ETV Bharat / bharat

কেৰালাৰ থোডুপুঝাত সংঘটিত ভূমিস্খলনত তিনিজনৰ মৃত্যু - কেৰালাৰ থোডুপুঝাত ভয়াবহ ভূমিস্খলনৰ ঘটনা

কেৰালাৰ ইডুক্কি জিলাৰ থোডুপুঝাত ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে (Heavy Landslide in Thodupuzha) ৷ মালিয়েক্কাল সোমান নামৰ লোকজনৰ পৰিয়ালটো ধ্বংসস্তূপত আৱদ্ধ হৈ আছে ৷ ইতিমধ্যে উদ্ধাৰকাৰী দলে সোমানৰ মাতৃ, কন্যা আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে (3 dead in landslide) ৷

Heavy Landslide in Thodupuzha
কেৰালাৰ থোডুপুঝাত ভূমিস্খলন, তিনিজনৰ মৃত্যু
author img

By

Published : Aug 29, 2022, 10:28 AM IST

নেশ্যনেল ডেস্ক, 29 আগষ্ট: প্ৰকৃতিৰ ৰোষত কেৰালা ৷ কেৰালাৰ ইডুক্কি জিলাৰ থোডুপুঝাত ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে (Heavy Landslide in Thodupuzha)৷ বিগত কেবাদিনৰ পৰা জিলাখনত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোমবাৰে পুৱাই ভূমিস্খলন হৈ এটা বাসগৃহ বোকাৰ তলত পোত যায় ৷

মালিয়েক্কাল সোমান নামৰ লোকজনৰ পৰিয়ালটো ধ্বংসস্তূপত আৱদ্ধ হৈ আছে ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দলৰ লগতে এটা বিশেষ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে (rescue operation continues)৷

এতিয়ালৈ উদ্ধাৰকাৰী দলে সোমানৰ মাতৃ, কন্যা আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে (3 dead in landslide)৷ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও সোমান আৰু তেওঁৰ পত্নীৰ কোনো সন্ধান লাভ কৰা হোৱা নাই (2 missing in landslide)৷

উল্লেখ্য যে এই ভয়াবহ ভূমিস্খলনত অঞ্চলটোৰ ৰাস্তা-ঘাটকে ধৰি খেতিপথাৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে বতৰ বিজ্ঞান বিভাগে কেৰালাৰ তিৰুৱন্তপুৰম, কোল্লাম, পাথানামথিট্টা, আলাপুঝা আৰু ত্ৰিচুৰৰ বাহিৰে ৰাজ্যখনৰ সকলো জিলাতে হালধীয়া সতৰ্কতা জাৰি কৰিছে (yellow alert issued)৷ ইয়াৰ লগতে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে ৷

লগতে পঢ়ক: 9 ছেকেণ্ডৰ ভিতৰতে ইতিহাস হ’ল নয়দাৰ আকাশচুম্বী টুইন টাৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.