ETV Bharat / bharat

Full Moon Rituals : মাঘী পূৰ্ণিমাত ঘৰত নাথাকে গাঁওবাসী, কিন্তু ক'ত কিয় ?

মাঘী পূৰ্ণিমাত এখন গাঁৱৰ আজৱ পৰম্পৰা । যদি পূৰ্ণিমাৰ আগদিনা তেওঁলোক গাঁওখনত থাকে, তেন্তে সেয়া গাঁওবাসীৰ বাবে অশুভ । সেয়ে মাঘী পূৰ্ণিমাৰ আগদিনাৰ পৰা মাঘী পূৰ্ণিমাৰ মাজনিশালৈকে সমগ্ৰ গাঁওখন খালী হৈ থাকে (rituals of maghi purnima) ।

author img

By

Published : Feb 7, 2023, 4:54 PM IST

Updated : Feb 7, 2023, 6:13 PM IST

Etv Bharat
Etv Bharat
এখন গাঁৱৰ এক বিশেষ পৰম্পৰা

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : মাঘী পূৰ্ণিমা । অর্থাৎ মাঘ মাহৰ পৱিত্ৰ পূৰ্ণিমা (maghi purnima celebrated all over country) । এই মাঘৰ পূৰ্ণিমাৰ গুৰুত্ব আৰু তাৎপৰ্য সনাতন হিন্দুসকলৰ বাবে অপৰিসীম । সমগ্ৰ দেশজুৰি বিভিন্ন আচাৰ-অনুষ্ঠান আৰু পৰম্পৰাৰে পালন কৰা হয় এই মাঘী পূৰ্ণিমা । একেদৰে অসমতো বিভিন্ন মন্দিৰ, নামঘৰ আদিত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয় এই মাঘী পূৰ্ণিমা (maghi purnima celebrated in Assam) । ধৰ্মীয় বিশ্বাস, আচাৰ-ব্যৱহাৰ, পৰম্পৰা আৰু স্থানীয় লোকাচাৰ অনুযায়ী এই মাঘী পূৰ্ণিমাৰ উদযাপন ঠাইভেদে বেলেগ বেলেগ । এটা কথা ঠিক সময়ৰ অগ্ৰগতিত সমাজ ব্যৱস্থাৰ যথেষ্ট উন্নয়ন সাধন হ'লেও কিন্তু পৰিৱৰ্তন হোৱা নাই বহু পৰম্পৰা । আৰু এই পৰম্পৰাৰ বাবে একো একোটা জাতিসত্তাই এককভাৱে চিনাকি দি আহিছে (rituals of full moon of Magha month) ।

তেনে এখন গাঁৱৰ এক একক, অনন্য় আৰু ঐতিহাসিক পৰম্পৰাৰ কথাকে ইয়াত উল্লেখ কৰিব বিচৰা হৈছে । পৱিত্ৰ মাঘী পূৰ্ণিমাৰ এক বিশেষ ৰীতিৰ বাবে এই অঞ্চলটো দেশজুৰি চৰ্চিত । আধুনিক প্ৰযুক্তিৰ দিনৰ এই সমাজতো উক্ত গাঁওখনৰ বাসিন্দাসকলে পৰম্পৰা পাহৰি যোৱা নাই । গাঁওখনৰ পৰম্পৰা অনুসৰি, মাঘী পূৰ্ণিমাৰ পূৰ্বদিনা তেওঁলোক গাঁওখনত থকাটো অশুভ বুলি গণ্য কৰা হয় (customary to leave village in maghi purnima) । অতীজত কোনো সময়ত হয়তো সংঘটিত কোনো দুৰ্ভাগ্যজনক ঘটনাৰ পুনৰাবৃত্তি নকৰাৰ উদ্দেশ্যৰেই গাঁওখনৰ বাসিন্দাসকলে গোটেই দিনটো বাসস্থানৰ পৰা আঁতৰি থকাটো এক পৰম্পৰালৈ পৰিণত হৈ পৰিছে । উক্ত দিনটোত তেওঁলোক অৰণ্যলৈ গুচি যায় । কিন্তু এই ঠাইখনৰ নাম কি ? ক'ত আছে ? তেওঁলোকৰ ৰীতি-নীতিৰ আঁৰৰ কাহিনীটো এবাৰ চাওঁ আহক (AP villagers leave village in full moon of Magh) ।

আশা ! এজন চলচ্চিত্ৰ লেখকে কৈছিল যে আনকি কৰ্কট ৰোগত আক্ৰান্ত এজন ব্যক্তিও এই আশা লৈ জীয়াই থাকিব পাৰে । কোৱা হয় যে 'আগিপাডু'ৰ ৰীতি-নীতিয়ে বহু বছৰ ধৰি একেধৰণে গাঁওখন আৰু মানুহক বেয়াৰ পৰা সুৰক্ষিত কৰি ৰাখি আহিছে । অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ এখন গাঁৱৰ বাসিন্দাসকলে পালন কৰি আহিছে এই পৰম্পৰা । কিন্তু কি এই অদ্ভূত ৰীতি-নীতি ? চাওঁ আহক তেওঁলোকক ইমান বছৰে আমনি কৰি অহা সমস্যাটো কি ।

