নেশ্যনেল ডেস্ক,১০ জুন : গুজৰাট এটিএছৰ এক সফল অভিযান (ATS operation)। অভিযানকাৰী দলটোৱে এটা সন্ত্ৰাসবাদী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় । সূত্ৰৰ মতে ধৃত লোককেইজন আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত (4 arrested connected with IS Terror Group)। তথ্য লাভ কৰাৰ পাছতে এটিএছৰ আইজিকে ধৰি শীৰ্ষ বিষয়াসকলৰ এটা কনভয় পোৰবন্দৰত উপস্থিত হয় ।
সন্ত্ৰাসবাদী সংগঠন আইএছকেপিৰ সৈতে জড়িত এগৰাকী মহিলাক চুৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা হয় (Woman connected with ISKP arrested)। এটিএছয়ে আৰক্ষীৰ সহায়ত লালগেট অঞ্চলৰ পৰা সুমেৰা নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । মহিলাগৰাকীক পোৰবন্দৰলৈ লৈ যোৱা হয় ।
ইফালে মহিলাগৰাকীক এটিএছয়ে প্ৰায় ৬ ঘণ্টা ধৰি জেৰা চলাইছিল । জানিব পৰা মতে এটিএছ আৰু চুৰাট অপৰাধ শাখাই অনুসন্ধানটো চলাইছিল । মহিলাগৰাকীৰ আঢ়ৈ বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল । মহিলাগৰাকীৰ দুটা সন্তানো আছে । সূত্ৰৰ মতে মহিলাগৰাকীয়ে প্ৰথমে ইৰাণ আৰু তাৰ পাছত আফগানিস্তানলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । ইফালে সেই দেশবোৰত প্ৰশিক্ষণ লাভ কৰাৰ পাছত পুনৰ ভাৰতলৈ বা আন দেশলৈ যোৱাৰো সম্ভাৱনা আছিল বুলি সূত্ৰই উল্লেখ কৰে ।
মহিলাগৰাকী দক্ষিণ ভাৰতত বিবাহপাশত আবদ্ধ হৈছিল । তেওঁৰ পৰিয়ালৰ এজন সদস্য চৰকাৰী কৰ্মচাৰী বুলিও জানিব পৰা গৈছে । গুজৰাট এটিএছয়ে পোৰবন্দৰৰ পৰা সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট অফ খোৰাশান প্ৰদেশৰ সৈতে জড়িত আন তিনিজন লোককো আটক কৰিছে । জেৰাৰ সময়ত তেওঁলোকে এই মহিলাগৰাকীৰ নাম উল্লেখ কৰিছে আৰু তেওঁলোকৰ পৰা কিছু তথ্য লাভ কৰাৰ সম্ভাৱনা আছে । সুমেৰাৰ পৰা ৪ টা মোবাইল ফোন জব্দ কৰা হৈছে । মহিলাগৰাকী কেনেকৈ সন্ত্ৰাসবাদী সংগঠনটোৰ সংস্পৰ্শলৈ আহিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
আন এক সূত্ৰৰ মতে গ্ৰেপ্তাৰ হোৱা ৪ জন আইএছআইএছ গোটৰ সদস্য (Gujarat ATS operation)। এটিএছৰ অভিযানৰ সময়ত বহুতো নিষিদ্ধ সামগ্ৰীও উদ্ধাৰ কৰা হৈছে । তেওঁলোক সকলোৱে যোৱা এবছৰ ধৰি ইজনে সিজনৰ সৈতে যোগাযোগত আছিল । জানিব পৰা মতে এটিএছৰ দলটো দীৰ্ঘদিন ধৰি পোৰবন্দৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত অভিযান চলাই আছিল । দুদিন পূৰ্বে গুজৰাট এটিএছৰ এটা দলে দ্বাৰকাত সামুদ্ৰিক অনুসন্ধান চলাইছিল । ইয়াৰ পূৰ্বে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই শেহতীয়াকৈ মধ্য প্ৰদেশত আইএছআইএছৰ সৈতে জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল ।
লগতে পঢ়ক :CM vigilance detained Lat Mondol: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পুনৰ লাট মণ্ডল