নেশ্যনেল ডেস্ক, 8 এপ্ৰিল: ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ National Weather Forecasting কেন্দ্ৰই 8 এপ্ৰিলত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ বিভিন্ন বিচ্ছিন্ন অঞ্চলত বিজুলী আৰু বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ঝাৰখণ্ড, পশ্চিম বংগ, চিকিম, লক্ষ্যদ্বীপ, কেৰালা, মাহেৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু ধুমুহা বতাহৰ সম্ভাৱনা থকাৰ লগতে ছট্টিশগড়, ওড়িশা, অৰুণাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চল, য়ানাম, কৰ্ণাটক আৰু তেলেংগানাৰ বিভিন্ন স্থানতো বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ৷
বতৰ বিজ্ঞান বিভাগে দক্ষিণ অসম আৰু মেঘালয়ৰ বিভিন্ন স্থানত ধাৰসাৰ বৃষ্টিৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে ঝাৰখণ্ডৰ উত্তৰ দক্ষিণ প্ৰান্তৰ অঞ্চল সমূহত লুৰ প্ৰভাৱ পৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে ৷
9 এপ্ৰিলত পশ্চিম বংগৰ গাংগেয় অঞ্চলত কমেও 50 ৰ পৰা 60 কিলোমিটাৰ গতিবেগেৰে বিজুলী আৰু ব্ৰজপাতেৰে সৈতে ধুমুহা অহাৰ সম্ভাৱনা থকাৰ পৰিৱৰ্তে অসম আৰু মেঘালয়ৰ বিভিন্ন অঞ্চলত 50 ৰ পৰা 60 কিলোমিটাৰ গতিবেগত বিজুলী ধুমুহা অহাৰ সম্ভাৱনা আছে ৷ ঘন্টাত 40-50 কিলোমিটাৰ গতিবেগেৰে পশ্চিমবংগ আৰু চিকিমৰ উপ-হিমালয় অঞ্চলত বিজুলী, ধুমুহা অহাৰ সম্বাৱনা থকাৰ লগতে ওড়িশা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, কেৰালা, মাহে, ছট্টিশগড়, মধ্য মহাৰাষ্ট্ৰ,তামিলনাডু, পুডুচেৰী আৰু লক্ষ্যদ্বীপ ইত্যাদি বিভিন্ন অঞ্চলত বিজুলী আৰু ধুমুহা অহাৰ সম্ভাৱনা আছে ৷
ঠিক একেদৰে 10 এপ্ৰিলতো পশ্চিম বংগৰ গাংগেয় অঞ্চল ঘন্টাত 50-60 কিলোমিটাৰ গতিবেগত বিজুলী, শিলবৰষুণেৰে সৈতে ধুমুহা অহাৰ সম্ভাৱনা আছে ৷ ভিদাৰ্ভা আৰু ছট্টিশগড়ত 30 ৰ পৰা 40 কিলোমিটাৰ গতিবেগেৰে ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা থকাৰ লগতে অসম মেঘালয়ৰ বিচ্ছিন্ন অঞ্চলসমূহত ঘন্টাত 40 ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বিজুলী আৰু বতাহৰ সম্ভাৱনা আছে ৷ ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চল, য়ানাম, কেৰালা আৰু মাহেত বিজুলী আৰু ধুমুহা অহাৰ সম্ভাৱনা থকাৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পূৱ মধ্য প্ৰদেশ, ওড়িশা, মধ্য মহাৰাষ্ট্ৰ, তামিলনাডু, পুডুচেৰী আদি অঞ্চলত ব্ৰজপাতৰ সম্ভাৱনা আছে ৷
অৰুণাচল প্ৰদেশৰ বিচ্ছিন্ন অঞ্চলসমূহতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে ৷ 11 এপ্ৰিলত ছট্টিশগড় ,ওড়িশা, ভিদাৰ্ভা আদিৰ বিচ্ছিন্ন অঞ্চলত 30-40 কিলোমিটাৰ গতিবেগত বিজুলী, বতাহ আৰু শিলাবৃষ্টি অহাৰ সম্ভাৱনা থকাৰ লগতে অসম তথা মেঘালয়ৰ বিচ্ছিন্ন অঞ্চলত 40 ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বিজুলী আৰু ধুমুহা অহাৰ সম্ভাৱনা থকাৰ লগতে 30-40 কিলোমিটাৰ গতিবেগত পশ্চিম বংগৰ গাংগেয় অঞ্চল, অৰুণাচল প্ৰদেশ, মধ্য মহাৰাষ্ট্ৰ,য়ানাম, কেৰালা,মাহে, অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চল আদিত ব্ৰজপাত আৰু ধুমুহাৰ সম্ভাৱনা আছে ৷ জম্মু আৰু কাশ্মীৰ, লাডাখ, গিলগিট- বাল্টিস্তান আৰু মোজাফাৰবাদ, হিমাচল প্ৰদেশ, পূব মধ্য প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, গোৱা, তেলেংগানা, তামিলনাডু, পুডুচেৰী আৰু লক্ষদ্বীপত ব্ৰজপাতৰ সম্ভাৱনা আছে ৷
12 এপ্ৰিলত অসম আৰু মেঘালয়ৰ লগতে কেৰালা আৰু মাহেৰ বিভিন্ন অঞ্চলত 40 ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বিজুলী আৰু ধুমুহাৰ সম্ভাৱনা থকাৰ লগতে পশ্চিম বংগৰ গাংগেয় অঞ্চল, মধ্য মহাৰাষ্ট্ৰ, মাৰাথাৱাড়া আদি অঞ্চলত বিজুলী আৰু ধুমুহাৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগতে জম্মু আৰু কাশ্মীৰ, লাডাখ, গিলগিট-বাল্টিস্তান, মোজাফাৰবাদ, হিমাচল প্ৰদেশ, ছট্টিশগড়, ওড়িশা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, পুডুচেৰী আৰু লক্ষ্যদ্বীপ আদিত ব্ৰজপাতৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক: কৰ’ণা সংক্ৰমণৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ ভূপালৰ সকলো হোষ্টেল