ETV Bharat / bharat

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

author img

By

Published : Nov 5, 2020, 4:01 PM IST

বিশ্বজুৰি COVID-19ত আক্ৰান্তৰ সংখ্যা বৰ্তমান ৪,৮৪,২২,০১৩ জন। মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ১২,৩০,৭৮৬ গৰাকীৰো অধিক লোকে। মাৰ্কিন যুক্তৰাষ্ট্ৰত ২ লাখৰো অধিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ পিছতে ব্ৰাজিল, ভাৰত, মেক্সিকো আৰু ব্ৰিটেইন অধিক সংক্ৰমণ হোৱা দেশৰ তালিকাত আছে।

COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ: কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰিছে। বিশ্বজুৰি প্ৰাণঘাতী মহামাৰীৰ কবলত পৰিছে ৪,৮৪,22,013 জনৰো অধিক লোক । এতিয়ালৈকে ১২,৩০,৭৮৬ গৰাকীৰো অধিক ৰোগীৰ মৃত্যু হৈছে। আনহাতে, ৩,৪৬,৭১,৪৮৫ৰো অধিক লোক সুস্থ হৈ উঠিছে । ৯৮,০১,৩৫৫ জন আক্ৰান্তৰে আটাইতকৈ বেছি সংক্ৰমণ হোৱা দেশৰ শীৰ্ষ স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দেশখনত ২,৩৯,৮২৯ৰো অধিক ৰোগীৰ মৃত্য়ু হৈছে ।

মহামাৰীৰ সংক্ৰমণে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো ব্য়াপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । ভাৰতত ৮৩,৬৩,৪১২ জনতকৈও অধিক লোক COVID-19ত আক্ৰান্তত হৈছে আৰু ১,২৪,৩৫৪ গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । এই পৰিসংখ্যাৰে সৰ্বাধিক সংক্ৰমণ হোৱা দেশৰ তালিকাত দ্বিতায় স্থানত আছে ভাৰত । ব্ৰাজিল, মেক্সিকো আৰু ব্ৰিটেইনো অধিক সংক্ৰমণ হোৱা দেশৰ তালিকাত আছে । বহুকেইখন ইউৰোপীয় দেশত মহামাৰীৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে। সংক্ৰমণ ৰোধৰ বাবে ঠায়ে ঠায়ে লকডাউন ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক:পেৰিছ জৈৱ বৈচিত্ৰ্য চুক্তিৰ পৰা অব্যাহতি ল'লে আমেৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.