ETV Bharat / bharat

Aviation hub in India : দেশক বিমান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা চৰকাৰৰ - দেশক বিমান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা চৰকাৰৰ

ৰাজ্যসভাত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙৰ (MoS V K Singh in Rajya Sabha)। তেওঁৰ মতে চৰকাৰে দেশত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰিছে । ইতিমধ্যে চৰকাৰে বিমানবন্দৰ আৰু বিমান সেৱাৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ।

Aviation hub in India
দেশক বিমান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা চৰকাৰৰ
author img

By

Published : Feb 13, 2023, 7:35 PM IST

নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় চৰকাৰে ভাৰতক বিমান কেন্দ্ৰ হিচাপে গঢ়ি তুলিব । এই মন্তব্য কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙৰ । ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দেশক বিমান কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে (Govt working to set up aviation hub in India)। লগতে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনাও কৰিছে চৰকাৰে ।

ৰাজ্যসভাত এক লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বিমান সেৱা আৰু বিমানবন্দৰৰ মাজত "সমন্বয়" আনিবলৈ দুয়োপক্ষৰ সৈতে আলোচনা কৰা হৈছে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অংশীদাৰসকলৰ সৈতে আলোচনা কৰিছে আৰু ভাৰতক বিমান পৰিবহণৰ কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ বিমান উদ্যোগক একত্ৰিত হ'বলৈ কৈছে (MoS V K Singh in Rajya Sabha)।

বিমান পৰিবহণ কেন্দ্ৰ স্থাপনৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে বৰ্ণনা কৰি সিঙে লগতে কয় যে, এয়াৰলাইনসমূহে বহল আকাৰৰ বিমান অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকৰ ফ্লীটৰ আকাৰ বৃদ্ধি কৰিছে ।

সিঙে কয় যে, বিমানবন্দৰসমূহে স্থানান্তৰ আৰু নিম্নতম সংযোগৰ সময় হ্ৰাস কৰিবলৈ তেওঁলোকৰ আন্তঃগাঁথনি উন্নত কৰি আছে । তেওঁ লগতে কয় যে বিমানবন্দৰসমূহে নতুন প্ৰযুক্তি যেনে স্বয়ংক্ৰিয় যাত্ৰী মুভাৰ প্ৰণালী (Automated People Mover systems), ভিৰ ব্যৱস্থাপনাৰ বাবে বিশেষ ব্যৱস্থা (intelligent solutions for congestion management) আদিৰ অন্বেষণ কৰি আছে ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ ভিতৰত আছে, দুয়োৰে মাজত সমন্বয় আনিবলৈ বিমান সেৱা আৰু বিমানবন্দৰৰ সৈতে আলোচনা কৰা । এয়াৰলাইনছে বহল বডী এয়াৰক্ৰাফ্ট অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকৰ ফ্লীটৰ আকাৰ বৃদ্ধি কৰা । স্থানান্তৰৰ সময় / নিম্নতম সংযোগৰ সময় হ্ৰাস কৰিবলৈ বিমানবন্দৰবোৰে তেওঁলোকৰ আন্তঃগাঁথনি উন্নত কৰা । স্বয়ংক্ৰিয় যাত্ৰী মুভাৰ প্ৰণালী, ভিৰ ব্যৱস্থাপনাৰ বাবে সমাধানৰ দৰে বিমানবন্দৰসমূহে নতুন প্ৰযুক্তি অন্বেষণ কৰা ।

ইফালে বিগত মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৈছিল যে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ বিমান বজাৰ হৈ পৰিছে আৰু লগতে কৈছিল যে দেশৰ বিমানবন্দৰৰ সংখ্যা ২০১৪ চনত ৭৪ ৰ পৰা বৰ্তমান ১৪৭ লৈ বৃদ্ধি পাইছে (Total airports in India)।

লগতে পঢ়ক :Surajkund Mela 2023: হাৰিয়ানাৰ মেলাত মেঘালয়ৰ শিল্প-কলাৰ সমাদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.