ETV Bharat / bharat

80 শতাংশলৈ হ্ৰাস পালে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা Patent fees

শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা patent fees 80 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷ মিছন আত্মনিৰ্ভৰ ভাৰত(Mission Aatmanirbhar Bharat)ক আগুৱাই নিয়া পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা patent filing আৰু processing মাচুল 80 শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

author img

By

Published : Sep 23, 2021, 9:56 PM IST

Govt reduces patent fees for educational institutions by 80%
80 শতাংশলৈ হ্ৰাস পালে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা patent fees

নেশ্যনেল ডেস্ক , 23 ছেপ্টেম্বৰ : মিছন আত্মনিৰ্ভৰ ভাৰত(Mission Aatmanirbhar Bharat)ক আগুৱাই নিয়া পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা patent filing আৰু processing মাচুল 80 শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ৷ এই সন্দৰ্ভত প্ৰকাশিত এক বিজ্ঞপ্তি অনুসৰি, patent rules সংশোধন কৰি এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ৷

উল্লেখ্য যে, পূৰ্বে চৰকাৰৰ মালিকানাধীন সকলো স্বীকৃত শিক্ষানুষ্ঠানৰ বাবে এই সুবিধা উপলব্ধ আছিল ৷ শেহতীয়াকৈ উদ্ভাৱন আৰু সৃজনশীলতাক গুৰুত্ব প্ৰদান কৰি ভাৰতে ইয়াৰ intellectual property ecosystem শক্তিশালী কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ উদ্ভাৱনৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগে উদ্যোগ আৰু শিক্ষাৰ মাজত অধিক সহযোগিতা বৃদ্ধিৰ দিশতো কাম কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ শিক্ষানুষ্ঠানসমূহত কৰা গৱেষণাৰ বাণিজ্যিকীকৰণৰ সুবিধা প্ৰদান কৰি এই লক্ষ্য প্ৰাপ্ত কৰিব পাৰি ৷

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মতে এই প্ৰতিষ্ঠানসমূহ বহুতো গৱেষণা কাৰ্যকলাপত জড়িত থাকে, য'ত অধ্যাপক, শিক্ষক আৰু শিক্ষাৰ্থীসকলে বহুতো নতুন প্ৰযুক্তি সৃষ্টি কৰে যাক ইয়াৰ বাণিজ্যিকীকৰণৰ সুবিধাৰ বাবে পেটেন্ট কৰাৰ প্ৰয়োজনীয়তা আছে ৷

মন্ত্ৰণালয়ে কয় যে, পেটেন্টৰ বাবে আবেদন কৰাৰ সময়ত, উদ্ভাৱকসকলে বৃহৎ আবেদনকাৰীসকলৰ বাবে মাচুল পৰিশোধ কৰিব লগা প্ৰতিষ্ঠানবোৰৰ নামত এই পেটেন্টৰ বাবে আবেদন কৰিব লাগিব ৷ এই পৰিমাণ অতি বেছি হোৱা বাবে কোনো সময়ত নিৰুৎসাহৰ কাৰণ হৈ পৰে ৷

সেয়ে দেশৰ উদ্ভাৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শিক্ষা প্ৰতিষ্ঠানসমূহৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰিবলৈ, Patents Rules, 2003ৰ অধীনত বিভিন্ন আইনৰ সন্দৰ্ভত তেওঁলোকে পৰিশোধ কৰিব লগা চৰকাৰী মাচুল, 2021 চনৰ 21 ছেপ্টেম্বৰত কাৰ্যকৰী হোৱা Patents (Amendment) Rules, 2021ৰ জৰিয়তে হ্ৰাস কৰা হৈছে।

লগতে পঢ়ক : আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱসৰ তাৎপৰ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.