নিউজ ডেস্ক, ১৪ আগষ্ট: হিমাচল প্ৰদেশত আকৌ এবাৰ বৰষুণৰ ফলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । যোৱা ২ দিন ধৰি হোৱা বৰষুণৰ পিছত ৰাজ্যৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতি হৈছে । ৰাজধানী চহৰ চিমলাতো এটা ডাঙৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে ৷ এই ভূমিস্খলনত এটা শিৱ মন্দিৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু লোকক সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে । স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে ৷ বৰ্তমানলৈ ৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা হৈছে ।
-
#WATCH | Himachal Pradesh CM Sukhvinder Singh Sukhu says "Over 50 people have lost their lives in the state in last 24 hours. Over 20 people are still trapped, the death toll can also increase. Search and rescue operation is underway. We have taken the decision not to organise… pic.twitter.com/bTeaotLcLv
— ANI (@ANI) August 14, 2023 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | Himachal Pradesh CM Sukhvinder Singh Sukhu says "Over 50 people have lost their lives in the state in last 24 hours. Over 20 people are still trapped, the death toll can also increase. Search and rescue operation is underway. We have taken the decision not to organise… pic.twitter.com/bTeaotLcLv
— ANI (@ANI) August 14, 2023#WATCH | Himachal Pradesh CM Sukhvinder Singh Sukhu says "Over 50 people have lost their lives in the state in last 24 hours. Over 20 people are still trapped, the death toll can also increase. Search and rescue operation is underway. We have taken the decision not to organise… pic.twitter.com/bTeaotLcLv
— ANI (@ANI) August 14, 2023
এই ভূমিস্খলনত প্ৰায় ২০ জন লোকক সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে ৷ জানিব পৰা মতে, চিমলাৰ ছামাৰহিল অঞ্চলত অৱস্থিত শিৱবাৰী মন্দিৰটো সোমবাৰে পুৱা ভূমিস্খলনৰ কবলত পৰে । এই ঘটনাত বহু লোক মন্দিৰৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে । ইফালে নিশা হোৱাৰ লগে লগে বৰষুণৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান বন্ধ কৰিব লগা হয় । এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচত ঘটনাস্থলীত মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখু উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে এই ঘটনাত শোক প্ৰকাশ কৰি প্ৰশাসনৰ লোকে ৮টা মৃতদেহ উদ্ধাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷
-
Distressing news has emerged from Shimla, where the “Shiv Mandir” at Summer Hill collapsed as a result of the heavy rainfall.
— Sukhvinder Singh Sukhu (@SukhuSukhvinder) August 14, 2023 " class="align-text-top noRightClick twitterSection" data="
As of now, nine bodies have been retrieved. The local administration is diligently working to clear the debris in order to rescue individuals who may…
">Distressing news has emerged from Shimla, where the “Shiv Mandir” at Summer Hill collapsed as a result of the heavy rainfall.
— Sukhvinder Singh Sukhu (@SukhuSukhvinder) August 14, 2023
As of now, nine bodies have been retrieved. The local administration is diligently working to clear the debris in order to rescue individuals who may…Distressing news has emerged from Shimla, where the “Shiv Mandir” at Summer Hill collapsed as a result of the heavy rainfall.
— Sukhvinder Singh Sukhu (@SukhuSukhvinder) August 14, 2023
As of now, nine bodies have been retrieved. The local administration is diligently working to clear the debris in order to rescue individuals who may…
হিমাচল মুখ্যমন্ত্ৰী সুখুৱে ধ্বংসাৱশেষৰ তলত বৰ্তমান প্ৰায় ২০ জন লোক আৱদ্ধ হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ সোমবাৰৰ বাবে মন্দিৰত ভক্তৰ ভিৰ অত্যাধিক হৈছিল বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীয়ে তেওঁৰ সকলো নিৰাপত্তাৰক্ষীক সাহায্যৰ কামত নিয়োজিত কৰে । ইয়াৰ উপৰিও সেনাক ততাতৈয়াকৈ মাতি উদ্ধাৰ অভিযান দ্ৰুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, হিমাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যখনত বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰী কৰিছে ।
লগতে পঢ়ক: Himachal Mandi Landslide : হিমাচলৰ মাণ্ডিত ভয়াৱহ ভূমিস্খলন; একেটা পৰিয়ালৰ ৭ জনৰ মৃত্যু