ETV Bharat / bharat

50 ৰ সলনি 65 শতাংশ যাত্ৰী কঢ়িয়াব পৰিব ঘৰুৱা বিমানে

author img

By

Published : Jul 6, 2021, 10:24 AM IST

সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা বিমানসমূহৰ যাত্ৰীৰ সংখ্যা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে ৷ বিবৃতিত প্ৰকাশ কৰা অনুসৰি এতিয়াৰে পৰা সকলো ঘৰুৱা বিমানে 65 শতাংশ যাত্ৰীৰে যাত্ৰা কৰিব পাৰিব ৷

NAT_Govt allows domestic airlines to increase capacity to 65_05072021_Tauseef
50ৰ সলনি 65 শতাংশ যাত্ৰী কঢ়িয়াব পৰিব ঘৰুৱা বিমানে

নেশ্যনেল ডেস্ক, 6 জুলাই : ঘৰুৱা বিমান (domestic airlines)সমূহক 65 শতাংশ যাত্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ সোমবাৰে আনুষ্ঠানিক বিবৃতিযোগে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে যাত্ৰীসকলৰ মাজত বিমানযাত্ৰাৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে পূৰ্বৰ 50 শতাংশ যাত্ৰীৰ সলনি এতিয়াৰে পৰা 65 শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব বুলি এই বিবৃতিখনত প্ৰকাশ কৰা হয় ৷ এই নীতি 5 জুলাইৰ পৰা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব ৷

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শেহতীয়াকৈ লোকসকলৰ মাজত বৃদ্ধি পোৱা বিমান যাত্ৰা (air travel)ৰ সমান্তৰালকৈ ঘৰুৱা বিমানসমূহৰ কাৰ্য-কলাপ নিৰীক্ষণৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বিগত সপ্তাহত কম যাত্ৰীৰ বাবে ঘৰুৱা বিমানসমূহে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ (Ministry of Civil Aviation)তথ্য অনুসৰি 3 জুলাই মুঠ 1,58,623 গৰাকী যাত্ৰীয়ে 1,836 খন বিমানেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰে ৷

বিগত বৰ্ষৰ 25 মে’ত বিমানবন্দৰসমূহ পুনৰ কাৰ্যক্ষম হোৱাৰ পিছত বিগত বৰ্ষৰ তুলনাত ঘৰুৱা যাত্ৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ ফেব্ৰুৱাৰীলৈ 64 শতাংশ হয়গৈ ৷ কিন্ত ক’ভিডৰ দ্বিতীয় ঢৌৰ ফলত চলিত বৰ্ষৰ এপ্ৰিলত এই সংখ্যা 28 শতাংশলৈ হ্ৰাস পাই হয় 1.78 লাখ ৷ ইয়াৰ বিপৰীতে 1 মে’ৰ পৰা 16 মে’ৰ ভিতৰত এই সংখ্যা পুনৰ বৃদ্ধি হৈ 56 শতাংশ হয়গৈ ৷

উল্লেখ্য যে, বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ ফলত দেশজুৰি ঘোষণা কৰা লক ডাউনৰ সময়ত সকলো ধৰণৰ ঘৰুৱা বিমানৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল ৷ যাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় বিমান কোম্পানীসমূহে ৷ অৱশেষত 25 মে’ত অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিমবংগক বাদ দি সকলো ঘৰুৱা বিমানবন্দৰ পুনৰ খোলা হয় ৷

যদিও বিমান চলাচল পুনৰ আৰম্ভ কৰা হয় কিন্তু বিমান বন্দৰত সামাজিক দূৰত্ব পালনৰ লগতে বিমানসমূহতো কেৱল 50 শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব বুলি নিয়ম বান্ধি দিছিল কেন্দ্ৰীয় চৰকাৰে ৷ 5 জুলাইত প্ৰকাশ পোৱা কেন্দ্ৰীয় চৰকাৰৰ এই বিবৃতিখনে এতিয়া এয়াৰলাইনছ সমূহক কিছু পৰিমাণে হ’লেও সকাহ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক- এতিয়াৰে পৰা সহজেই ছবিৰ দৃশ্য গ্ৰহণ কৰিব পাৰিব দাৰ্জিলিঙত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.