ETV Bharat / bharat

Ghost at Uttakhand school : মাটিত বাগৰি বাগৰি কান্দিছে ছাত্ৰীয়ে, বটলে বটলে বেজে ছটিয়াইছে পানী

শ্মশান বা ভূত বাংলাত নহয়, এইবাৰ ভূতে বাহৰ পাতিছে বিদ্যালয়ত (Ghost at school) ৷ অশুভ শক্তিৰ প্ৰকোপত এখন বিদ্যালয় বহু ছাত্ৰীয়ে কৰিছে অস্বাভাৱিক আচৰণ ৷ কোনোৱে কান্দিছে, কোনোৱে চিঞৰিছে, আনকি আন কোনোৱে আকৌ নিজে নিজকে আঘাত কৰিছে ৷ পিছে ক’ত সংঘটিত হৈছে এই ঘটনা ? সবিশেষ এই বাতৰিত...

author img

By

Published : Jul 30, 2022, 6:52 PM IST

Ghost at Uttakhand school
মাটিত বাগৰি বাগৰি কান্দিছে ছাত্ৰীয়ে, বটলে বটলে বেজে ছটিয়াইছে পানী

নেশ্যনেল ডেস্ক, 30 জুলাই : ভূত ওলাইছে ৷ কোনো শ্মশান বা কোনো ভূত বাংলাত নহয় ৷ এইবাৰ দিন দুপৰতে ভূত বিদ্যালয়ত ৷ বিদ্যালয়ৰ এটা চুকত বহি যদি এগৰাকী শিক্ষাৰ্থীয়ে কান্দিছে, তেন্তে আন এগৰাকীয়ে আকৌ বিদ্যালয়ক খেলপথাৰতে বহি কিবা-কিবি অবুজ ভাষাৰে চিঞৰি চিঞৰি কথা কৈছে ৷

কেৱল এগৰাকী বা দুগৰাকী নহয়, বিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষাৰ্থীয়ে মাটিত বাগৰি বাগৰি কান্দিছে ৷ ক’ত কি হৈছে কোনোৱে যেন একো ধৰিবই পৰা নাই ৷ চিকিৎসকলেও ধৰিব পৰা নাই প্ৰকৃত ঘটনাৰ কাৰণ ৷ বিদ্যালয়লৈ অনা হৈছে ভূত খেদা বেজো ৷ কিন্তু কোনোও যেন একো ধৰিবই পৰা নাই ৷ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিদ্যালয়ত ভূত ওলোৱাৰ সমগ্ৰ দৃশ্যাংশ ৷

আমি কৈ থকা ভূত ওলোৱা বিদ্যালয়খন হৈছে উত্তৰাখণ্ডৰ (Ghost at Uttakhand school) ৷

তথ্য অনুসৰি, বুধবাৰৰ পৰা উত্তৰাখণ্ডৰ ৰাইখোলী চৰকাৰী জুনিয়ৰ হাই স্কুল হঠাৎ ছাত্ৰীসকল অচেতন হৈ পৰে ৷ কেৱল ছাত্ৰীসকল অচেতন হোৱাই নহয়, বেলেগ বেলেগ শ্ৰেণী কোঠাৰ পৰা আদি কৰি বিদ্যালয়ৰ খেলপথাৰত প্ৰায় 15 গৰাকী ছাত্ৰী বিভিন্ন সময়ত চিঞৰ-বাখৰ কৰি উগ্ৰ হৈ পৰে ৷

উত্তেজিত ছাত্ৰীসকল শান্ত কৰিব নোৱাৰি চিকিৎসক, কবিৰাজ সকলোৰে সহায় লয় বিদ্যালয় কৰ্তৃপক্ষই ৷ কিন্তু কোনো বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা নগ’ল উত্তেজিত ছাত্ৰীসকলৰ স্বভাৱত (Health department called the screaming of the girl students as mass hysteria in bageshwars school)৷ বুধবাৰে সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি গাঁওবাসীও অধিক শংকিত হৈ পৰিছে ৷

বুধবাৰৰ পৰা শনিবাৰলৈকে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে ৷ জানিব পৰা মতে, বিগত তিনিদিন ধৰি স্বাস্থ্য বিভাগৰ এটা দলে বাহৰ পাতি আছে উক্ত বিদ্যালয়ত ৷ ইফালে গাঁওবাসীয়ে উক্ত বিদ্যালয়ত পূজা-পাতল কৰাৰহে চিন্তা-চৰ্চা কৰিছে ৷ গাঁৱৰ একাংশ লোকৰ মতে, বিদ্যালয়খনত কোনো অশুভ শক্তিয়ে বিৰাজ কৰিছে ৷

যাৰ ফলত এনে ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে, উত্তৰাখণ্ডৰ ৰাইখোলী চৰকাৰী জুনিয়ৰ হাই স্কুলৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ৷ অৱশ্যে এই ঘটনা এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক : Child abuse case : টিংখাঙত মামীয়েকৰ নিৰ্যাতনৰ বলি ৫ বছৰীয়া কণমানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.