ETV Bharat / bharat

অযোধ্যা বিবাদ বিজেপিৰ মতে সমাধান কৰা হ'লে লাখ লাখ লোকৰ মৃত্যু হ'লহেঁতেন: AAP

author img

By

Published : Sep 14, 2021, 2:22 PM IST

অযোধ্যাৰ বিবাদ সন্দৰ্ভত বিজেপিক সমালোচনা আম আদমী পাৰ্টী(Aam Aadmi Party)ৰ শীৰ্ষ নেতৃত্বৰ । আম আদমী পাৰ্টীৰ বিধায়ক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ সৌৰভ ভৰদ্বাজে(Saurabh Bharadwaj) কয় যে, তেওঁ এতিয়াও বিশ্বাস কৰে যে, আদালতৰ পৰিৱৰ্তে বিজেপিৰ মতে অযোধ্যাৰ বিবাদ সমাধান হোৱা হ'লে লাখ লাখ লোকৰ মৃত্যু হ'লহেঁতেন ।

Aam Aadmi Party leader against BJP on Ayodhya issue
অযোধ্যাৰ বিবাদ সন্দৰ্ভত বিজেপিক সমালোচনা আম আদমী পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ

নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : ২০২২ চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজ্যখনলৈ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ আগমণ সঘনাই হ'বলৈ ধৰিছে । স্বাভাৱিকতে অযোধ্যা বিবাদক ৰাজনৈতিক দলসমূহে ইছ্য়ু হিচাপে লৈ এটা দলে আনটোলৈ বাক্যবাণ নিক্ষেপ কৰিছে । যিহেতু বিজেপিৰ শাসনকালতে ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন হৈছে, সেয়ে, বিজেপিয়ে ইয়াক নিজৰ এক সফলতা বুলিয়েই দাবী কৰিব খোজে ।

আনহাতে, এতিয়াও আম আদমী পাৰ্টীয়ে এই বিষয়ক লৈ বিজেপিক সমালোচনা কৰিবলৈ এৰা নাই । সোমবাৰে আম আদমী পাৰ্টীৰ বিধায়ক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ সৌৰভ ভৰদ্বাজে কয় যে, তেওঁ এতিয়াও বিশ্বাস কৰে যে উচ্চতম ন্যায়ালয়ৰ পৰিৱৰ্তে বিজেপিৰ মতে অযোধ্যাৰ বিবাদ সমাধান হোৱা হ'লে লাখ লাখ লোকৰ মৃত্যু হ'লহেঁতেন ।

তেওঁ লগতে কয় যে, আম আদমী পাৰ্টীয়ে এনে গোচৰৰ সমাধান আদালতে কৰাটো বিচাৰিছিল । ইয়াৰ পূৰ্বে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ চিছোড়িয়াই অযোধ্যাৰ বিতৰ্কিত ভূমিত এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰি বিবাদৰ সমাপ্তি কৰাৰ পৰামৰ্শ দিছিল । সোমবাৰে তেওঁ 'ৰাম লাল্লা' আৰু 'হনুমানগড়ী' পৰিদৰ্শন কৰে ।

সেয়ে, সংবাদমেলত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সৌৰভ ভৰদ্বাজক অযোধ্যা বিবাদ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল ।

তেওঁ কয় যে, বিজেপিয়ে ৰথ যাত্ৰা কৰি এই সমস্যাৰ সমাধান উলিওৱাটো বিচাৰিছিল । কিন্তু ইয়াৰ পৰিণতিত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় । ভৰদ্বাজে লগতে কয় যে, এই হিংসাত্মক ঘটনাত উত্তৰ প্ৰদেশ আৰু মুম্বাইৰ বহু লোক ক্ষতিগ্ৰস্ত হৈছিল ।

লগতে পঢ়ক:AAPৰ ৰাষ্ট্ৰীয় সম্পাদকলৈ EDৰ চমনঃ প্ৰধানমন্ত্ৰীক সমালোচনা কেজৰিৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.