নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ইতিমধ্যে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছে কংগ্ৰেছ দলে । পিছে বিধায়ক কিনা বেচাৰ নিকৃষ্ট ৰাজনীতি আৰম্ভ হোৱাৰ আশংকা কৰা হৈছে (Congress worried over BJPs politics of allurement)। যাৰ বাবে নৱ নিৰ্বাচিত বিধায়কসকলক সুৰক্ষা প্ৰদানৰ বাবে ৰাজ্যখনলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতাসকলক প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে হাই কামাণ্ডে ।
সূত্ৰৰ মতে, হিমাচল প্ৰদেশৰ দায়িত্বত থকা এআইচিচিৰ ৰাজীৱ শুক্লা, পৰ্যবেক্ষক তথা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাক নৱ নিৰ্বাচিত বিধায়কসকল সুৰক্ষা প্ৰদানৰ বাবে চিমলাত উপস্থিত হ'বলৈ কোৱা হৈছে ।
জানিব পৰা মতে দলটোৱে নৱ নিৰ্বাচিত বিধায়কসকলক হিমাচল প্ৰদেশৰ পৰা স্থানান্তৰিত কৰাৰো চিন্তা-চৰ্চা কৰি আছে (Newly elected MLA may shifted to Chhattisgarh)। সূত্ৰৰ মতে বিধায়কসকলক চণ্ডিগড় হৈ ছত্তীশগড়লৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছৰ শাসনত থকা ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা এই কাৰণে কৰা হৈছে যাতে বিজেপিয়ে বিধায়কসকলক প্ৰলোভিত কৰিব নোৱাৰে ।
সূত্ৰই জনোৱা মতে দলটোৱে বিধায়কসকলক সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ ল'ব (AICC tries to protect newly elected MLAs)। অৱশ্যে, তেওঁলোকক বাহিৰলৈ স্থানান্তৰ কৰা হ'ব নে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । এআইচিচিৰ এগৰাকী জ্যেষ্ঠ কৰ্মীয়ে কয় যে ইতিমধ্যে সকলোৱে জানে যে বিজেপিয়ে কেনেদৰে লেতেৰা কৌশল অৱলম্বন কৰে । এই সন্দৰ্ভত কংগ্ৰেছ নেতা বিক্ৰমাদিত্য সিঙে কয় যে বিজেপিয়ে যিকোনো কাম কৰিব পাৰে যাৰ বাবে কংগ্ৰেছে গণতন্ত্ৰ সুৰক্ষাৰ বাবে সকলো কৰিব ।
ইতিমধ্যে হিমাচলৰ ভোটগণনা সম্পন্ন হৈছে আৰু ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছে ৪০ খন আসন লাভ কৰিছে (Himachal election results 2022)। আনহাতে বিজেপিয়ে ২৪ খন আসন লাভ কৰিছে । হিমাচলৰ এই বিজয় কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ আছিল কিয়নো গুজৰাটত অতি দুৰ্বল দেখা গৈছে কংগ্ৰেছক ।
গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু উত্তৰাখণ্ডৰ ঘটনাক লৈ এআইচিচিৰ জ্যেষ্ঠ নেতাসকল চিন্তিত হৈ পৰিছে । য'ত বিজেপিয়ে কংগ্ৰেছৰ বিধায়কক প্ৰলোভনেৰে নিজৰ হাতলৈ লৈ গৈছিল । শেহতীয়া ৰাজ্যসভা নিৰ্বাচনৰ সময়তো গেৰুৱা দলটোৱে একেধৰণৰ প্ৰয়াস কৰিছিল । যাৰ বাবে কংগ্ৰেছে দলটোৰ হাৰিয়ানাৰ বিধায়কসকলক ছত্তীশগড়লৈ লৈ যাবলগীয়া হৈছিল । ৰাজস্থানৰ বিধায়কসকলক উদয়পুৰৰ এখন হোটেলত বন্দী কৰি ৰাখিব লগা হৈছিল । হিমাচলত একেই পৰিৱেশ হোৱাৰ আশংকা কৰিছে কংগ্ৰেছে ।
লগতে পঢ়ক :Himachal Poll result 2022: জে পি নাড্ডাৰ ৰাজ্য হিমাচলত মছনদ দখল কংগ্ৰেছৰ