নিউজ ডেস্ক, 13 ডিচেম্বৰ : সোমবাৰে মধ্য-কাশ্মীৰৰ শ্ৰীনগৰ জিলাৰ ৰংগ্ৰেথ অঞ্চলত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে হোৱা এক সংঘৰ্ষত নিহত হয় দুটাকৈ সন্ত্ৰাসবাদী (Terrorist killed in Kashmir) ৷ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানটোত ঘেৰাও কৰে সমগ্ৰ অঞ্চলটো ৷ অভিযানকাৰী দলটোৱে সেই স্থানত সন্ত্ৰাসবাদীৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছত অতি সন্তৰ্পনে অভিযান আৰম্ভ কৰিছিল যদিও শেষত দুয়োপক্ষৰ মাজত আৰম্ভ হয় ধাৰাসাৰ গুলীবৰ্ষণ ৷
সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষী মাজত হোৱা এই গুলীয়াগুলীত দুটাকৈ সন্ত্ৰাসবাদী নিহত হোৱা বুলি ইতিমধ্যে এগৰাকী বিষয়াই সদৰী কৰিছে ৷ ইফালে অঞ্চলটোত বৰ্তমানেও অনুসন্ধান অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে (search operation continues at Rangreth area) ৷
লগতে চাওক : বাংলাদেশৰ স্বাধীনতাৰ যুঁজৰ বিষয়ে নৱ প্ৰজন্মই অধিক জনা উচিত : মন্ত্ৰী সুশান্ত চৌধুৰী