ETV Bharat / bharat

Gehlot vs Pilot : সভাপতি খাৰ্গেই সাক্ষাৎ কৰিব ৰাজস্থানৰ দুই অসন্তুষ্ট নেতাক - Rajasthan election 2023

ৰাজস্থানৰ দুই কংগ্ৰেছ নেতা অশোক গেহলট আৰু শচীন পাইলটৰ মাজত মতবিৰোধ অব্যাহত আছে (Clashes between Gehlot and Pilot)। শীৰ্ষ নেতৃত্বই দুয়োগৰাকীক একেখন মঞ্চৰ তললৈ আনিবলৈ জোৰ দি আছে । সভাপতি খাৰ্গেয়ে সোমবাৰে দুয়োগৰাকী নেতাৰ সৈতে পৃথকে বৈঠকত মিলিত হ'ব ।

Gehlot vs Pilot
সভাপতি খাৰ্গেই সাক্ষাৎ কৰিব ৰাজস্থানৰ দুই অসন্তুষ্ট নেতাক
author img

By

Published : May 29, 2023, 3:43 PM IST

নেশ্যনেল ডেস্ক,২৯ মে': ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলট আৰু শচীন পাইলটৰ মাজত বিবাদ অব্যাহত আছে (Clashes between Gehlot and Pilot)। দুয়োগৰাকী নেতাৰ মতবিৰোধে ইতিমধ্যে ৰাজনৈতিক প্ৰেক্ষপটত বিশেষ প্ৰভাৱ পেলাইছে । দুয়োগৰাকী নেতাৰ অন্তঃকন্দলে কংগ্ৰেছৰ ভিতৰচ'ৰাত বিতৰ্কৰ সৃষ্টি কৰিছে । ৰাজস্থানত এই বছৰতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Rajasthan election 2023)।

নিৰ্বাচনৰ প্ৰাকক্ষণত দুয়োগৰাকী নেতাৰ এনে বিবাদে চিন্তিত কৰি তুলিছে কংগ্ৰেছক । এনে এক পৰিস্থিতিত দুয়োগৰাকী নেতাৰ মাজৰ সমস্যা দূৰ কৰাৰ প্ৰচেষ্টা কৰিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই । দুয়োগৰাকী নেতাৰ সৈতে আলোচনাৰ বাবেও সন্মত হৈছে দলৰ সভাপতিগৰাকী (Kharge to meet Gehlot and Pilot)।

দলীয় সূত্ৰৰ মতে কংগ্ৰেছ সভাপতি খাৰ্গে সোমবাৰে দিল্লীত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ সৈতে পৃথকে বৈঠকত মিলিত হ'ব । ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অশোক গেহলটৰ দিল্লী ভ্ৰমণ নিশ্চিত কৰি তেওঁৰ কাৰ্যসূচীও মুকলি কৰিছে । তেওঁ ৰাজস্থান সদনৰ আধাৰশিলাও স্থাপন কৰিব । প্ৰস্তাৱিত বৈঠকখন পাইলটৰ বাবেও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । তেওঁ শেহতীয়াকৈ কৈছিল যে ৰাজ্য চৰকাৰে কৰা তিনিটা দাবী এই মাহৰ শেষৰ ফালে যদি পূৰণ নহয় তেনেহ'লে ৰাজ্যজুৰি আন্দোলন আৰম্ভ হ'ব ।

প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ চৰকাৰৰ কাৰ্যকালত সংঘটিত কথিত কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰিছে শচীন পাইলটে । ইফালে ৰাজ্যৰ সকলো নেতাৰ সৈতে কংগ্ৰেছৰ শীৰ্ষ বিষয়াসকলৰ এখন বৈঠক ২৬ মে'ত নিৰ্ধাৰণ কৰা হৈছিল কিন্তু পাছত এই বৈঠক পিছুৱাই দিয়া হৈছিল ।

দলীয় সূত্ৰৰ মতে এতিয়া হাইকমাণ্ডে গেহলট আৰু পাইলটক পৃথকে সাক্ষাৎ কৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুয়োকে এখন মঞ্চলৈ আনিবলৈ চেষ্টা কৰিব । খাৰ্গে কৰ্ণাটকত সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰক একেলগ কৰাত সফল হৈছিল আৰু দলটোৱে এতিয়া ৰাজস্থানতো একেটা সূত্ৰই ব্যৱহাৰ কৰিবলৈ চেষ্টা চলাব বুলিও সূত্ৰই উল্লেখ কৰে ।

কংগ্ৰেছৰ দলীয় সূত্ৰৰ মতে কেইদিনমান পূৰ্বে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাকে ধৰি সকলো নিৰ্বাচনমুখী ৰাজ্যৰ নেতাসকলৰ সৈতে কংগ্ৰেছ হাইকমাণ্ডৰ এখন বৈঠকৰ পৰিকল্পনা কৰা হৈছিল । যাক পিছুৱাই দিয়া হৈছে ।

লগতে পঢ়ক :Wrestlers Protest: অহংকাৰী ৰজাই সাধাৰণ জনতাৰ কণ্ঠস্বৰ ভৰিৰে মোহাৰিছে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.