ETV Bharat / bharat

New Governor of Assam : অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, লগতে সালসলনি হ’ল আন 12 খন ৰাজ্যৰ ৰাজ্যপাল

author img

By

Published : Feb 12, 2023, 11:33 AM IST

Updated : Feb 12, 2023, 2:00 PM IST

দেশৰ সৰ্বমুঠ ১২ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিযুক্তি দিয়ে নতুন ৰাজ্যপালকেইজনক । সেই অনুসৰি ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী গুলাব চান্দ কাটাৰীয়া নিযুক্তি দিয়া হৈছে অসমৰ নতুন ৰাজ্যপাল হিচাবে(Gulab Chand Kataria appointed as Governor of Assam) ৷

Governor of Assam
গুলাব চান্দ কাটাৰীয়া অসমৰ নতুন ৰাজ্যপাল

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : সলনি হ'ল অসমৰ ৰাজ্যপাল । ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী গুলাব চান্দ কাটাৰীয়া নিযুক্তি দিয়া হৈছে অসমৰ নতুন ৰাজ্যপাল হিচাবে(Gulab Chand Kataria appointed as Governor of Assam) ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিযুক্তি দিয়ে ৰাজ্যপালগৰাকীক ৷ উল্লেখ্য যে, দেশৰ সৰ্বমুঠ ১২ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত আজি নতুনকৈ ৰাজ্যপাল (New Governor of Assam) নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । অসমৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, মণিপুৰ, নাগালেণ্ড, মেঘালয়, বিহাৰ, মহাৰাষ্ট্ৰ, লাডাখে সেই অনুসৰি আজিৰে পৰা লাভ কৰে নতুন ৰাজ্যপাল ৷

অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া গুলাব চান্দ কাটাৰীয়া ৰাজস্থানৰ বিৰোধী দলৰ দলপতি তথা বিজেপিৰ এগৰাকী প্ৰবীণ নেতা । ৰাজস্থান চৰকাৰত কাটাৰীয়াই গৃহমন্ত্রীৰ দায়িত্বত আছিল । তদুপৰি তেওঁ বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য । ৰাজস্থানৰ উদয়পুৰৰ নিবাসী গুলাব চান্দ কাটাৰীয়া ৰাজ্যখনৰ উদয়পুৰৰ পৰা ৮ বাৰৰ বিধায়ক হোৱাৰ লগতে এবাৰ লোকসভালৈও নিৰ্বাচিত হৈছিল । পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰত গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত বিভাগৰ মন্ত্রী আছিল । ১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্মগ্ৰহণ কৰা কাটাৰীয়া ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰৰ গৃহমন্ত্রীৰ দায়িত্বত আছিল ।

১৯৭৭ চনত প্ৰথমবাৰৰ বাবে তেওঁ ৰাজস্থানৰ উদয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল । তেতিয়াৰে পৰাই সমষ্টিটোত তেওঁ খোপনি পুতিবলৈ সক্ষম হয় । ১৯৮০ চনত তেওঁ পুনৰ জয়ী হয় । তেওঁ ৰাজস্থান বিধানসভাৰ প্ৰাকঃকলন সমিতিৰ সদস্য আছিল । ৰাজনীতিৰ ক্ষেত্রখনত দীঘলীয়া অভিজ্ঞতাৰে পুষ্ট এইগৰাকী প্ৰবীণ ৰাজনীতিক গুলাব চান্দ কাটাৰীয়াই আজিৰে পৰা অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে । ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুলাব চান্দ কাটাৰীয়াক নৱনিযুক্ত ৰাজ্যপালগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ।

ইফালে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে লেফটেনেণ্ট জেনেৰেল কে টি পাৰনাইক(Governor of Arunachal Pradesh), ছিকিমৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্য (Governor of Sikkim), ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে চি পি ৰাধাকৃষ্ণণ (Governor of Jharkhand), হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে শিৱ প্ৰতাপ শুক্লা(Governor of Himachal Pradesh) অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ আব্দুল নাজিৰক (Governor of Andhra Pradesh) নিযুক্তি দিয়া হৈছে ৷

একেদৰে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে বিশ্ব ভূষণ হৰিচন্দনক (Governor of Chhattisgarh), মণিপুৰৰ ৰাজ্যপাল হিচাপে ছত্তীশগড়ৰ ৰাজ্যপাল সুশ্ৰী অনুছুইয়া উইকেই (Governor of Manipur), নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে লা গণেশন (Governor of Nagaland), মেঘালয়ৰ ৰাজ্যপাল হিচাপে ফাগু চৌহান (Governor of Meghalaya), বিহাৰৰ ৰাজ্যপাল হিচাপে ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ (Governor of Bihar), মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে ৰমেশ বাইছক (Governor of Maharashtra) নিযুক্তি দিয়া হৈছে ৷

আনহাতে, কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বি ডি মিশ্ৰই (Lt. Governor of Ladakh) ৷

লগতে পঢ়ক : Illegal sand mining in Sivasagar : বন বিভাগক মেনেজ কৰি শিৱসাগৰৰ জাঁজী নদীত চলিছে অবাধ খনন

Last Updated : Feb 12, 2023, 2:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.