ETV Bharat / bharat

ভূমিস্খলনৰ বাবে উত্তৰকাশী-গংগোত্ৰী ঘাইপথত যাতায়াত ব্যহত

author img

By

Published : Jul 13, 2021, 4:39 PM IST

নেৰানেপেৰা বৰষুণৰ বাবে উত্তৰাখণ্ড(UTTARAKHAND)ত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সমান্তৰালকৈ ৰাজ্যখনত ঠায়ে ঠায়ে ভূমিস্খলনো(Landslide) হৈছে । মঙলবাৰে উত্তৰকাশী জিলাৰ দাব্ৰানী অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰে ।

Gangotri national highway has been blocked due to a landslide
ভূমিস্খলনৰ বাবে উত্তৰকাশী গংগোত্ৰী ঘাইপথেৰে যাতায়াত ব্যহত

নেশ্যনেল ডেস্ক, ১৩ জুলাই: উত্তৰাখণ্ডত (UTTARAKHAND) ভূমিস্খলনৰ (Landslide) ফলত গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল প্ৰকাণ্ড শিল । পথৰ মাজত শিল পৰি থকাৰ বাবে ব্যাহত হৈ পৰে যাতায়াত । উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দাব্ৰানী অঞ্চলত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৃষ্টিপাত হৈ আছে । ফলত ধাৰাছু গড়ৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । মঙলবাৰে ভূমিস্খলন হোৱাৰ ফলত গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰে ।

জিলা প্ৰশাসনৰ বিষয়াসকলৰ মতে, বৰ্তমান সীমান্ত পথ সংগঠনে (border road organization) ঘাইপথটোৰ পৰা শিলবোৰ আঁতৰ কৰিবলৈ চেষ্টা কৰা কৰি আছে । ধাৰাছু গড়ৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত কাষৰীয়া গাঁও ক্ষতিগ্ৰস্ত হৈছে । ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত গাঁৱৰ পথাৰ আৰু ৰাস্তাবোৰ ক্ষতিগ্ৰস্ত হৈছে । আনহাতে, সোমবাৰে ভূমিস্খলন আৰু বানপানীয়ে তচনচ কৰাৰ পাছত হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ব'হ উপত্যকাত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে ।

ইফালে ধাৰাসাৰ বৰষুণৰ ফলত মাঁঝি নদী (Majhi River) য়েও কালৰূপ ধাৰণ কৰিছে । ধৰ্মশালাৰ চেত্ৰু গাঁৱত কেইবাখনো দোকান আৰু বাসগৃহ ক্ষতিগ্ৰস্ত কৰিছে বানে । প্ৰলংয়কাৰী বানে বহু লোককে আপোন ঘৰখন এৰি যাবলৈ বাধ্য কৰাইছে ।

প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বান বিধ্বস্ত অঞ্চলৰ ৰাইজে । বহু লোকে ভাগি যোৱা দলঙেৰে বিপদসংকুলভাৱে পাৰ হোৱাৰ দৃশ্যও বন্দী হৈছে কেমেৰাত । ধাৰাসাৰ বৰষুণৰ বাবেই প্ৰতিদিনে বানে ভয়াৱহ ৰূপ লৈছে । ইফালে, আমলাভা নদীৰ জলপৃষ্ঠও ফেনে-ফোটোকাৰে বাঢ়িছে ।

পানীয়ে বহু লোকৰ কৃষিপথাৰ বুৰাই পেলাইছে আৰু পথৰ দাঁতিত ৰখাই থোৱা বিলাসী বাহনতো সোমাইছে পানী । মুঠতে বিধ্বংসী বানে উত্তৰাখণ্ডৰ লোকৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি বুধবাৰ পৰ্যন্ত বৃষ্টিপাত হৈ থকাৰ সম্ভাৱনা প্ৰবল । অৱশ্য নেৰানেপেৰা বৰষুণ কেৱল উত্তৰাখণ্ডতে নহয়, পঞ্জাৱ, হাৰিয়ানা, দিল্লী আদিতো ধাৰাসাৰ বৃষ্টিপাত হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ কাৰ্যালয় স্থাপনৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.