ETV Bharat / bharat

Students Suicide Attempt : শিক্ষকে কাপোৰ খুলিবলৈ দিয়াৰ কাৰণে আত্মজাহ ছাত্ৰীৰ

author img

By

Published : Oct 15, 2022, 11:40 AM IST

Updated : Oct 15, 2022, 11:51 AM IST

পৰীক্ষাত নকল কৰাৰ সন্দেহত এগৰাকী ছাত্ৰীক শিক্ষকে পৰীক্ষা হলতে কাপোৰ খুলিবলৈ বাধ্য কৰোৱাৰ বাবে আত্মজাহৰ ঘটনা সংঘটিত হৈছে (Girl sets herself on fire)৷

Girl sets herself on fire after being forced to strip by teacher in exam hall
শিক্ষকে কাপোৰ খুলিবলৈ দিয়াৰ কাৰণে আত্মজাহ ছাত্ৰীৰ

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ: ঝাৰখণ্ডৰ জামছেদপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা (Crime case in Jharkhand)৷ পৰীক্ষাত নকল কৰাৰ সন্দেহত এগৰাকী ছাত্ৰীক শিক্ষকে পৰীক্ষা হলতে কাপোৰ খুলিবলৈ কোৱাৰ বাবে আত্মজাহৰ ঘটনা সংঘটিত কৰে ছাত্ৰীগৰাকীয়ে (Girl sets herself on fire)৷

ঘটনা অনুসৰি শুকুৰবাৰে শাৰদামণি হাই স্কুলত (Sharda Mani High School )এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে পৰীক্ষা দি থকাৰ সময়তে তেওঁ নকল কৰা বুলি শিক্ষকে সন্দেহ কৰে (Girl allegedly copying during examination)৷ ফলত শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক সোধ পোছ কৰাত ছাত্ৰীগৰাকীয়ে নকল কৰাৰ অভিযোগ নস্যাৎ কৰে ৷

শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীৰ উত্তৰত সন্তুষ্ট নহৈ তেওঁক পৰীক্ষা হলতে পিন্ধি থকা বস্ত্ৰ খুলিবলৈ বাধ্য কৰোৱায় (Girl allegedly forced to strip by a teacher)৷ এই ঘটনাত বাৰুকৈয়ে অপদস্থ হয় ছাত্ৰীগৰাকী ৷

পৰীক্ষা শেষ কৰি ছাত্ৰীগৰাকীয়ে ঘৰলৈ উভতি যোৱাৰ পিছতে ছাত্ৰীগৰাকীয়ে নিজকে কোঠা বন্ধ কৰি ইউনিফৰ্মসহ গাত অগ্নি সংযোগ কৰি দিয়ে ৷ লগেলগে পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷

ঘৰৰ লোকে ছাত্ৰীগৰাকীক অৰ্ধদগ্ধ অৱস্থাত উদ্ধাৰ কৰি ততালিকে টাটা মেইন হাস্পতাললৈ (Tata Main Hospital ) প্ৰেৰণ কৰে ৷ হাস্পতাললৈ যোৱালৈকে ছাত্ৰীগৰাকীৰ শৰীৰৰ 80 শতাংশই অগ্নিদগ্ধ হৈছিল ৷ প্ৰাথমিক চিকিৎসাৰ পিছতে ছাত্ৰীগৰাকীক এম জি এম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ছাত্ৰীগৰাকী বৰ্তমান জীৱন মৰণৰ লগত যুঁজ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷

নিজ কন্যাৰ এনে কাণ্ডত পৰিয়ালৰ লোক হতবাক হৈ বন্ধু-বান্ধৱীৰ লগতে যোগাযোগ কৰাত পৰীক্ষাহলত হোৱা ঘটনাৰ কথা অৱগত হয় ৷ ইয়াৰ পিছতে খঙত অগ্নিশৰ্মা হৈ পৰিয়ালৰ লোকে শিক্ষকগৰাকীৰ বিৰুদ্ধে সীতীৰামডেৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ তেওঁলোকৰ কন্যাৰ এই অৱস্থাৰ আঁৰত শিক্ষকগৰাকী জগৰীয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীগৰাকীৰ অভিভাৱকে ৷ এই ঘটনাৰ সন্দৰ্ভত ওচৰ চুবুৰীয়া লোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে গৰজি উঠে ৷

সম্প্ৰতি এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ এগৰাকী শিক্ষকৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবে এগৰাকী ছাত্ৰীয়ে আত্মহহনৰ দৰে পথ বাচি লোৱাটো সঁচাকৈয়ে চিন্তনীয় বিষয় বুলি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: 5 killed by N Carolina shooter: আৰক্ষী বিষয়াকে ধৰি 5 গৰাকীক গুলীয়াই হত্যা

Last Updated : Oct 15, 2022, 11:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.