ETV Bharat / bharat

FPO withdrawal of Adani Group: বজাৰৰ অস্থিৰতাৰ বাবে এফপিঅ' প্ৰত্যাহাৰ কৰা হৈছে : গৌতম আদানি - Adani group in share market

আদানি গ্ৰুপে ২০,০০০ কোটি টকাৰ এফপিঅ' প্ৰত্যাহাৰ কৰাৰ পাছে গৌতম আদানিয়ে বিনিয়োগকাৰীসকলক সম্বোধন কৰিছে (Gautam Adani addresses investors)।তেওঁৰ মতে বজাৰৰ অস্থিৰতাৰ বাবে এফপিঅ' প্ৰত্যাহাৰ কৰা হৈছে । হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ পাছতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আদানি গ্ৰুপ ।

FPO withdrawal of Adani Group
বজাৰৰ অস্থিৰতাৰ বাবে এফপিঅ' প্ৰত্যাহাৰ কৰা হৈছে
author img

By

Published : Feb 2, 2023, 1:05 PM IST

নেশ্যনেল ডেস্ক,২ ফেব্ৰুৱাৰী : সম্প্ৰতি আদানি গ্ৰুপৰ ব্যৱসায় আৰু আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ বিতৰ্ক অব্যাহত আছে । হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ পাছতে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল আদানি গ্ৰুপ । এইবাৰ আদানি গ্ৰুপৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আদানি গ্ৰুপে ২০,০০০ কোটি টকাৰ এফপিঅ' প্ৰত্যাহাৰ কৰাৰ লগতে বিনিয়োগকাৰীসকলৰ কাষত থাকিব (FPO withdrawal of Adani Group)। কোটিপতি গৌতম আদানিৰ মতে এই সিদ্ধান্ত কেৱল বজাৰৰ অস্থিৰতাৰ বাবেহে লোৱা হৈছে (FPO withdrawn due to market volatility)।

জানিব পৰা মতে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ অভিযোগৰ পাছতে আদানি গ্ৰুপৰ কোম্পানীৰ ষ্টকৰ মূল্য ৯০ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক হ্ৰাস হৈছিল (Adani group in share market)। ইয়াৰ মাজতে আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেডৰ ২০,০০০ কোটি টকাৰ ফল'-অন ৰাজহুৱা প্ৰস্তাৱে মঙলবাৰে শ্বেয়াৰৰ অন্তিম দিনটোত বিনিয়োগকাৰীসকলক উপকৃত কৰিবলৈ সক্ষম হৈছিল ।

বুধবাৰে কোম্পানীটোৱে এফ.পি.ও. প্ৰত্যাহাৰ কৰাৰ লগতে বিনিয়োগকাৰীসকলক ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় । ইয়াৰ পাছতে বিনিয়োগকাৰীসকলক সম্বোধন কৰে গৌতম আদানিয়ে । তেওঁ কয় যে এফপিঅ'ৰ প্ৰত্যাহাৰৰ সিদ্ধান্তই বহুতকে আচৰিত কৰিলেহেঁতেন । কিন্তু বুধবাৰে দেখা বজাৰৰ অস্থিৰতাৰ কথা বিবেচনা কৰি, ব'ৰ্ডে দৃঢ়ভাৱে অনুভৱ কৰিছিল যে এফপিঅ'ৰ সৈতে আগবাঢ়ি যোৱাটো নৈতিকভাৱে শুদ্ধ নহ'ব ।

আদানিয়ে দাবী কৰা মতে এই সিদ্ধান্তই বৰ্তমানৰ কাৰ্যকলাপ আৰু ভৱিষ্যত পৰিকল্পনাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে । আদানি গ্ৰুপে সময়মতে কাৰ্যকৰীকৰণ আৰু প্ৰকল্প বিতৰণৰ ওপৰত গুৰুত্ব দিব । কোম্পানীটোৰ মৌলিক বিষয়বোৰ শক্তিশালী হৈ আছে বুলিও তেওঁ দাবী কৰে । কোম্পানীটোৰ বেলেন্স শ্বীট উন্নত আৰু সম্পদ শক্তিশালী ।

তেওঁৰ মতে আদানি গ্ৰুপৰ ইবিআইটিডিএ স্তৰ (EBITDA) আৰু নগদ প্ৰবাহ যথেষ্ট শক্তিশালী হৈ আছে আৰু ঋণৰ দায়বদ্ধতা পূৰণ কৰাৰ ক্ষেত্ৰতো কোম্পানীটোৰ এক অনবদ্য ট্ৰেক ৰেকৰ্ড আছে । কোম্পানীটোৱে দীৰ্ঘম্যাদী মূল্য সৃষ্টিৰ ওপৰত গুৰুত্ব দিব আৰু বিকাশ আভ্যন্তৰীণ জমাৰ দ্বাৰা পৰিচালিত হ'ব ।

আদানিয়ে কোৱা মতে বজাৰ স্থিৰ হোৱাৰ পাছত গ্ৰুপটোৱে মূলধন বজাৰৰ ৰণনীতি পুনৰীক্ষণ কৰিব । ইএছজিৰ ওপৰতো কোম্পানীটোৰ এক শক্তিশালী গুৰুত্ব আছে আৰু প্ৰতিটো ব্যৱসায়ে দায়িত্বশীল উপায়েৰে মূল্য সৃষ্টি কৰি থাকিব ।

উল্লেখ্য যে আমেৰিকান বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপক "মুকলিকৈ ষ্টক জালিয়াতি আৰু একাউণ্টিং জালিয়াতিত লিপ্ত" বুলি অভিযোগ কৰিছে (Hindenburg Research report on Adani Group)। কোম্পানীটোৰ এই অভিযোগৰ পাছতে বিশাল ব্যৱসায়ৰ সৈতে জড়িত আদানি গ্ৰুপৰ কোম্পানীবোৰৰ শ্বেয়াৰত যথেষ্ট হ্ৰাস হৈছিল ।

লগতে পঢ়ক :Adani Enterprises calls off FPO : আদানী গ্ৰুপে প্ৰত্যাহাৰ কৰিলে এফপিঅ', বিনিয়োগকাৰীৰ ঘূৰাই দিব ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.