নেশ্যনেল ডেস্ক, ১ আগষ্ট : ক'ভিড (Covid) পৰিস্থিতিৰ বাবে ভাৰতীয় অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছিল । কিন্তু শেহতীয়াকৈ দ্ৰুতগতিত পুনৰুদ্ধাৰ হোৱা দেখা গৈছে ভাৰতীয় অৰ্থনীতি । বিত্ত মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি জুলাই মাহত দেশখনৰ জিএছটি ৰাজহৰ (GST revenue) পৰিমাণ ১.১৬ লাখ কোটি টকাতকৈ অধিক । ই ২০২০ চনৰ জুলাই মাহত সংগ্ৰহ কৰা জিএছটি ৰাজহৰ তুলনাত ৩৩ শতাংশ অধিক ।
২০২০ চনৰ জুলাই মাহত সংগ্ৰহ কৰা সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আছিল ৮৭,৪২২ কোটি টকা । আনহাতে সেই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে আৰু এই বছৰৰ জুনত ইয়াৰ পৰিমাণ আছিল ৯২,৮৪৯ কোটি টকা । চলিত বছৰৰ জুলাই মাহত সংগ্ৰহ কৰা মুঠ জিএছটি ৰাজহ হৈছে ১,১৬,৩৯৩ কোটি টকা । ইয়াৰ ভিতৰত কেন্দ্ৰীয় জিএছটি (Central GST) হৈছে ২২,১৯৭ কোটি টকা, ৰাজ্যিক জিএছটি (State GST) ২৮,৫৪১ কোটি টকা, ইণ্টিগ্ৰেটেড জিএছটি (Integrated GST) ৫৭,৮৬৪ কোটি টকা আৰু উপকৰ (cess) হৈছে ৭,৭৯ কোটি টকা ।
ইয়াত অন্তৰ্ভূক্ত আছে ১ ৰ পৰা ৩১ জুলাইৰ ভিতৰত দাখিল কৰা জিএছটি ৰিটাৰ্ণ আৰু লগতে একে সময়ৰ বাবে আমদানিৰ পৰা সংগ্ৰহ কৰা আইজিএছটি আৰু উপকৰ । জুলাই মাহটোত সামগ্ৰীৰ আমদানিৰ পৰা ৰাজহ ৩৬ শতাংশ অধিক সংগ্ৰহ কৰা হৈছে আৰু ঘৰুৱা লেনদেনৰ পৰা সংগ্ৰহ (সেৱা আমদানি সহ) যোৱা বছৰৰ জুলাই মাহতকৈ ৩২ শতাংশ অধিক ।
বিত্ত মন্ত্ৰালয়ে জনোৱা মতে, জিএছটি সংগ্ৰহৰ (GST collection) ক্ষেত্ৰত একেৰাহে আঠ মাহৰ বাবে ১ লাখ কোটি টকাৰ ওপৰত আছিল যদিও জুন মাহত ই কিছু হ্ৰাস পাইছিল । কিয়নো ২০২১ ৰ মে'ত বেছিভাগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক'ভিডৰ বাবে সম্পূৰ্ণ বা আংশিক লকডাউনৰ অধীনত আছিল । কিন্তু ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ লগে লগে জুলাই মাহত জিএছটি ৰাজহ সংগ্ৰহ পুনৰ ১ লাখ কোটিৰ ওপৰলৈ গৈছে সেয়ে দেশৰ অৰ্থনীতি দ্ৰুতগতিত পুনৰুদ্ধাৰ হৈছে বুলি আশা কৰিছে বিত্ত বিভাগে । বিত্ত বিভাগে ধাৰণা কৰা মতে এই ৰাজহৰ পৰিমাণ অনাগত মাহবোৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :প্ৰতিষেধকৰ নাটনিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী