন্যতম ৷ প্ৰাকৃতিকভাৱে সংবেদনশীল এলেকাবোৰত যি সময়ত গোলকীয় জলবায়ু পৰিৱৰ্তনে সৰ্বনাশী ভূমিকা পালন কৰিছে, তেনেস্থলত মানৱ সমাজৰ দাৰা সংঘটিত হৈ থকা বিভিন্ন অ-বিজ্ঞানসন্মত, অবহনক্ষম উন্নয়নমূলক কাৰ্য-কলাপবোৰে ধ্বংস মাতি আনিছে ৷ উক্ত অধ্যয়নটোত প্ৰকাশ পাইছে যে, ১৯৭৫-২০০০ চনৰ সময়চোৱাত হিমালয় পৰ্বতমালাৰ তাপমাত্ৰা .৪ ডিগ্ৰী চেলচিয়াছৰ তুলনাত ২০০০-২০১৬ চনলৈ ১.৪ ডিগ্ৰীলৈ বৃদ্ধি পায় ৷ এই বৃদ্ধিয়ে হিমালয়ৰ বুকুৰ বৰফৰ ডাঠ আৱৰণক দ্ৰুতগতিৰে পাতলাইছে ৷

এইখিনিতে হিমালয় তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ জৈৱ বৈচিত্ৰতা তথা জলবায়ুক সন্তুলন কৰি ৰখা প্ৰাকৃতিকভাৱে সংবেদনশীল হিমালয়ান মাউণ্টেইন এৰিয়া (এইচ এম এ)ক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে এক পৰিকল্পনাক আনুষ্ঠানিকতা প্ৰদান কৰাটো আমাৰ দেশত খুবেই জৰুৰী হৈ পৰিছে ৷ সমগ্ৰ ভাৰত উপ মহাদেশৰ জল বিজ্ঞানো হিমালয়ৰ হিমবাহৰ সুস্থিৰতাৰ ওপৰত নিৰ্ভৰশীল ৷ ভাৰত চৰকাৰে যদিও হিমালয়ক সুৰক্ষিত কৰিবলৈ এক প্ৰকল্পৰ জৰিয়তে উদ্যোগ লৈছে, এনেক্ষেত্ৰত নাগৰিকৰ প্ৰাণ ৰক্ষা কৰা তথা অৰ্থনৈতিক বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নাইবা একেবাৰেই নগণ্যতম পদক্ষেপহে ল’বলৈ সক্ষম হৈছে ৷ ইয়াত কোনো সন্দেহ নাই যে এই অঞ্চলসমূহৰ খিলঞ্জীয়া লোকসকলৰ জীৱন তথা জীৱন ধাৰণক সুৰক্ষা প্ৰদান কৰিবই লাগিব ৷ এক “ইক’ ফ্ৰেইণ্ডলি” বহনক্ষম পৰ্যটন উদ্যোগ, অৰ্গেনিক কৃষিকৰ্মৰ উদ্ভাৱন, হাইড্ৰ’ ইলেক্ট্ৰনিক প্ৰকল্পবোৰৰ নবীকৰণ আৰু ক্ষতি হোৱা বনাঞ্চলৰ বনানীকৰণৰ কাৰ্যসূচী আদিয়েহে এই সংবেদনশীল অঞ্চলটিক সুৰক্ষা প্ৰদান কৰাৰ একমাত্ৰ উপায় ৷ লগতে এই অঞ্চলটিৰ সম্পদসমূহৰ আৰ্থিক লাভালাভ স্থানীয় লোকসকলক বিতৰণ কৰিহে এই অঞ্চলটিক বচাব পৰা যাব ৷ উন্নয়নৰ নামত জধে-মধে ঘটি থকা বনাঞ্চল ধ্বংস কাৰ্যই অঞ্চলটোত ঘটি থকা ভূমিস্খলন আৰু বানৰ আশংকা বৃদ্ধি কৰিছে ৷ অকল উত্তৰাখণ্ডতে চৰকাৰে গংগা উপত্যকাত ১০,০০০ মেগাৱাট বিজুলী উৎপাদন কৰিব পৰা ৭০ টা হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰকল্পৰ অনুমোদন দিছে ৷ একেদৰেই আন বহুকেইখন ৰাজ্যয়েও বনাঞ্চল ধ্বংস কৰাৰ বাবে হোৱা ক্ষতিপূৰণ হিচাপে বনানীকৰণৰ কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈয়ে তথা বিদুৎ উৎপাদনৰ বাবে উপলব্ধ পানীখিনিক নিয়ন্ত্ৰণ কৰিব পৰাকৈ কোনো ধৰণৰ বান্ধৰ ব্যৱস্থা নকৰাকৈয়ে এইছ এম এ’ত এনে ধৰণৰ কেইবাটাও প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে ৷ প্ৰতিনবেদনসমূহত প্ৰকাশ পাইছে যে বৰ্তমান কাৰ্যক্ষম কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ খুবেই নিম্ন পৰ্যায়ৰ আৰু অঞ্চলটোৰ হাইড্ৰ’লজিৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে ৷

