ETV Bharat / bharat

হিমাচলত তুষাৰপাতঃ অহা ৫ ফেব্ৰুৱাৰীৰ পৰা তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা

author img

By

Published : Feb 4, 2021, 12:57 PM IST

হিমাচল প্ৰদেশৰ ছিমলা,নাৰকাণ্ডা,কুফৰী,জাখু আৰু চাৰাব্ৰাত বৃহস্পতিবাৰেও অব্যাহত আছে তুষাৰপাত । অহা ৫ ফেব্ৰুৱাৰী পৰ্যন্ত হিমালয়ৰ পশ্চিম দিশত বৃষ্টিপাত আৰু বজ্ৰপাতৰ সম্ভাৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান বিভাগে ।

হিমাচলত তুষাৰপাত অব্যাহত
হিমাচলত তুষাৰপাত অব্যাহত

নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: প্ৰচণ্ড শীতে কঁপাইছে হিমাচল প্ৰদেশ । ধাৰাবাহিকভাৱে হোৱা তুষাৰপাতৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে । বৃহস্পতিবাৰেও হিমাচল প্ৰদেশৰ ছিমলা,নাৰকাণ্ডা,কুফৰী,জাখু আৰু চাৰাব্ৰাত অব্যাহত আছে পাতলীয়া তুষাৰপাত । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, অহা ৫ ফেব্ৰুৱাৰীৰ পৰা তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে হিমালয়ৰ পশ্চিম দিশত তুষাৰপাত, বিজুলী-ধেৰেকনিৰ লগতে বৃষ্টিপাত আৰু বজ্ৰপাতৰ সম্ভাৱনাও প্ৰকট কৰিছে বতৰ বিজ্ঞান বিভাগে । আনহাতে, বৃহস্পতিবাৰে হিমাচল প্ৰদেশত প্ৰচণ্ড বৃষ্টিপাত হোৱাৰো সম্ভাৱনা আছে বুলি জনাইছে বিভাগীয় কৰ্তৃপক্ষই । বুধবাৰে ছিমলাত সৰ্বাধিক তাপমাত্ৰা আছিল ১৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ৪.৫ ডিগ্ৰী চেলছিয়াছ আছিল ।

লগতে পঢ়ক:লালকিল্লাৰ হিংসাত্মক কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.