ETV Bharat / bharat

Rape in Hyderabad: হায়দৰাবাদত নিচাগ্ৰস্ত যুৱকে ধৰ্ষণ কৰিলে কিশোৰীক - Chhathrinaka police station

হায়দৰাবাদৰ চন্দ্ৰযানগুট্টাত এক ধৰ্ষণ (Rape in Chandrayanagutta of Hyderabad)। নিচাগ্ৰস্ত যুৱকে ধৰ্ষণ কৰিলে কিশোৰীক । ইতিমধ্য়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ছত্ৰিনাকা থানাৰ আৰক্ষীয়ে ।

Rape in Chandrayanagutta
যুৱকে ধৰ্ষণ কৰিলে কিশোৰীক
author img

By

Published : Feb 8, 2023, 3:17 PM IST

নেশ্য়নেল ডেস্ক, ৮ ফেব্ৰুৱাৰী:ভাৰতীয় সংবিধানত মৰ্যাদা আৰু সন্মানসহ মানুহৰ জীয়াই থকাৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছে । কিন্তু নাৰীৰ ক্ষেত্ৰত সেইবোৰ যেন বাৰে বাৰে উলংঘা হৈছে । এতিয়া যুৱতীসকলৰ পৰা আৰম্ভ কৰি মধ্যবয়সীয়া আনকি কণ কণ ছোৱালীও পুৰুষৰ যৌন নিৰ্যাতনৰ পৰা সাৰি যাব নোৱাৰে । দেশৰ বিভিন্ন ঠাইত নিতৌ সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা । এইবাৰ নিচাগ্ৰস্ত যুৱকে ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক ।

হায়দৰাবাদৰ চন্দ্ৰযানগুট্টাত এক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে (Rape in Chandrayanagutta)। কেইজনমান নিচাগ্ৰস্ত যুৱকে ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক । ইতিমধ্য়ে এই ঘটনাত জড়িত পাঁচজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ছত্ৰিনাকা আৰক্ষী থানাৰ অন্তৰ্গত এই অঞ্চলটোত সংঘটিত ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Chhathrinaka police station)।

উল্লেখ্য় যে এই পুৰণি চহৰখনত এগৰাকী ১৫ বছৰীয়া কিশোৰীক যোৱা ৪ ফেব্ৰুৱাৰীত পাঁচজন অভিযুক্তই ধৰ্ষণ কৰিছিল । ঔষধ কিনিবলৈ দোকানলৈ যোৱাৰ সময়তেই এই ঘটনাটো সংঘটিত হয় । ঔষধ কিনিবলৈ দোকানলৈ যোৱাৰ সময়তেই তাত থকা এগৰাকী যুৱতীয়ে কিশোৰীগৰাকীক কম দামত ঔষধ দিব বুলি কয় । কিশোৰীগৰাকীয়ে তেওঁৰ কথাত ভোল গৈ যুৱতীগৰাকীৰ লগত যায় । যুৱতীগৰাকীয়ে তেওঁক কান্দিকাল বোয়াগুড়াৰ এটা ঘৰলৈ লৈ যায় । গাঞ্জা সেৱন কৰা তিনিজন যুৱক ইতিমধ্যে সেই ঘৰটোতেই আছিল ।

এই ঘৰটোতেই প্ৰথমে যুৱতীগৰাকীক গাঞ্জা সেৱন কৰিবলৈ বাধ্য হৈছিল । তাৰ পিছত তেওঁলোকে কোমল পানীয়ত সুৰা মিহলি কৰি তেওঁক পান কৰিবলৈ বাধ্য কৰিছিল । সেই সময়ত তিনিজন যুৱকে দুৰ্ব্যৱহাৰ কৰাত কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰে । সেই সময়ত সংগীতৰ শব্দ বৃদ্ধি কৰাত কোনো লোকে তেওঁৰ চিঞৰ শুনা নাছিল । লাহে লাহে কিশোৰীগৰাকী নিচাগ্ৰস্ত হোৱাৰ সময়ত দলবদ্ধ ধৰ্ষণ কৰে । ইয়াৰ পিছতেই কিশোৰীগৰাকী ঘৰলৈ আহি বিষয়টোৰ বিষয়ে তেওঁৰ মাতৃক অৱগত কৰে । কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ছত্ৰিনাকা আৰক্ষী থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰাত উপ আৰক্ষী আয়ুক্ত চাই চৈতন্যৰ নেতৃত্বত বিশেষ দল এটাই গুন্টুৰ জিলাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (DCP Sai Chaitanya)। এই তিনিজন যুৱকৰ উপৰি আন দুগৰাকী সহযোগীকে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:BJP Election Preparation: লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত তৃণমূল কৰ্মীৰে বৈঠক ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.