ETV Bharat / bharat

Betel Leaves Benefits: ডায়েবেটিছৰ পৰা আৰম্ভ কৰি মানসিক চাপ হ্ৰাস কৰালৈকে পাণৰ ৫টা স্বাস্থ্য উপকাৰিতা জানি লওক

বিয়াৰ পৰা উৎসৱলৈকে পাণ প্ৰতিটো শুভ মূহোৰ্তৰ এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে সকলোৰে হৃদয়ত স্থান লাভ কৰিছে । কিন্তু আপুনি জানেনে যে পাণ কেৱল সোৱাদযুক্তই নহয়, ই স্বাস্থ্যৰো অনেক উপকাৰিতা সাধন কৰে ৷

From diabetes to reducing stress, know 5 surprising benefits of betel leaves
ডায়েবেটিছৰ পৰা আৰম্ভ কৰি মানসিক চাপ হ্ৰাস কৰালৈকে পাণৰ ৫টা স্বাস্থ্য উপকাৰিতা জানি লওক
author img

By

Published : May 9, 2023, 9:11 PM IST

যুগ যুগ ধৰি চলি অহা ভাৰতীয় সংস্কৃতিৰ এটা অংশ পাণ । এই সৰু পাতে লাখ লাখ ভাৰতীয়ৰ হৃদয় আৰু ৰুচিবোধক জয় কৰিছে । বিয়াৰ পৰা আৰম্ভ কৰি উৎসৱলৈকে পাণ প্ৰতিটো উদযাপনৰ এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে কেৱল যুৱক-যুৱতীসকলৰেই নহয়, বয়োজ্যেষ্ঠসকলৰ হৃদয়তো স্থান লাভ কৰিছে । কিন্তু আপুনি জানেনে যে, সুপাতৰ পাত কেৱল মজাৰ আৰু সোৱাদযুক্ত পাতেই নহয়, ইয়াৰ স্বাস্থ্যৰ বাবেও বহুতো উপকাৰ আছে ? হয়, সেইটো আপুনি ঠিকেই পঢ়িছে । ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি মানসিক চাপ হ্ৰাস কৰালৈকে এই আদৰ্শ পাতৰ বহুতো ঔষধি গুণ আছে ৷ যিয়ে আপোনাৰ স্বাস্থ্যৰ বাবে আচৰিত কাম কৰিব পাৰে (Betel Leaves Benefits)।

এক গৱেষণ অনুসৰি ভাৰতৰ প্ৰায় ১৫ৰ পৰা ২ কোটি (১.৫ৰ পৰা ২ কোটি) লোকে বছৰি পাণ খায় । ভাৰতত পৰম্পৰাগতভাৱে ৫৫,০০০ হেক্টৰ ভূমিত পাণ উৎপাদন কৰা হয় আৰু বছৰি প্ৰায় ৯০০ কোটি টকা উৎপাদন হয় । গড়ে ৬৬ শতাংশ উৎপাদন পশ্চিম বংগৰ পৰা আহে । জানো আহক পাণৰ অলৌকিক স্বাস্থ্য উপকাৰিতাসমূহ-

কোষ্ঠকাঠিন্য

পাণক এন্টিঅক্সিডেন্টৰ শক্তিশালী উৎস হিচাপে গণ্য কৰা হয় ৷ যিয়ে শৰীৰৰ পি এইচ স্তৰ স্বাভাৱিক কৰি ৰাখে আৰু পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিয়ে । বিশেষকৈ কোষ্ঠকাঠিন্যৰ সমস্যাত ইয়াৰ ব্যৱহাৰ যথেষ্ট উপকাৰী । পেটৰ সমস্যাৰ পৰা সকাহ পাবলৈ পাণৰ পাত পিহি ৰাতি পানীত তিয়াই থ’ব লাগে । পুৱা উঠি এই পানী চেকি খালী পেটত খাব লাগে । এনে কৰিলে আপোনাৰ কেতিয়াও কোষ্ঠকাঠিন্যৰ সমস্যা নহয় ।

মুখৰ স্বাস্থ্য

পাণৰ বহুতো এন্টিমাইক্ৰ’বিয়াল গুণ থাকে যিয়ে মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া হোৱা, প্লেক আৰু দাঁতৰ ক্ষয়ৰ পৰা সকাহ দিয়ে । খাদ্য খোৱাৰ পিছত পাণ সামান্য পৰিমাণে চোবাই খালে মুখৰ স্বাস্থ্যৰ বাবে উপকাৰী । ইয়াৰ উপৰিও দাঁতৰ বিষ, আঁঠুৰ বিষ, মুখৰ ফুলা আৰু সংক্ৰমণৰ পৰাও সকাহ দিয়ে (Health News)।

শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা

কাহ, ব্ৰংকাইটিছ, হাঁপানী আদি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ চিকিৎসাৰ বাবে আয়ুৰ্বেদত পাণ বিশেষভাৱে ব্যৱহাৰ কৰা হয় । পাণত পোৱা যৌগবোৰে উশাহ-নিশাহৰ সমস্যা দূৰ কৰাত সহায় কৰে (Betel Leaves Benefits)।

মানসিক চাপ কম

পাণ চোবাই খালে মানসিক চাপ আৰু উদ্বেগৰ পৰা উপশম পোৱা যায় (ETV Bharat health stories)। ই শৰীৰ আৰু মনক শিথিল কৰে আৰু পাণত পোৱা ফেনলিক যৌগবোৰে শৰীৰৰ পৰা কেটেকোলামাইন নামৰ জৈৱিক যৌগ নিৰ্গত কৰে । সেয়ে পাণ চোবাই সঘনাই মেজাজৰ দোলাচলৰ পৰা হাত সাৰিব পাৰি (Betel Leaves)।

ডায়েবেটিছ নিয়ন্ত্ৰণ

বেটেল পাতৰ এন্টি-হাইপাৰগ্লাইচেমিক গুণ থাকে, যিয়ে চেনিৰ সমস্যা নিয়ন্ত্ৰণৰ কাম কৰে । পাণে তেজত থকা গ্লুক’জৰ পৰিমাণ বৃদ্ধি হোৱাত বাধা দিয়ে । টাইপ ২ ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা খালী পেটত ইয়াৰ পাত চোবাই খালে উপকৃত হয় (Pan Ke Patte)।

লগতে পঢ়ক: Homesickness : পঢ়া-শুনা বা চাকৰি সম্বন্ধে ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে নেকি ? তেন্তে এই ৫টা টিপচে আপোনাক কৰিব সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.