ETV Bharat / bharat

Namaz in taj mahal: তাজমহলত নামাজ পঢ়ি ৰঙাঘৰৰ আলহী হ'ল চাৰি পৰ্যটক - তাজমহলৰ শ্বাহী মছজিদত নামাজ

হায়দৰাবাদৰ চাৰি পৰ্যটকৰ বিলৈ ৷ নামাজ পঢ়িবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল চাৰি পৰ্যটক (Namaz in taj mahal) ৷ সবিশেষ এই বাতৰিত...

তাজমহলত নামাজ পঢ়ি ৰঙাঘৰৰ আলহী হ'ল চাৰি পৰ্যটক

author img

By

Published : May 26, 2022, 1:59 PM IST

নেশ্যনেল ডেস্ক, 26 মে’ : পৰ্যটকৰ দুৰ্দশা ৷ তাজমহলৰ শ্বাহী মছজিদত নামাজ পঢ়ি ৰঙাঘৰৰ আলহী হ'ল হায়দৰাবাদৰ চাৰি পৰ্যটক ৷ ঘটনা অনুসৰি, বুধবাৰে হায়দৰাবাদৰ পৰা চাৰিজন যুৱকে তাজমহল চাবলৈ আহিছিল ৷ এই সময়ছোৱাতেই তেওঁলোকে সন্ধিয়া তাজমহলৰ চৌহদত অৱস্থিত শ্বাহী মছজিদত নামাজ পঢ়িবলৈ প্ৰৱেশ কৰে (Namaz in taj mahal) ৷

লগে লগে চাৰি পৰ্যটকক মছজিদটোত নিয়োজিত চিআইএছএফ কৰ্মীয়ে আটক কৰে । চিআইএছএফৰ অভিযোগৰ ওপৰত ভিত্তি কৰি তাজগঞ্জ আৰক্ষীয়ে চাৰি পৰ্যটকক আটক কৰি আৰক্ষী চকীলৈ লৈ যায় ৷ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ অধীক্ষক পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে কয় যে, শুকুৰবাৰেহে তাজমহলৰ শ্বাহী মছজিদ(Shahi Masjid of Taj Mahal)ত প্ৰাৰ্থনা কৰা হয় ।

এ এছ আই আইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, এই মছজিদটোত অন্যদিনত নামাজ পঢ়া নিষিদ্ধ হোৱাৰ লগতে মছজিদৰ নিয়ম উলংঘা কৰি নতুন পৰম্পৰা প্ৰণয়ন কৰাটো অপৰাধ ৷ সেয়েহে, অৰক্ষীয়ে পৰ্যটককেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত পৰ্যটককেইজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : 1991 Sikh killings : নিৰীহ শিখৰ হত্যাৰ অভিযুক্ত আৰক্ষীৰ জামিন অস্বীকাৰ আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.