ETV Bharat / bharat

মথুৰা আদালতত শ্ৰীকৃষ্ণ জন্মভূমি গোচৰৰ শুনানি আৰম্ভ

author img

By

Published : Jan 28, 2021, 2:17 PM IST

শ্ৰীকৃষ্ণ জন্মভূমি গোচৰক লৈ বৃহস্পতিবাৰে মথুৰাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত শুনানি চলি আছে ৷ ৰঞ্জনা অগ্নিহোত্ৰীয়ে বিগত বৰ্ষৰ 25 ছেপ্তেম্বৰত শ্ৰীকৃষ্ণ জন্মভূমিৰ মালিকানাস্বত্ব আৰু বেদখলমুক্ত কৰিবলৈ আদালতত আবেদন দাখিল কৰিছিল ৷

মথুৰা আদালতত শ্ৰীকৃষ্ণ জন্মভূমি গোচৰৰ শুনানি আৰম্ভ
মথুৰা আদালতত শ্ৰীকৃষ্ণ জন্মভূমি গোচৰৰ শুনানি আৰম্ভ

নিউজ ডেস্ক, 28 জানুৱাৰী : শ্ৰীকৃষ্ণ জন্মভূমি গোচৰৰ শুনানি বৃহস্পতিবাৰৰ পৰা মথুৰাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে ৷ বিগত বৰ্ষৰ 25 ছেপ্তেম্বৰত মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমিক লৈ ৰঞ্জনা অগ্নিহোত্ৰীয়ে আদালতত দাখিল কৰিছিল আবেদন ৷ শ্ৰীকৃষ্ণ জন্মভূমিৰ মালিকানাস্বত্ব আৰু বেদখলক লৈ আদালতত দাখিল হৈছিল আবেদন ৷ বিগত 18 জানুৱাৰীত শ্বাহী ঈদগাহ কমিটীৰ অধিবক্তাই দাখিল কৰা আপত্তিৰ পিচতেই আজি পুনৰীক্ষণৰ বাবে আদালতত পুনৰ শুনানি অনুষ্ঠিত হয় ৷

শ্ৰীকৃষ্ণ জন্মভূমিৰ অধিকাৰক লৈ শ্বাহী ঈদগাহ কমিটী,চুন্নী ৱাকফ বোৰ্ড,শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সংস্থা আৰু শ্ৰীকৃষ্ণ জন্মভূমি সেৱা ন্যাসৰ মাজত বিবাদৰ উৎপত্তি হয় ৷ ইয়াৰ পিচতেই শ্ৰীকৃষ্ণ ভক্ত তথা অধিবক্তা ৰঞ্জনা অগ্নিহোত্ৰীয়ে বিগত বৰ্ষৰ 25 ছেপ্তেম্বৰত মথুৰা জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বিষয়টো সমাধান কৰিবলৈ আবেদন দাখিল কৰে ৷

পৰৱৰ্তী সময়ত 7 জানুৱাৰীত শ্বাহী ঈদগাহ কমিটীৰ অধিবক্তা তনবীৰ আহমেদে জিলা ন্যায়ালয়ত যুক্তি দৰ্শাই কৈছিল যে,যিহেতু আবেদন পলমকৈ দাখিল কৰা হৈছে ইয়াক খাৰিজ কৰিব লাগে ৷ সস্ত্ৰ ন্যায়াধীশৰ আদালতে দুয়োপক্ষৰ অধিবক্তাৰ যুক্তিৰ পিচতেই ইয়াৰ খাৰিজৰ আবেদন নাকচ কৰি পুনৰীক্ষণৰ বাবে শুনানি প্ৰদান কৰে ৷

ভক্তসকলে বিশ্বাস কৰা এটা স্থলত থকা মছজিদৰ স্থানতেই শ্ৰীকৃষ্ণৰ জন্মস্থান বুলি মথুৰাৰ এখন জিলা আদালতত দাখিল কৰা হৈছিল আবেদন ৷ 18 জানুৱাৰীত উক্ত গোচৰৰ শুনানি লৈছিল মথুৰাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৷ 15 জানুৱাৰীতেই শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও জিলা দণ্ডাধীশ উপস্থিত নথকাত শুনানিৰ দিন 18 জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল ৷

2020ৰ 25 ছেপ্টেম্বৰত 13.37 একৰ ভূমি যাক শ্ৰীকৃষ্ণৰ জন্মস্থান বুলি কোৱা হৈছে সেই ঠাইত থকা মছজিদটো অবৈধ বুলি আদালতত অভিযোগ দাখিল কৰা হৈছিল ৷ অভিযোগকাৰীয়ে উক্ত স্থানত অবৈধভাৱে নিৰ্মাণ কৰা ঈদগাহ ময়দানটো আঁতৰাই দিবলৈ অভিযোগনামাত উল্লেখ কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৰিশংকৰ জৈন, বিষ্ণুশংকৰ জৈন আৰু ৰঞ্জনা অগ্নিহোত্ৰীয়ে এই অভিযোগনামা দাখিল কৰিছিল ৷ 1951 চনৰ 21 ফেব্ৰুৱাৰীত শ্ৰীকৃষ্ণ জন্মভূমি ন্যাস প্ৰতিষ্ঠা হৈছিল ৷ 1968চনত শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সংস্থা আৰু শ্বাহী ঈদগাহ ময়দান ব্যৱস্থাপনা কমিটীয়ে এই সন্দৰ্ভত বিবাদ সমাধান কৰিবলৈ উমৈহতীয়া সিদ্ধান্তত উপনীত হৈছিল যদিও আজিও উক্ত স্থানত থকা মছজিদটো আঁতৰাই দিয়া নাই ৷ যাৰ বাবেই এইদৰে অভিযোগনামা দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ৰ তিনিওগৰাকী ন্যায়াধীশে ৷

লগতে পঢ়ক : শ্ৰীকৃষ্ণ জন্মভূমিক লৈ মথুৰা আদালতত শুনানি আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.