ETV Bharat / bharat

Gujarat first government Skin Bank: ৰাজকোটত শীঘ্ৰে মুকলি হ'ব ৰাজ্যখনৰ প্ৰথম চৰকাৰী চৰ্ম বেংক

author img

By

Published : Dec 13, 2022, 6:36 PM IST

গুজৰাটৰ প্ৰথমটো চৰকাৰী চৰ্ম বেংক ৰাজকোটৰ পিডিইউএন অসামৰিক চিকিৎসালয়ত আৰম্ভ হ'ব (Government Skin Bank in Rajkot)। চৰ্ম বেংকটো আহমেদাবাদ, চুৰাট আৰু গান্ধীনগৰৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে পৰিদৰ্শন কৰিছে । চৰ্ম বেংকটো জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

Gujarat first government skin bank
ৰাজকোটত শীঘ্ৰে মুকলি হ'ব ৰাজ্যখনৰ প্ৰথম চৰকাৰী চৰ্ম বেংক

নেশ্যনেল ডেস্ক,১৩ ডিচেম্বৰ : গুজৰাটৰ ৰাজকোটৰ পিডিইউএন অসামৰিক চিকিৎসালয়ত আৰম্ভ হ'ব প্ৰথমটো চৰকাৰী চৰ্ম বেংক (First skin bank of Gujarat)। ইয়াক লৈ ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষৰ তৎপৰতা বৃদ্ধি পাইছে । গান্ধীনগৰ, আহমেদাবাদ আৰু চুৰাটৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে ইতিমধ্যে চৰ্ম বেংকটো (Skin Bank) পৰিদৰ্শন কৰিছে । সোনকালেই চিকিৎসকৰ দলটোৱে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব । তাৰ পাছতে, গুজৰাটৰ প্ৰথম চৰকাৰী চৰ্ম বেংক আৰম্ভ কৰা হ'ব (Government Skin Bank in Rajkot)।

ইফালে ৰাজ্যখনত চৰকাৰী চৰ্ম বেংক খোলাৰ লগে লগে, ৰাজকোট অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলে বিনামূলীয়াকৈ চৰ্ম পৰীক্ষা কৰাৰ সুবিধা লাভ কৰিব । আনহাতে মুখ্যতঃ জুই জ্বলা আৰু অন্যান্য দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ৰোগীসকলে বিশেষ চিকিৎসা লাভ কৰিব । যিহেতু অগ্নিকাণ্ডত আহত লোকসকলক চৰ্মৰ প্ৰয়োজন হয় ।

ৰাজকোট অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলে চৰ্মৰ সুবিধা লাভ কৰিব । ইয়াৰ লগতে, যদি কোনো ৰোগী ব্যক্তিগত চিকিৎসালয় বা ট্ৰাষ্টৰ চিকিৎসালয়ৰ পৰা চৰ্মৰ বাবে আহে, তেওঁলোকে কিন্তু চৰকাৰী হাস্পতালৰ ৰোগীৰ তুলনাত কম পৰিমাণে পাব ।

ৰাজকোট অসামৰিক চিকিৎসালয়ত এটা নতুন ভৱন নিৰ্মাণ কৰা হৈছিল, য'ত মহামাৰীৰ সময়ত ক'ভিড ৰোগীসকলৰ চিকিৎসা চলিছিল । ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে এতিয়া চৰ্ম বেংকটো আৰম্ভ কৰা হ'ব (Gujarat first government skin bank will start soon)। ইতিমধ্যে কৰ্মচাৰীসকলে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিছে । লগতে, যন্ত্ৰপাতিসমূহো চিকিৎসালয়লৈ অনা হৈছে ।

ইয়াৰ মাজতে চৰ্ম বেংকটো আহমেদাবাদ, চুৰাট আৰু গান্ধীনগৰৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে পৰিদৰ্শন কৰে । বেংকটোৰ প্ৰয়োজনীয় বিভিন্ন দিশ দলটোৱে পৰ্যালোচনা কৰে । দলটোৱে পৰদৰ্শন কৰাৰ পাছতে চৰ্ম বেংকটোৰ বাবে প্ৰয়োজনীয় চৰকাৰী প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে । চৰ্ম বেংকটো জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

চৰকাৰী চৰ্ম বেংকটো আৰম্ভ হোৱাৰ কথা জনাৰ পাছতে ৰাজ্যবাসীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । চৰকাৰৰ এই পদক্ষেপক বহুতে আদৰণিও জনাইছে ।

লগতে পঢ়ক :Tihar jail Inquiry Committee reports : তিহাৰ কাৰাগাৰৰ বহু স্থানত এতিয়াও নাই চিচিটিভি কেমেৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.