ETV Bharat / bharat

Google to invest in India : গুগলে ভাৰতত বিনিয়োগ কৰিব ১০ বিলিয়ন আমেৰিকান ডলাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাত বিশ্বৰ বহুতো ডাঙৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু স্বত্বাধিকাৰীসকলক সাক্ষাৎ কৰিছিল । সেই সময়ছোৱাত তেওঁ ভাৰতীয়মূলৰ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইকো সাক্ষাৎ কৰে । গুগলে ভাৰতত বিনিয়োগৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে সুন্দৰে পিচাইয়ে ।

Google to invest in India
গুগলে ভাৰতত বিনিয়োগ কৰিব ১০ বিলিয়ন আমেৰিকান ডলাৰ
author img

By

Published : Jun 24, 2023, 10:45 AM IST

নেশ্যনেল ডেস্ক,২৪ জুন : গুগলে ভাৰতৰ ডিজিটাইজেচন ফাণ্ডত ১০ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে । শুকুৰবাৰে ৱাশ্বিংটন ডিচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পাছত গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে এই বৃহৎ ঘোষণা কৰে । সুন্দৰ পিচাইয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগীৰে প্ৰস্তুত কৰা ভাৰতৰ ডিজিটেল ইণ্ডিয়া আন দেশৰ বাবে এক ব্লুপ্ৰিণ্টৰ দৰে ।

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পাছত পিচাইয়ে কয় যে ঐতিহাসিক আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাটো এক সন্মানৰ বিষয় । তেওঁ প্ৰধানমন্ত্ৰীক কৈছিল যে গুগলে ভাৰতৰ ডিজিটাইজেচন ফাণ্ডত ১০ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিব । তেওঁ লগতে উৎসাহিত যে গুগলে গুজৰাটৰ গিফ্ট চিটিত গোলকীয় ফিনটেক অপাৰেচন চেণ্টাৰ মুকলি কৰিছে । গুজৰাট ইণ্টাৰনেচনেল ফাইনেন্স টেক-চিটি হৈছে ভাৰতৰ গুজৰাটৰ গান্ধীনগৰ জিলাত নিৰ্মীয়মাণ এক কেন্দ্ৰীয় ব্যৱসায়িক জিলা ।

  • #WATCH | Google CEO Sundar Pichai after meeting PM Modi, says "It was an honour to meet PM Modi during the historic visit to the US. We shared with the Prime Minister that Google is investing $10 billion in India's digitisation fund. We are announcing the opening of our global… pic.twitter.com/ri42wI3Adv

    — ANI (@ANI) June 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পাছত পিচাইয়ে কয় যে ডিজিটেল ইণ্ডিয়াৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী সময়ৰ বহু পূৰ্বেই চিন্তাৰ বিষয় । ২০০৪ চনত গুগলত যোগদান কৰা ভাৰতীয়মূলৰ পিচাই ২০১৫ চনত কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছিল । প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক চিইঅ' হিচাপে নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনাইছিল ।

সুন্দৰ পিচাইয়ে যোৱা বছৰ ডিচেম্বৰত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল । তেওঁ তেতিয়া কৈছিল যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত প্ৰযুক্তিগত পৰিৱৰ্তনৰ দ্ৰুত গতি দেখি অনুপ্ৰেৰণা হৈছে । গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া পিচাইয়ে কয় যে তেওঁ সকলোৰে বাবে কাম কৰা আৰু ভাৰতৰ জি-২০ অধ্যক্ষতাক সমৰ্থন কৰা এক মুক্ত ইণ্টাৰনেট আগবঢ়োৱাৰ বাবে শক্তিশালী অংশীদাৰিত্ব অব্যাহত ৰাখিবলৈ আশাবাদী ।

উল্লেখ্য যে আমেৰিকা ভ্ৰমণৰ সময়ত হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যিক নৈশভোজত অংশগ্ৰহণ কৰে । সেই সময়ত তাত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ উপৰিও বিশ্বৰ বিভিন্ন শীৰ্ষ উদ্যোগপতিও উপস্থিত থাকে ।

লগতে পঢ়ক :PM Modi leaves for Egypt : আমেৰিকাৰ পৰা ইজিপ্তলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.