নেশ্যনেল ডেস্ক, ২৭ আগষ্ট : কিছুদিন পূৰ্বে হাৰিয়ানাৰ নুহত যি গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল, সেই উত্তাপ এতিয়াও সমূলি শাম কটা নাই ৷ ইয়াৰ মাজতে হিন্দু সংগঠনসমূহে পুনৰবাৰ ঘোষণা কৰিছে যে, অহা ২৮ আগষ্টত বাৰিয়ানাৰ নুহত ব্ৰজ মণ্ডল শোভাযাত্ৰা বাহিৰ কৰা হ’ব । এই যাত্ৰাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে জিলা উপায়ুক্ত ধীৰেন্দ্ৰ খড়গটাই নুহত এখন সভা অনুষ্ঠিত কৰে । ইয়াৰ সমান্তৰালকৈ হাৰিয়ানাৰ গৃহ সচিবে ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈ নুহত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।
আনহাতে, জৰুৰীকালীন ব্যৱস্থাৰ বাবে জিলাখনত আইন আৰু শান্তি বজাই ৰখাৰ উদ্দেশ্যে দিলাখনত ১৪৪ জাৰি কৰা হৈছে ৷ য’ত একেলগে পাঁচজন বা ততোধিক ব্যক্তি গোট খোৱাত বাধা আৰোপ কৰা হৈছে ৷ প্ৰশাসনৰ এই নিৰ্দেশনা জিলাখনত ২৬ আগষ্টৰ পৰা ২৮ আগষ্ট ২০২৩ লৈকে কাৰ্যকৰী হ’ব ।
২৮ আগষ্টত পুনৰ ব্ৰজ মণ্ডল যাত্ৰা :
নুহত ২৮ আগষ্টত পুনৰ ব্ৰজ মণ্ডল যাত্ৰা আৰম্ভ হ’ব ৷ জিলা উপাযুক্তৰ দ্বাৰা জাৰি কৰা এখন পত্ৰত উল্লেখ কৰা হৈছে যে সৰ্বজাতীয় হিন্দু মহাপঞ্চায়তে ২৮ আগষ্টত নুহত ব্ৰজ মণ্ডল শোভাযাত্ৰা উলিয়াবলৈ সিদ্ধান্ত লৈছে । জিলাখনত শান্তি বজাই ৰখাৰ লগতে ছ’চিয়েল মিডিয়াত উৰা বাতৰি বিয়পোৱাত বাধাৰ দিয়াৰ উদ্দেশ্যে জিলাখনত ২৮ আগষ্টলৈকে ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।
২৮ আগষ্টত নুহত স্কুল-কলেজ আদিও বন্ধ :
নুহত জিলা প্ৰশাসনে অহা ২৮ আগষ্ট সোমবাৰে বিদ্যালয়, মহাবিদ্যালয় আৰু বেংক বন্ধ কৰাৰ নিৰ্দেশ জাৰী কৰিছে । ব্ৰজ মণ্ডল যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুযায়ী উক্ত সময়ছোৱাত কোনো ব্যক্তিয়ে তৰোৱাল, লাঠি, যাঠি, কুঠাৰ, জেলী, গণ্ডাচি, কটাৰী আৰু অন্যান্য অস্ত্ৰ (শিখৰ ধৰ্মীয় প্ৰতীকৰ বাহিৰে) লৈ যাব নোৱাৰিব ।
ৰাজহুৱা স্থানত পাঁচজন বা তাতকৈ অধিক লোকক একত্ৰিত হোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অৱশ্যে এই নিৰ্দেশনা সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী, আৰক্ষী আৰু কৰ্তব্যত থকা অন্যান্য ৰাজহুৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ।
নুহত জাৰি ১৪৪ ধাৰা :
নুহৰ উপায়ুক্ত ধীৰেন্দ্ৰ খড়গটা কয় যে ২০২৩ চনৰ ২৮ আগষ্টত সৰ্বজাতি হিন্দু মহাপঞ্চায়তৰ ব্ৰজ মণ্ডল শোভাযাত্ৰাৰ সময়ত যিকোনো ধৰণৰ উত্তেজনা, মানৱ জীৱন আৰু সম্পত্তিক সুৰক্ষা আৰু জনশান্তিৰ উদ্দেশ্যে জাৰী কৰা হৈছে ১৪৪ ধাৰা ৷ তেওঁ এই নিৰ্দেশনা কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ প্ৰদান কৰিছে ।
উপ আযুক্তৰ নিৰ্দেশ :
১৪৪ ধাৰা কাৰ্যকৰী কৰাৰ লগতে ঠায়ে ঠায়ে পহলদাৰী চকী স্থাপনৰো নিৰ্দেশ প্ৰদান কৰিছে উপ আযুক্তই ৷ জিলা প্ৰশাসনৰ সকলো আদেশ মানি চলাটো নিশ্চিত কৰিবলৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক সামগ্ৰিকভাৱে দায়িত্বত প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও সংশ্লিষ্ট এলেকাৰ জিলা উন্নয়ন আৰু পঞ্চায়ত বিষয়া, তহচিলদাৰ আৰু উপ তহচিলদাৰ, ব্লক উন্নয়ন আৰু পঞ্চায়ত বিষয়া, গ্ৰাম পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহক সহযোগ কৰাৰ দায়িত্ব দিয়া হৈছে ।
৩১ জুলাইত কি হৈছিল ?
সকলোৰে জ্ঞাত যে, ৩১ জুলাইত নুহত ব্ৰজ মণ্ডল যাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক হিংসা সংঘটিত হৈছিল । নুহ হিংসাত্মক ঘটনাত ৫০ খনতকৈও অধিক বাহনত অগ্নি সংযোগ কৰা হৈছিল । এই হিংসাত্মক ঘটনাত ২ গৰাকী গৃহৰক্ষী জোৱানকে ধৰি ৬ জন লোকে প্ৰাণ হেৰুৱাইছিল ।
লগতে এই হিংসাত ৬০ জনতকৈ অধিক লোক আহত হৈছিল । এই হিংসাৰ জুয়ে দহিছিল হাৰিয়ানাৰ বহু জিলাকো ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৬ খন জিলাত ১৪৪ জাৰী কৰা হৈছিল ৷ একে সময়তে নুহত ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছিল । এই হিংসাৰ বাবে ব্ৰজ মণ্ডল যাত্ৰা আধৰুৱা হৈ ৰৈছিল । এনে পৰিস্থিতিত ইয়াক সম্পূৰ্ণ কৰিবলৈ হিন্দু সংগঠনসমূহে পুনৰবাৰ ২৮ আগষ্টত সমদল বাহিৰ কৰাৰ কথা ঘোষণা কৰে ।
লগতে পঢ়ক : Chandrayaan 3 success; অহা ১৪ দিন উৎকণ্ঠাৰে ভৰা ISRO ৰ বাবে; আন্তঃগ্ৰহ অভিযানৰ বাবেও সাজু ISRO