ETV Bharat / bharat

হিন্দুক ভণ্ড আখ্যা গুজৰাটৰ ৰাজ্যপালৰ

author img

By

Published : Sep 9, 2022, 9:07 AM IST

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতৰ হিন্দুক লৈ বিতৰ্কিত মন্তব্য(Controversial remarks of Gujarat Governor) । হিন্দুসকলক ভণ্ড আখ্য়া দিলে ৰাজ্য়পালগৰাকীয়ে(Gujarat Governor calls Hindus hypocrites) । গৰুক পূজা কৰা প্ৰসংগত প্ৰদান কৰা ভাষণত এই চাঞ্চল্যকৰ মন্তব্য ৰাজ্যপালগৰাকীৰ ।

gujarat governor calls hindus hypocrites
হিন্দুক ভণ্ড আখ্যা গুজৰাটৰ ৰাজ্যপালৰ

নেশ্যনেল ডেস্ক, ৯ ছেপ্টেম্বৰ: হিন্দুক ভণ্ড আখ্য়া গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেবব্ৰতৰ(Gujarat Governor calls Hindus hypocrites) । "প্ৰাকৃতিক কৃষি"(Natural farming) সম্পৰ্কীয় এখন আলোচনাচক্ৰত কৃষকসকলক সম্বোধন কৰি আগবঢ়োৱা ভাষণত এই বিতৰ্কিত মন্তব্য ৰাজ্যপালগৰাকীৰ(Controversial remarks of Gujarat Governor) । তেঁও উল্লেখ কৰে যে হিন্দুসকল ভণ্ড, কিয়নো গো-মাতা বুলি পূজা কৰি অহা গৰুক উদ্দেশ্য পূৰণৰ পাছত ত্য়াগ কৰে হিন্দুৱে ।

হিন্দুসকলে গৰুৱে গাখীৰ দিয়া বন্ধ কৰিলে গৰুবোৰ ত্যাগ কৰে বা বিক্ৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে ৰাজ্যপালগৰাকীয়ে । বুধবাৰে নৰমাদ জিলাৰ ৰাজপিপলা চহৰৰ সমীপৰ পইছা গাঁৱত অনুষ্ঠিত আলোচনাচক্ৰখনত তেঁও কয় যে হিন্দুৱে এফালে গো-মাতা বুলি গৰুক পূজা কৰে(Regard cow as mother), উপাসনা কৰে, কঁপালত তিলক আঁকে । কিন্তু একেজনী গৰুকে গাখীৰ দিয়া বন্ধ কৰা পাছত বেলেগৰ হাতত গতাই দিয়ে বা এৰি দিয়ে বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে ।

এনেবোৰ কাৰণতে তেঁও হিন্দুক 'ধৌংগী' অৰ্থাৎ ভণ্ড আখ্যা দিয়ে বুলি উল্লেখ কৰে । তেঁও লগতে উল্লেখ কৰে যে গো-মাতা শব্দটোৰ অৰ্থ প্ৰথমে বুজিব লাগিব । কি কাৰণত গো-মাতা বুলি কোৱা হয় জানিব লাগিব । লগতে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে কৃষকক ৰাসায়নিক পদ্ধতিৰে কৰা কৃষিকৰ্ম ত্যাগ কৰিবলৈ আহ্বান জনায় । তেঁও কয় যে গোবৰ আৰু গোমুত্ৰক সাৰ তথা কীটনাশক হিচাপে ব্যৱহাৰ কৰিলে ঈশ্বৰ সুখী হ'ব । সেয়ে তেঁও জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰাৰ বাবে কৃষকসকলক আহ্বান জনায় ।

উল্লেখযোগ্য যে ৰাজ্যপাল দেৱব্ৰত জৈৱিক কৃষি প্ৰণালীৰ এগৰাকী শক্তিশালী প্ৰবক্তা আছিল আৰু কৃষিৰ পৰম্পৰাগত কৌশলৰ লাভালাভৰ বিষয়ে লোকসকলক সজাগ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল(Gujarat Governor Acharya Devvrat) । আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও জৈৱিক কৃষি প্ৰণালীৰ বিষয়ে সজাগতা বিয়পাবলৈ ৰাজ্য়পালগৰাকীয়ে কৰা প্ৰচেষ্টাৰ বাবে তেওঁক বিভিন্ন সময়ত প্ৰশংসা কৰা পৰিলক্ষিত হৈছিল(Narendra Modi has praised Gujarat Governor) । পিছে শেহতীয়াকৈ তেঁও কৰা এনে মন্তব্যই সমাজত কিদৰে প্ৰভাৱ পেলাই সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: ২০.৫০ লাখত নিলাম গণেশ নৱৰাত্ৰিৰ লাডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.