ETV Bharat / bharat

Government school principal murder: হাতুৰীৰে কোবাই কোবাই শিক্ষকক হত্যা

প্ৰেয়সীক আমনি কৰিছিল বিদ্যালয়ৰ অধ্যক্ষই ৷ প্ৰেমিকে হাতুৰীৰে কোবাই হত্যা কৰি ল’লে প্ৰতিশোধ (Government school principal murder) ৷ আৰক্ষীৰ আগত হত্যাকাৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ৷

author img

By

Published : Dec 16, 2022, 7:00 PM IST

Government school principal murder
Government school principal murder

নিউজ ডেস্ক, 16 ডিচেম্বৰ: হথোৰা ত্যাগী, জনপ্ৰিয় হিন্দী ৱেব চিৰিজ ‘পাতাল লোক’ (Web series Paatal Lok) যদি আপুনি চাইছে তেন্তে এই চৰিত্ৰটো আপোনাৰ চিনাকী ৷ হাতুৰীৰে কোবাই মানুহ মৰাৰ বাবেই এজন যুৱকৰ নাম হৈ পৰিছিল হাথোৰা ত্যাগী (Patal Lok Hathora Tyagi) ৷ চিনেমাত নহয়, এইবাৰ বাস্তৱত আবিৰ্ভাৱ হৈছে এজন হাথোৰা ত্যাগীৰ ৷ হাতুৰীৰে কোবাই এজন যুৱকে অতি নিৰ্মমভাৱে হত্যা কৰিলে এগৰাকী শিক্ষকক (Government school principal murder) ৷

ঘটনাৰ স্থান ছত্তীশগড়ৰ বিলাসপুৰ ৷ যুৱকৰ হাতত প্ৰাণ হেৰুওৱা লোকজনৰ বয়স 61 বছৰ আৰু পেছাগতভাৱে এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষ ৷ বৃহস্পতিবাৰে নিশা যুৱকজনে হত্যা কৰে শিক্ষকজনক ৷ ঘৰত সোমাই লোকজনক অতি নৃশংসভাৱে হত্যা কৰে যুৱকজনে (principal murder in Tarbahar Bilaspur) ৷ হত্যাৰ পাচতে যুৱকজনে পলায়ন কৰে সেই স্থানৰ পৰা ৷ এই হত্যাকাণ্ডই স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

কেনেকৈ হৈছিল হত্যাকাণ্ডটো: বৃহস্পতিবাৰৰ নিশাৰ কথা, নিজৰ ঘৰৰ চৌহতে পায়চাৰি কৰি আছিল পচপড়ী চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ শ্ৰীবাস্তৱে ৷ সেই সময়তে আক্ৰমণকাৰী যুৱকজন উপস্থিত হয় শ্ৰীবাস্তৱৰ ঘৰত ৷ প্ৰথমেই দুয়োৰে মাজত সূত্ৰপাত হয় বিবাদৰ ৷ তাৰ পাচতেই যুৱকজনে এখন ব্লেডেৰ শিক্ষকজনক আক্ৰমণ কৰে ৷ তাতেই ক্ষান্ত নাথাকি এটা হাতুৰীৰে শিক্ষকজনক মূৰত প্ৰহাৰ কৰে হত্যাকাৰীয়ে ৷ ফলত শিক্ষকজনৰ মৃত্যু হয় ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা যুৱকজনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

কিয় হত্যা কৰা হ’ল শিক্ষকজনক: হত্যাকাৰী যুৱকজনৰ নাম উপেন্দ্ৰ কৌশিক ৷ আৰক্ষীৰ আগত যুৱকজনে দিয়া স্বীকাৰোক্তি অনুসৰি, দীৰ্ঘদিন ধৰি শিক্ষক শ্ৰীবাস্তৱে হাৰাশাস্তি কৰি আহিছিল উপেন্দ্ৰৰ প্ৰেয়সীক (Bilaspur crime news) ৷ শিক্ষক হোৱাৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰি যুৱতীগৰাকীক বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰিছিল প্ৰদীপ শ্ৰীবাস্তৱে ৷ এই বিষয়ে জানিব পাৰি শিক্ষকজনক এইদৰে অতি নিৰ্মমভাৱে হত্যা কৰে উপেন্দ্ৰ কৌশিকে ৷ আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Gangster case against Mukhtar Ansari: গেংষ্টাৰ মুখতাৰ আনছাৰীক ১০ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.