এই ক্ৰিয়া-কলাপসমূহৰ ফলত অঞ্চলটোত চৰম পৰ্যায়ৰ দুৰ্ঘটনা সংঘটিত হ’বগৈ পাৰে ৷ গ্ৰীণ হাউছ গেছ নিয়ন্ত্রণ কৰি এইছ এম এ অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত বাধা প্ৰদান কৰিব পাৰি ৷ হিমালয় অঞ্চলটো এনথ্ৰ’প’জেনিক ক’লা কাৰ্বন নিৰ্গত হোৱাৰ মূল অঞ্চলৰ ওচৰতে অৱস্থিত ৷ সকলো হিমালয়ান ৰাজ্যই জৈৱিক কৃষি কৰ্মৰ পদ্ধতি গ্ৰহণ কৰা উচিত আৰু পৰিৱেশঅনুকূল পৰ্যটন উদ্যোগ গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিব লাগে ৷ যদিও মেঘালয়ে সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে প্ৰথম ঘোষণা কৰিছে, কিন্তু বহুতো আইন অন্য ৰাজ্যবোৰ সম্পূৰ্ণৰূপে জৈৱিক হোৱাৰ পথত হেঙাৰ হিচাপে দেখা দিছে ৷ এই অস্থিৰ হিমালয়ান অঞ্চলটোত কঠোৰ বন আইনৰ বাবে কৃষকসকলে তেওঁলোকৰ জৈৱিক শস্য উৎপাদন কৰিব নোৱাৰে ৷ বহনক্ষম জৈৱিক কৃষিকৰ্মৰ বাবে উৎসাহ যোগোৱাৰ উদ্দেশ্যে লোৱা পদক্ষেপেও হিমালয়ান অঞ্চলটোত স্থিৰতা অনাত সহায় কৰিব আৰু বনাঞ্চলসমূহত পৰা হেঁচা হ্ৰাস পাব ৷ অনিয়ন্ত্ৰিতভাৱে পৰ্যটন উদ্যোগটি বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বিশ্বৰ ভিতৰতে সতেজ পানীৰ সৰ্ববৃহৎ উৎসটি প্লাষ্টিকেৰে প্ৰদূষিত হ’বলৈ ধৰিছে ৷ ইয়াত অৰিহণা যোগাইছে অবিজ্ঞানসন্মত, অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্যকলাপবোৰে ৷ সকলো সময়তে আকস্মিক বানৰ আশংকা থকা এঢলীয়া ঠাই বোৰত লড্‌জ হোটেল নিৰ্মাণ কৰা হৈছে ৷ এই নিৰ্মাণ কাৰ্যবোৰে ইতিমধ্যে অস্থিৰ ঠাইবোৰক আৰু অধিক অস্থিৰ কৰি তুলিছে ৷ যাৰ পৰিণতিত হিমস্খলন তথা আকস্মিক বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে ৷ আনহাতে হিমালয় অঞ্চলক নগৰীকৰণ কৰাৰ ফলতো বিভিন্ন আৰ্থ-সামাজিক আৰু শাৰিৰীক সমস্যাৰ উদ্ভৱ হৈছে ৷ কিছু অধ্যয়নত ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানক আৱৰি থকা হিন্দু কোশ হিমালয়াৰ জধে-মধে হৈ থকা ব্যাপক নগৰীকৰণৰ কথা পোহৰলৈ আহিছে ৷ নাইনিতালৰ দৰে ডাঙৰ চহৰসমূহ বহু এলেকাত গঢ় লৈ উঠিছে আৰু অত্যধিক সংবেদনশীল এঢলীয়া ঠাই সমূহ অৱৈধভাৱে দখল কৰা হৈছে ৷ ২০০২ চনত জোহাঞ্চবাৰ্গত অনুষ্ঠিত ছাষ্টেইনেব্‌ল কনফাৰেঞ্চত এই সংবেদনশীল ইক’ছিষ্টেমটোৰ সুৰক্ষাৰ ওপৰত জোৰ দিয়া হৈছিল, কিন্তু এই অঞ্চলত নগৰীকৰণৰ নামত জধে-মধে হৈ থকা নিৰ্মাণ কাৰ্যসমূহৰ ওপৰত একেবাৰেই নগণ্যতম ব্যৱস্থাহে লোৱা হৈছে ৷

যদি পৰিৱেশানুকূল অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ পাচত এইচ এম এক সুৰক্ষিত কৰিবলৈ অতি সোনকালে কোনো ব্যৱস্থা লোৱা নহয়, তেনেহ’লে বহু কেইখন হিমালয়ান ৰাজ্যই ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব লাগিব ৷ উত্তৰাখণ্ডত সেৱা আগবঢ়োৱাৰ অভিজ্ঞতাৰে পুষ্ট প্ৰাক্তন আই এ এছ অফিচাৰ অমিতাভ পাণ্ডে লিখিছে যে, ২০১৩ চনৰ উত্তৰাখণ্ডৰ দুৰ্ঘটনাটোৰ পাচত হিমালয় পৰ্বতমালাক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে তাৎক্ষণিক হস্তক্ষেপৰ বিষয়ে মনমোহন সিং আৰু নৰেন্দ্ৰ মোডীৰ উভয় চৰকাৰলৈ প্ৰেৰণ কৰা তেওঁৰ টোকা কেনেকৈ অলক্ষিতে থাকি গ’ল ৷ দ্ৰুতগতিত সলনি হৈ থকা জলবায়ু ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰীণহাউছ গেছৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰাটো প্ৰতিখন ৰাষ্ট্ৰৰে দায়িত্ব হ’ব লাগিব ৷ লগতে ভাৰতবৰ্ষইও এইছ এম এৰ সুৰক্ষাৰ বাবে ইয়াৰ বিষয়ত থকা নিজৰ সাম্প্ৰতিক স্থিতি সাৱধানেৰে চালি-জাৰি চাব লাগিব ৷

কে প্ৰবীন কুমাৰ

লগতে চাওকঃ 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

Last Updated : Feb 16, 2021, 2:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.