নেশ্য়নেল ডেস্ক, ১ অক্টোবৰ: জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (Former Chief Minister of JK Ghulam Nabi Azad) গোলাম নবী আজাদক তেওঁৰ নৱগঠিত ডেমক্ৰেটিক আজাদ পাৰ্টিৰ (Democratic Azad Party) অধ্যক্ষ নিৰ্বাচিত কৰা হৈছে । এই বিষয়ে শনিবাৰে সদৰি কৰিছে দলৰ এজন নেতাই । জম্মু আৰু শ্ৰীনগৰত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠাপক সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত এই সন্দৰ্ভত এক প্ৰস্তাৱ গৃহীত কৰা হয় বুলি নেতাজনে কয় ।
উল্লেখ্য় যে যোৱা ২৬ আগষ্টত কংগ্ৰেছ ত্যাগ কৰা ৭৩ বছৰীয়া আজাদে ২৬ ছেপ্টেম্বৰত জম্মুত কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক আৰু অন্যান্য বিশিষ্ট নেতাৰ সমৰ্থনত ডেমক্ৰেটিক আজাদ পাৰ্টি গঠন কৰিছিল ।
বেছিভাগ নেতাই তেওঁৰ সমৰ্থনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল । তেওঁলোকৰ ভিতৰত আছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰা চান্দ (former deputy chief minister Tara Chand), প্ৰাক্তন মন্ত্ৰী পীৰজাদা মহম্মদ চৈয়দ (former ministers Peerzada Mohd Sayeed),তাজ মহিউদ্দিন, জি এম সাৰুৰী, আৰ এছ চিব, যুগল কিশোৰ, মজিদ ৱানী আৰু মনোহৰ লাল শৰ্মা । জম্মুলৈ উভতি অহাৰ আগতে আজাদে ২৭ ছেপ্টেম্বৰৰ পৰা কাশ্মীৰত চাৰিদিন অতিবাহিত কৰিছিল ।
লগতে পঢ়ক:অগপৰ ৩৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে জনীয়াত প্ৰস্তুতি সভা