নিউজ ডেস্ক, ১২ জুলাই : হিমাচল প্ৰদেশৰ বৰষুণ আৰু বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে । উত্তৰ ভাৰতত শেহতীয়াভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে এই পাহাৰীয়া ৰাজ্যখন । হিমাচল প্ৰদেশৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগে ঘোষণা কৰিছে যে ২৪ জুনত বাৰিষা আৰম্ভ হোৱাৰে পৰা বৰষুণ সম্পৰ্কীয় ঘটনাত প্ৰায় ৮০ জন লোক নিহত হৈছে । আনহাতে, শনিবাৰে আৰম্ভ হোৱা শেহতীয়া ধ্বংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাইছে । ৰাজ্যিক কৰ্তৃপক্ষই মঙলবাৰে নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ধ্বংসাত্মক ঘটনাৰ বুজ লোৱাৰ সময়ত এই কথা কয় । ইফালে ভূমিস্খলন আৰু বানপানীৰ ফলত প্ৰায় ১,৩০০ টা পথ অৱৰুদ্ধ হৈছে আৰু ৪০ খন মুখ্য দলং ক্ষতিগ্ৰস্ত হৈছে ।
ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰই ২৪ জুনত বাৰিষা আৰম্ভ হোৱাৰ পিছত হোৱা মুঠ লোকচান প্ৰায় ১,০৫০ কোটি টকা ধাৰ্য কৰিছে । কেন্দ্ৰটোৰ তথ্য অনুসৰি, ৮০ জন লোক নিহত হৈছে । আনহাতে ১০ জন লোক এতিয়াও সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে । এতিয়ালৈকে হোৱা এই ৮০ জনৰ মৃত্যুৰ ভিতৰত ২৪ টা পথ দুৰ্ঘটনা, ২১ টা ভূমিস্খলন, ১২ জন ওখ স্থানৰ পৰা পৰিযোৱা, সাতজন দুৰ্ঘটনাক্ৰমে ডুব যোৱা, পাঁচজনৰ আকস্মিক বানপানীত মৃত্যু হোৱা, চাৰিজন বিদ্যুৎস্পৃষ্ট হোৱা, দুটা সাপৰ কামোৰ আৰু পাঁচজন অন্য ঘটনাত মৃত্যু হোৱা বুলি কোৱা হৈছে ।
আনহাতে, ভূমিস্খলন আৰু বানপানীৰ ফলত ১,২৯৯ টা পথ বন্ধ হৈ পৰিছে । চিমলা আৰু মানালীত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ক্ষতিগ্ৰস্ত হৈছে । ভূমিস্খলন, ৰাস্তাৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি আৰু বানপানীৰ ফলত চণ্ডীগড়-মানালী আৰু চিমলা-কালকা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে । মুঠ ৩,৭৭৩ টা পানী যোগান আঁচনি প্ৰভাৱিত হৈছ । ইয়াৰ উপৰি ৭৯ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ৩৩৩ টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । হিমাচল ৰোডৱেজ ট্ৰান্সপোৰ্ট কৰ্প'ৰেচনৰ ১,২৮৪ টা পথত বাছ সেৱা স্থগিত ৰখা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।
উল্লেখ্য যে হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে প্ৰকাশ কৰিছে যে কেৱল কুল্লুৰ চাইঞ্জ অঞ্চলতে ৪,০০০ কোটি টকাৰ লোকচান হৈছে । প্ৰায় ৪০ খন দোকান আৰু ৩০ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে । মুখ্যমন্ত্ৰীয়ে কাচোল, মণিকৰণ, ক্ষীৰ গংগা আৰু পুলগা অঞ্চলৰ আকাশমাৰ্গেৰে জৰীপ চলাইছিল । তেওঁ পিছত কুল্লুত আবদ্ধ পৰ্যটকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সৈতে আহাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে সোমবাৰে চুখুৱে কৈছিল যে ৰাজ্যখনে বৰষুণৰ ফলত হোৱা ক্ষতিৰ মূল্যাঙ্কন প্ৰক্ৰিয়া চলাই আছে আৰু তেওঁৰ মতে প্ৰাথমিক অনুমান ৩,০০০-৪,০০০ কোটি টকাৰ ভিতৰত ক্ষতি হৈছে ।
আনহাতে, চৰকাৰে ১৫ জুলাইলৈকে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে । পাহাৰীয়া ৰাজ্যখনৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহকো একেধৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে । প্ৰতিকূল বতৰে ৰাজ্যিক লোকসেৱা আয়োগক ইয়াৰ প্ৰতিযোগিতামূলক পৰীক্ষা ২০ আগষ্টলৈ পুনৰ নিৰ্ধাৰণ কৰিবলৈ বাধ্য কৰিছে ।
ইফালে পানীত গধুৰ বালিশিল মিহলি হোৱাৰ ফলত পাম্পিং প্ৰভাৱিত হৈছে । যাৰ ফলত প্ৰশাসনে ৰাজধানী চহৰজুৰি টেংকাৰৰ জৰিয়তে পানী যোগান ধৰিবলৈ বাধ্য হৈছে । তাত একেৰাহে চতুৰ্থ দিনধৰি খোৱাপানীৰ যোগান বন্ধ আছিল । আনহাতে, বতৰ বিজ্ঞান বিভাগে চিমলা, চিৰমৌৰ আৰু কিন্নৌৰ জিলাত মধ্যমীয়াৰ পৰা উচ্চ আকস্মিক বানপানীৰ সম্ভাৱনাৰ বিষয়ে সতৰ্ক কৰি দিছে ।
লগতে পঢ়ক :Himachal Pradesh Flood : হিমাচলত শেহতীয়া বানত সামগ্ৰিক ক্ষতি ৪০০০ কোটিৰ