ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ - এনকাউণ্টাৰ

যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে জম্মুৰ ৰাজৌৰী জিলাত । তিনি সপ্তাহ পূৰ্বে সেনা আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত পুনৰ নিৰাপত্তা বাহিনীয়ে এনকাউণ্টাৰ আৰম্ভ কৰিছে । উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা তথ্য লাভ কৰাৰ পাছতে সেনাই আৰম্ভ কৰিছে এনকাউণ্টাৰ ।

Gunfight underway
ৰাজৌৰী জিলাত সেনা আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ
author img

By

Published : Sep 12, 2021, 12:50 PM IST

নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : জম্মুৰ ৰাজৌৰী জিলাত সেনা-আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে । দেওবাৰে ৰাজৌৰী জিলাৰ বাৰোটে গাঁৱৰ এক অঞ্চলত উগ্ৰপন্থী (militant) আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা আৰম্ভ হয় । জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, ৰাজৌৰীৰ থানামাণ্ডি অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল আৰক্ষীয়ে ।

তাৰ পাছতে অঞ্চলটোত এক নিৰাপত্তা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰা হৈছিল । সূত্ৰৰ মতে, আৰক্ষী আৰু সেনাৰ যুটীয়া দলটো সন্দেহজনক স্থানৰ ফালে আগবাঢ়ি গৈছিল । তাৰ পাছতে অঞ্চলটোত আত্মগোপন কৰি থকা উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে । প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও এনকাউণ্টাৰ (encounter) আৰম্ভ কৰে ।

প্ৰায় তিনি সপ্তাহ পূৰ্বেও থানামাণ্ডি অঞ্চলত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল । য'ত এগৰাকী ভাৰতীয় সেনা বিষয়া শ্বহীদ হোৱাৰ বিপৰীতে এজন উগ্ৰপন্থী নিহত হৈছিল ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ হাৱাইত ভাৰতীয় সেনাৰ দহ ডিভিজনৰ সৈনিকৰ বিশেষ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.