ETV Bharat / bharat

হিমাচলৰ ধৰ্মশালাত বানৰ প্ৰলয়ংকাৰী ৰূপ

author img

By

Published : Jul 12, 2021, 5:45 PM IST

হিমাচল প্ৰদেশৰ ধৰ্মশালাত ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে মাঝি নদীৰ জলপৃষ্ঠ । বিধ্বংসী বানে এফালৰ পৰা ভাঙি নিছে বাসগৃহ, বিলাসী হোটেলৰ দেৱাল । বিলাসী বাহনৰ ওপৰেৰে বাগৰিছে পানী । হঠাতে অহা বানৰ ফলত মেকল'ডগঞ্জৰ ভাগচু নাগ অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Heavy rain in Himachal Pradesh's Dharamsala led to a flash flood in the Bhagsu Nag area
হিমাচলৰ ধৰ্মশালাত বানৰ প্ৰলয়ংকাৰী ৰূপ

নেশ্যনেল ডেস্ক, ১২ জুলাই : প্ৰথমে নেৰানেপেৰা বৰষুণ আৰু তাৰ পাছতে বিধ্বংসী বান । বৰ্তমান হিমাচল প্ৰদেশৰ ধৰ্মশালাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । ধাৰাসাৰ বৰষুণৰ ফলতে মাঝি নদীৰ (Majhi River) জলপৃষ্ঠও বৃদ্ধি পাইছে । মেকল'ডগঞ্জৰ ভাগচু নাগ অঞ্চলত বানৰ ফলত সোমবাৰে সৃষ্টি হোৱা ভয়াৱহ অৱস্থাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

এই ভিডিঅ'টোত দেখা গৈছে যে, পথৰ দাঁতিত ৰখাই থোৱা বিলাসী বাহন বুৰাই পেলাইছে পানীয়ে । স্থানীয় লোকৰ বাসগৃহ আৰু হোটেলো ক্ষতিগ্ৰস্ত হৈছে । আনহাতে, ডাৱৰ বিস্ফোৰণৰ ফলত চিমলাৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল বন্ধ হৈ পৰিছে । অৱশ্যে, এতিয়ালৈকে কোনো লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হোৱা নাই ।

চৰকাৰী বিষয়াসকলে জনোৱা মতে, বানপানীৰ ফলত ধৰ্মশালা অঞ্চলত গাড়ী, ঘৰ আদি আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ধৰ্মশালাত ১১৯ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে ।

এয়া বাৰিষাৰ দিনত এতিয়ালৈকে আটাইতকৈ বেছি হোৱা বৰষুণৰ পৰিমাণ । পানীৰ সোঁতে গগ্গল অঞ্চলত তিনিটা ঘৰ আৰু পাঁচখন দোকানো ক্ষতিগ্ৰস্ত কৰে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (Indian Meteorological Department)ৰ সঞ্চালক মনমোহন সিঙে জনোৱা মতে, ৰাজ্যখনৰ কাংৰা জিলাৰ বহু ঠাইত বৰষুণৰ মাত্ৰা বৃদ্ধি হৈছে । পালমপুৰত সৰ্বাধিক ১৫৫ মিলিমিটাৰ বৰষুণ হৈছে ।

আনহাতে, ডালহাউচিত ৪৮ মিলিমিটাৰ, ছিমলাত ১০ মিলিমিটাৰ আৰু মানালীত ৫৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে । বুধবাৰলৈকে ৰাজ্যখনৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । ১৩ জুনত দক্ষিণ-পশ্চিম মৌচুমী বতাহে হিমাচল প্ৰদেশক প্ৰভাৱিত কৰে । এইবাৰ সোনকালে মৌচুমী বতাহে ৰাজ্যখনক প্ৰভাৱিত কৰিছে ।

সাধাৰণতে ২৬ জুনৰ ভিতৰত ৰাজ্যখনত বাৰিষা হয় । ৰাজ্যখনত আগন্তুক দুটা দিনলৈ পৰিস্থিতি একেই থকাৰ সম্ভাৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান বিভাগে । আনহাতে, মাঝি নদীয়েও এতিয়া ধৰ্মশালাৰ স্থানীয় লোকসকললৈ ভাবুকি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ সুস্বাদু আনাৰস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.