নেশ্যনেল ডেস্ক,14 ফেব্ৰুৱাৰী: গুজৰাট চৰকাৰে শনিবাৰে বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ৷ ৰাজ্যখনত 18 ফেব্ৰুৱাৰীৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পুনৰ আৰম্ভ হ’ব পাঠদান কাৰ্য । অৱশ্যে বিদ্যালয়সমূহ খুলিলেও শিক্ষাৰ্থীসকল বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয় বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে ৷ যিহেতু অনলাইন পাঠদান চলি থাকিব, গতিকে যিসকল শিক্ষাৰ্থীয়ে আহিব নিবিচাৰে সেইসকলে ঘৰতে থাকি শিক্ষাগ্ৰহণ কৰিব পাৰিব ৷
শিক্ষা সচিব বিনোদ ৰাওে কয় যে, COVID-19 ৰ নিয়ম-নিৰ্দেশনা মানি ৰাজ্য চৰকাৰে পুনৰ বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লৈছে ৷ পুনৰ পূৰ্বৰ দৰে ব’ৰ্ড আৰু কেন্দ্ৰৰ নীতিৰে পাঠদান দিয়া হ'ব ৷ শিক্ষাৰ্থীসকল বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰতো অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন হ'ব ৷ শ্ৰেণীকোঠাত শিক্ষক-শিক্ষাৰ্থীৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জানুৱাৰীৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰম পুনৰ আৰম্ভ হৈছিল ৷ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ হোৱাৰ লগতে নৱম, দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছিল ৷
লগতে পঢ়ক : লক ডাউনত ৰুজু গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