গাঁওখনৰ উন্নতি আৰু গাঁওবাসীৰ মঙ্গলৰ বাবে তেওঁলোকে এক অদ্ভূত বিশ্বাসক এক ৰীতি হিচাপে অনুসৰণ কৰি তেওঁলোকৰ স্বকীয়তা প্ৰদৰ্শন কৰিছে । অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ তালাৰী চেৰুভুৰৰ গাঁওবাসী তেওঁলোক । মাঘ মাহৰ পূৰ্ণিমাৰ আগদিনা সকলো গাঁওবাসীয়ে তেওঁলোকৰ ঘৰুৱা পোহনীয়া জন্তুক লগত লৈ গাঁওখন এৰি যায় । আগিপাডু নামৰ এই অদ্ভূত ৰীতি-নীতিত গাঁওখনৰ কোনো এখন ঘৰতে জুই নজলে, আনকি চাকিবোৰো নুমুৱাই থয় । তাৰ পিছত তেওঁলোক গৈ নিকটৱৰ্তী দৰগাহত উপস্থিত হয় । তাৰ পিছত তেওঁলোকে সমগ্ৰ পূৰ্ণিমাৰ দিনটো গাঁওখনৰ পৰা আঁতৰত কটায় ।

অৱশ্যে এই ৰীতি-নীতিৰ আঁৰত এটা কাহিনী আছে । পূৰ্বতে এজন ব্ৰাহ্মণে তালাৰিচাৰুভু গাঁওখন লুট কৰিছিল আৰু গাঁওবাসীয়ে মিলি তেওঁক হত্যা কৰিছিল । আনহাতে, এজন জ্যোতিষীয়ে কৈছিল যে গাঁওখনত জন্ম হোৱা শিশুবোৰ জন্মৰ পিছতেই মৃত্যুমুখত পৰাৰ কাৰণ হৈছে ব্ৰাহ্মণজনক হত্যা কৰাটো । তাৰ পিছত গাঁওবাসীয়ে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰে । তেতিয়া তাৰ সমাধান হিচাপে তেওঁলোকক মাঘী চতুৰ্থাচীৰ পৰা পূৰ্ণিমাৰ মাজনিশালৈকে আগিপাডু ৰীতি-নীতি পালন কৰাৰ পৰামৰ্শ দিয়া হৈছিল । তেতিয়াৰে পৰাই এই পৰম্পৰা প্ৰতিবছৰে নিয়মীয়াকৈ পালন কৰি অহা হৈছে ।

"পূৰ্ণিমাৰ আগদিনাৰ পৰা পূৰ্ণিমাৰ দিনৰ মাজনিশালৈকে আমি এই হাজাৱালি দৰগাহলৈ আহোঁ । যদি মাজনিশা বিদ্যুৎ বন্ধ থাকে, তেন্তে আমি মাজনিশা সেয়া পুনৰ জ্বলাই দিওঁ । আমি সকলোৱে এই দৰগাহৰ ওচৰত ৰান্ধোঁ আৰু খাওঁ । ঘৰবোৰ পৰিষ্কাৰ কৰাৰ পিছত নিশা ঘৰলৈ যাওঁ । আমি পূজা কৰোঁ আৰু তাৰ পিছত দৈনন্দিন কামলৈ যাওঁ ।" গাঁওবাসী তালাৰী চেৰুভুৱে এনেদৰে কয় ।

তেওঁলোকে তালাৰিচাৰুভু গাঁৱৰ দক্ষিণ ফালে থকা হাজাৱালি দৰগাহলৈ যায় আৰু গোটেই দিনটো তাত গাঁওবাসীয়ে পোহনীয়া জীৱ-জন্তুৰ সৈতে খাদ্য খাই কটায় । নিশা ঘৰত উপস্থিত হোৱাৰ পিছত পূজা কৰে আৰু ঘৰৰ চাকি জ্বলায় । গাওঁবাসীৰ বিশ্বাস, এই পৰম্পৰাৰ বাবেই তেওঁলোকে কোনো কুপ্ৰভাৱ অবিহনে জীয়াই আছে । আনহাতে, এই পৰম্পৰা পালন কৰি তেওঁলোক সুখী বুলিও প্ৰকাশ কৰে ।

লগতে পঢ়ক :Happy Rose Day 2023: প্ৰতিটো ৰঙৰ গোলাপৰ আছে বিশেষ অৰ্থ, জীৱনত বিশেষ স্থান দিয়া গৰাকীক নিদিব এই গোলাপ

Last Updated : Feb 7, 2023, 6:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.