ETV Bharat / bharat

Manipur Crisis: সদনত মণিপুৰক লৈ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু চৰকাৰ; অমিত শ্বাহ - অমিত শ্বাহ

মণিপুৰক লৈ উত্তাল বৰ্ষাকালীন অধিৱেশন ৷ বিৰোধীৰ হুলস্থূলৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, ‘‘মই দুয়োখন সদনৰ বিৰোধী দলৰ নেতাসকললৈ পত্ৰ লিখিছো যে বিৰোধীয়ে যিমান দিন বিচাৰে সিমান দিন মণিপুৰক লৈ আলোচনাৰ বাবে প্ৰস্তুত চৰকাৰ ৷’’

Manipur Crisis
Manipur Crisis
author img

By

Published : Jul 25, 2023, 10:01 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই: মণিপুৰৰ বিষয়ক লৈ লোকসভা আৰু ৰাজ্যসভাত অচলাৱস্থা অব্যাহত আছে । বিৰোধীৰ হুলস্থূলৰ বাবে যোৱা ৩ টা দিনত কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হৈছে ৷ মঙলবাৰে মণিপুৰৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘ লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাসকললৈ মণিপুৰ বিষয়ত যিমান দিন বিচাৰে আলোচনাৰ বাবে চৰকাৰ সাজু বুলি উল্লেখ কৰি পত্ৰ লিখা হৈছে ৷’’

  • #WATCH | I have written to the Leaders of Opposition in both Houses that the government is ready for a discussion on Manipur and urged them to create a conducive atmosphere for a discussion on this sensitive matter: Union Home Minister Amit Shah in Lok Sabha pic.twitter.com/5HsWj6K8MU

    — ANI (@ANI) July 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মন কৰিব লগীয়া যে বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনৰ পৰাই উভয় সদনৰ কাৰ্যক্ৰম ব্যাহত হৈ আছে আৰু বিৰোধী দলসমূহে আলোচনাৰ পূৰ্বে মণিপুৰ হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি দাবী কৰিছে ৷

তিনি মাহে ধৰি অব্যাহত থকা মণিপুৰৰ পৰস্থিতি আৰু শেহতীয়াকৈ দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি সমদল উলিওৱা প্ৰসংগ উল্লেখ কৰি বিৰোধীয়ে চৰকাৰক শলঠেকত পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

লোকসভাত বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক সন্দৰ্ভত এক চমু বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চৰকাৰৰ লুকুৱাবলৈ একো নাই আৰু মণিপুৰ বিষয়টো আলোচনা কৰিবলৈ সাজু ৷

মণিপুৰক লৈ বিৰোধীয়ে সদন উত্তাল কৰাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যিসকল লোকে শ্ল'গান দি সদন উত্তাল কৰি আছে তেওঁলোকে সহযোগিতাত বিশ্বাসী নহয় ৷ সেয়া দলিতৰ ক্ষেত্ৰতেই হওক অথবা মহিলাৰ কল্যাণৰ ক্ষেত্ৰতেই হওক ৷’’

তেওঁ কয়, ‘‘মই দুয়োখন সদনৰ বিৰোধী দলৰ নেতাসকললৈ পত্ৰ লিখিছো যে চৰকাৰে যিমান দিন বিচাৰে মণিপুৰক লৈ আলোচনাৰ বাবে প্ৰস্তুত ৷ চৰকাৰে একোকে ভয় নকৰে ৷ যিসকলে মণিপুৰৰ বিষয়ত বিতৰ্ক কৰিব বিচাৰে তেওঁলোকে বিতৰ্ক কৰিব পাৰে । আমাৰ লুকুৱাবলৈ একো নাই ৷’’

লগতে পঢ়ক: Parliament Logjam : প্ৰধানমন্ত্ৰী মোডীয়ে ক’লে; দিশাহীন হৈ পৰিছে বিৰোধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.