নিউজ ডেস্ক, 4 নৱেম্বৰ : ভাৰত-নেপালৰ এক শক্তিশালী ঘৰুৱা সমন্ধৰ আত্মপ্ৰকাশ ঘটাৰ সময়তে অহা শুকুৰবাৰে ছুছুলত ভাৰত-চীন সেনাৰ অষ্টমলানি কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব ৷ এফালে লাডাখ সীমান্তত চীনৰ আগ্ৰাসন আৰু আনফালে নেপালৰ ঘৰুৱা কন্দল তথা ভাৰতৰ সৈতে হোৱা পৰিস্থিতিৰ মাজতে সিদিনাই নেপালৰ প্ৰধানমন্ত্ৰী অলি শৰ্মাৰ সৈতে বৈঠকত মিলিত হ'ব ভাৰতৰ স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে ৷
লিপুলেখ পাছক লৈ বিগত মে' মাহৰ পৰা ভাৰত-নেপালৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটাৰ আঁৰত চীনৰ হাত থকা বুলি কৈ আহিছে স্থলসেনা প্ৰধানে ৷ এনে অৱস্থাত নেপাল স্থলসেনাই ভাৰতীয় স্থলসেনাৰ প্ৰধানগৰাকীক সন্মানীয় সেনাপ্ৰধানৰ উপাধি প্ৰদান কৰাটোৱে দুয়োখন দেশৰ সামৰিক-কূটনৈতিক সম্পৰ্কক এক অনন্য মাত্ৰা প্ৰদান কৰিব ৷ বৃহস্পতিবাৰে নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে ভাৰতীয় স্থলসেনাপ্ৰধানগৰাকীক নেপালৰ সন্মানীয় সেনাপ্ৰধানৰ পদবী প্ৰদান কৰিব ৷
নেপাল আৰু ভাৰতৰ মাজৰ সামৰিক সম্পৰ্কৰ ঐতিহাসিক পৰম্পৰা অনুসৰি, দুয়োখন দেশেই দুয়োখন দেশৰ স্থলসেনা প্ৰধানক সন্মানীয় সেনাপ্ৰধানৰ পদবী অৰ্পণ কৰি আহিছে ৷
বুধবাৰে নেপালত উপস্থিত হয় সেনাপ্ৰধানগৰাকী ৷ নিজৰ দ্বিতীয়টো নেপাল ভ্ৰমণ সন্দৰ্ভত সেনাপ্ৰধানগৰাকীয়ে কয় যে, "দুয়োখন দেশৰ সেনাৰ মাজৰ সম্পৰ্ক এই ভ্ৰমণে অধিক শক্তিশালী আৰু সুদৃঢ় কৰিব বুলি মই বিশ্বাসী ৷ নেপালৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাক লৈ মই আভাৰী ৷ মোৰ বাবে নেপালৰ স্থলসেনাৰ সেনাধ্যক্ষৰ সন্মানীয় পদবী অধিক গুৰুত্বপূৰ্ণ ৷ মই এই ভ্ৰমণত দুয়োখন দেশৰ সম্পৰ্কক লৈ অতিকে আশাবাদী ৷"
বৃহস্পতিবাৰ আৰু শুকুৰবাৰে স্থলসেনাপ্ৰধান জেন. নাৰাৱানে তেওঁৰ সকলো চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ ভিতৰত নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কাৰ্য্যসূচী হৈছে অন্যতম ৷ ইয়াৰ পূৰ্বে 21 অক্টোবৰত নেপাল ভ্ৰমণত গৈছিল দেশৰ বাহ্যিক সুৰক্ষা আৰু চোৰাংচোৱা সংস্থা Research and Analysis Wing (RAW)ৰ প্ৰধান সামান্ত গোৱেল ৷ স্থলসেনা প্ৰধানে নেপাল সেনাৰ সেনা প্ৰধান জেন. পূৰ্ণ চন্দ্ৰ থাপাৰ সৈতে শুকুৰবাৰে আলোচনাত মিলিত হ'ব ৷
স্থলসেনা প্ৰধানৰ এই ভ্ৰমণত স্থান পাব দুয়োখন দেশৰ মাজৰ সমস্যাৰ কাৰণ হৈ পৰা পঞ্চশ্বৰ নদীবান্ধ ৷ ইয়াৰ উপৰিও দুয়োখন দেশৰ সামৰিক স্বাস্থ্যগত দিশ সন্দৰ্ভত নেপাল সেনাৰ কামাণ্ড এণ্ড ষ্টাফ কলেজৰ প্ৰশিক্ষাৰ্থী আৰু বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব জেন. নাৰাৱানে ৷ নেপালৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক "বীৰ স্মাৰক"ত সামৰিক শ্ৰদ্ধা অৰ্পণ কৰিব সেনা প্ৰধান জেন. নাৰাৱানে ৷
লগতে পঢ়ক : পুনৰ আভ্যন্তৰীণ কন্দলৰ দিশে নেপালৰ কমিউনিষ্ট চৰকাৰ