নিউজ ডেস্ক, 27 মে’ : ভাৰতত কৰ’ণা প্ৰতিষেধকৰ সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই বৃহস্পতিবাৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ ভাষাৰে কটাক্ষ কৰে ৷ কংগ্ৰেছ সম্পাদিকাগৰাকীয়ে দেশত প্ৰতিষেধকৰ অভাৱ হোৱাত আশ্চৰ্য প্ৰকাশ কৰে ৷ তেওঁ ভাৰত প্ৰতিষেধকৰ অন্যতম নিৰ্মাতা হোৱা স্বত্বেও কিয় দেশত প্ৰতিষেধকৰ অভাৱৰ সন্মুখীন হ’ব লগীয়া হৈছে চৰকাৰক প্ৰশ্ন কৰে ৷ প্ৰিয়ংকাই লগতে চৰকাৰে এই বিষয়ত জনসাধাৰণক উত্তৰ দিব লাগিব বুলি দাবী কৰে ।
প্ৰিয়ংকা গান্ধী বাদ্ৰাই তেওঁৰ টুইটাৰত 33 ছেকেণ্ডৰ ভিডিঅ' শ্বেয়াৰ কৰি কয় যে, ভেকছিনৰ অন্যতম আগশাৰীৰ নিৰ্মাতা ভাৰতত কিয় ইয়াৰ অভাৱৰ সন্মুখীন হৈছে ? ভাৰতত কিয় 2021 চনৰ জানুৱাৰীত প্ৰথম প্ৰতিষেধকৰ অনুমতি দিয়া হৈছিল, য’ত অন্য দেশবোৰে 2020 চনৰ গ্ৰীষ্মকালত প্ৰতিষেধকৰ অনুমতি দিছিল ? তেওঁ লগতে চৰকাৰক অন্য দেশলৈ ছয় কোটি প্ৰতিষেধক ৰপ্তানি কৰাৰ সন্দৰ্ভত প্ৰশ্ন কৰে । কংগ্ৰেছ সম্পাদিকা গৰাকীয়ে লগতে কয়, ভাৰত চৰকাৰৰ ওচৰত ভাৰতৰ জনসাধাৰণৰ প্ৰশ্নৰ উত্তৰ আছে ৷ আমি প্ৰশ্নবোৰ সুধিব লাগিব আৰু তেওঁলোকে উত্তৰ দিব লাগিব ।
প্ৰিয়ংকাই লগতে দেশত ভেকছিনৰ অভাৱৰ বাবে দায়বদ্ধ কোন বুলি প্ৰশ্ন কৰে ৷ প্ৰধানমন্ত্ৰীয়ে টিকাকৰণৰ পৰিকল্পনাৰ সৈতে সাজু আছে বুলি উল্লেখ কৰাৰ পাছতো কিয় কেৱল 1.60 কোটি প্ৰতিষেধকৰ অনুমতি দিয়া হৈছিল প্ৰশ্ন কৰে ৷ তেওঁ লগতে ভাৰতীয় মূল্যত প্ৰতিষেধক ৰপ্তানি কৰা আৰু ভাৰত প্ৰতিষেধকৰ সৰ্ববৃহৎ নিৰ্মাতা হোৱা সত্বেও আমদানি কৰিব লগা হোৱাৰ বাবে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ প্ৰিয়ংকাই লগতে কয় যে, ভাৰতৰ মানুহে এইবোৰ প্ৰশ্ন চৰকাৰক সুধিব বিচাৰে । ক’ভিডৰ দ্বিতীয় ঢৌত ভাৰতৰ বহু লোক আক্ৰান্ত হৈছে । সোমবাৰে ভাৰতত ক’ৰণা সংক্ৰমণৰ ফলত প্ৰায় মৃত্যু হোৱা লোকৰ হাৰ তিনি লাখ অতিক্ৰম কৰিছে ৷ ইয়াৰ লগতে ভাৰত আমেৰিকা যুক্তৰাজ্য আৰু ব্ৰাজিলৰ পিছত তিনি লাখ লোকৰ মৃত্যুৰ হাৰ অতিক্ৰম কৰা বিশ্বৰ তৃতীয়খন দেশত পৰিণত হৈছে ।
লগতে পঢ়ক : নাৰদা গোচৰ: আজি আদালতত চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিনৰ শুনানি