ETV Bharat / bharat

বৰ্ণবৈষম্য: দিল্লীৰ উদণ্ড যুৱকক কাণত ধৰিবলৈ বাধ্য কৰালে উত্তৰ-পূৱৰ যুৱতীয়ে - দিল্লীৰ ৰাজপথত উত্তৰ-পূৱৰ যুৱতীৰ সাহসিকতা

দিল্লীৰ হোজ খাজত উত্তৰ-পূৱৰ যুৱতীক উৎপীড়নৰ চেষ্টা এদল যুৱকৰ ৷ যুৱতীকেইগৰাকীয়ে ভিডিঅ' ৰেকৰ্ড কৰাৰ পাচত যুৱককেইজনে ক্ষমা বিচৰা দেখা গৈছে ৷ প্ৰশ্ন হয়, বিগত বৰ্ষত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছতো কিয় সলনি নহ’ল নিৰাপত্তা ব্যৱস্থা ? পুনৰ উত্তৰ-পূৱৰ যুৱতী কেনেদৰে হ’বলৈ পালে বৰ্ণবৈষম্যৰ বলি ?

NORTH EAST GIRLS MOLESTED
দিল্লীৰ ৰাজপথত পুনৰ জৰ্জৰিত উত্তৰ-পূৱৰ যুৱতী
author img

By

Published : Jul 22, 2021, 6:58 PM IST

Updated : Jul 22, 2021, 7:48 PM IST

নিউজ ডেস্ক, 22 জুলাই : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ ৰাজপথত মুঠেও সুৰক্ষিত নহয় মহিলা-যুৱতী ৷ এয়া আজিৰ কথা নহয় ৷ ভালদৰে সংবাদ মাধ্যমৰ শিৰোনামলৈ মন কৰিলে দেখা যাব যে, বিগত সময়ছোৱাত ৰাজধানী দিল্লীৰ ৰাজপথত বহুবাৰ নিৰ্যাতিত হৈছে উত্তৰ-পূৱৰ মহিলা-যুৱতী ৷ বিশেষকৈ মাজনিশা বাহিৰলৈ ওলোৱা যুৱতী-মহিলাৰ ক্ষেত্ৰত এনে ঘটনা সহজলভ্য হৈ পৰিছে দিল্লীত ৷

কিন্তু এইবেলি তাৰ ব্যতিক্ৰম ঘটা পৰিলক্ষিত হ’ল ৷ উদণ্ড যুৱকৰ এটা দলক ক্ষমা খুজিবলৈ বাধ্য কৰাই দুগৰাকী উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীয়ে দিলে সাহসিকতাৰ পৰিচয় ৷ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথত পুনৰ নিৰ্যাতিত উত্তৰ-পূৱৰ কন্যা ৷ দিল্লীত বাৰে বাৰে দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত হয় উত্তৰ-পূৱৰ কন্যা ৷

চন 2020, দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছত উত্তৰ-পূৱৰ যুৱতীলৈ লক্ষ্য কৰি দুৰ্বৃত্তই দলিয়াইছিল পানী বেলুন ৷ কেৱল সিমানেই নহয়, ক’ৰণা ভাইৰাছ বুলি দুৰ্বৃত্তই মন্তব্য কৰিছিল যুৱতী দুগৰাকীক ৷ এয়া বৰ্ণ বৈষম্যৰ আক্ৰমণ ৷

দিল্লীৰ ৰাজপথত পুনৰ জৰ্জৰিত উত্তৰ-পূৱৰ যুৱতী

কিন্তু এই আক্ৰমণ ইমানতেই সমাপ্ত নহ’ল ৷ দিল্লীত পুনৰ বৰ্ণ বৈষম্যৰ বলি হ’ল দুগৰাকী উত্তৰ-পূৱৰ যুৱতী ৷ এইবাৰ নিশাৰ ৰাজপথত দুগৰাকী যুৱতীক এটা দলক অশ্লীল ইংগিত প্ৰদান কৰি অপদস্থ কৰিলে যুৱকৰ এটা দলে ৷ লগে লগে যুৱতী দুগৰাকীয়ে ভাইৰেল কৰিলে যুৱক কেইজনৰ ভিডিঅ’ ৷

তৎক্ষণাত ON CAMERA ক্ষমা খুজিলে যুৱকৰ দলটোৱে ৷ এই ঘটনাৰ পাচতে দিল্লী মহিলা আয়োগে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ লগতে বিষয়টো সন্দৰ্ভত আয়োগে দিল্লী আৰক্ষীলৈ জাৰি কৰিছে জাননী ৷ লগতে আয়োগৰ অধ্যক্ষ স্বাতী পালিৱালে বিষয়টো যথেষ্ট গুৰুতৰ বুলি আখ্যা দিয়ে ৷ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে পালিৱালে ৷

প্ৰশ্ন হয় এইবাৰ এই গোচৰৰ উচিত তদন্ত হ’বনে ? বিগত বৰ্ষত অনুৰূপ ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো কিয় পুনৰ উত্তৰ-পূৱৰ যুৱতীৰ সৈতে পুনৰাই হ’বলৈ পালে এনে আক্ৰমণ ? কি স্থিতি ল’ব আৰক্ষী-প্ৰশাসনে ?

লগতে পঢ়ক: পুনৰ দিল্লীত উৎপীড়নৰ বলি উত্তৰ-পূৱৰ যুৱতী

Last Updated : Jul 22, 2021, 7:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.