ETV Bharat / bharat

আইএনএক্স মিডিয়া গোচৰ: উচ্চ ন্যায়ালয়ে জাৰি কৰিলে স্থগিতাদেশ

author img

By

Published : May 18, 2021, 10:03 PM IST

আইএনএক্স মিডিয়া দুৰ্নীতিৰ গোচৰত অভিযুক্ত কংগ্ৰেছ নেতা পি. চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তিৰ গোচৰত নিম্ন আদালতৰ শুনানি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ চিবিআইৰ আবেদনত চিদাম্বৰম আৰু অন্য অভিযুক্তক জাননী জাৰি কৰে ন্যায়াধীশ সুৰেশ কুমাৰ কাইটে ৷

HC stays trial court proceedings in INX Media case
আইএনএক্স মিডিয়া গোচৰ: উচ্চ ন্যায়ালয়ে জাৰি কৰিলে স্থগিতাদেশ

নিউজ ডেস্ক, 18 মে’: দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে চিবিআইৰ আইএনএক্স মিডিয়া দুৰ্নীতিৰ গোচৰত অভিযুক্ত কংগ্ৰেছ নেতা পি. চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তিৰ গোচৰত নিম্ন আদালতৰ শুনানি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰে ।

ন্যায়াধীশ সুৰেশ কুমাৰ কাইটে নিম্ন আদালতৰ অভিযুক্তকেইজনক নথিপত্ৰ যোগান ধৰাৰ নিৰ্দেশৰ বিৰুদ্ধে চিবিআইৰ আবেদনত চিদাম্বৰম আৰু অন্য অভিযুক্তক জাননী জাৰি কৰি উত্তৰ বিচাৰে ৷

উল্লেখ্য যে, চিবিআইয়ে ২০০৭ চনত চিদাম্বৰমৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যকালত ৩০৫ কোটি টকাৰ বিদেশী পুঁজি প্ৰাপ্ত কৰাৰ বাবে আইএনএক্স মিডিয়া গোটক প্ৰদান কৰা বিদেশী বিনিয়োগ প্ৰচাৰ বোৰ্ডৰ অনুমোদনত অনিয়মৰ অভিযোগ উত্থাপন কৰি ২০১৭ চনৰ 15 মে’ তাৰিখে গোচৰ ৰুজু কৰিছিল । তাৰ পিছত ইডিয়ে ধন ৰপ্তানিৰ গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক: প্ৰত্যাশিত কৰ'ণাৰ তৃতীয় ঢৌকলৈ মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.