ETV Bharat / bharat

Former Minister Sundar Sham Arora arrested : উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ সুন্দৰ শ্বাম আৰোৰা

author img

By

Published : Oct 16, 2022, 10:26 AM IST

দুৰ্নীতি নিবাৰক শাখাৰ এআইজি মনমোহন কুমাৰক উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ বিজেপি নেতা সুন্দৰ শ্বাম আৰোৰা (BJP leader Sundar Sham Arora arrested)। আৰোৰাৰ বিৰুদ্ধে থকা এক গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল । তাৰ বিনিময়ত ১ কোটি টকা উৎকোচ দিবলৈ বিচাৰিছিল বিজেপি নেতাজনে ।

Former Minister Sundar Sham Arora arrested
উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ সুন্দৰ শ্বাম আৰোৰা

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : পাঞ্জাৱ দুৰ্নীতি নিবাৰক শাখাৰ জালত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা সুন্দৰ শ্বাম অৰোৰা (Punjab Vigilance Bureau arrests Sundar Sham Arora)। সুন্দৰ শ্বাম অৰোৰাক জিৰাকপুৰৰ পৰা নিশা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে । দুৰ্নীতি নিবাৰক শাখাৰ সঞ্চালক ভাৰিন্দৰ কুমাৰে কোৱা মতে প্ৰাক্তন মন্ত্ৰী অৰোৰাই দুৰ্নীতি নিবাৰক শাখাৰ এআইজি মনমোহন কুমাৰক উৎকোচ দিয়াৰ চেষ্টা কৰিছিল । মনমোহন কুমাৰৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে (BJP leader Sundar Sham Arora arrested)।

সঞ্চালক ভাৰিন্দৰ কুমাৰে ঘটনাৰ বিৱৰণ দাঙি ধৰি কয় যে সুন্দৰ শ্বাম অৰোৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল । সেই গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াজনক ১ কোটি টকা উৎকোচ দিয়াৰ চেষ্টা কৰিছিল বিজেপি নেতাগৰাকীয়ে । এই বিষয়ে বিষয়াগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ কৰিছিল ।

লগে লগে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে জাল পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই । যাৰ পৰিণতিত ধনৰ প্ৰথম কিস্তি হিচাপে ৫০ লাখ টকা উৎকোচ দিবলৈ অহাৰ সময়তে হাতে লোটে ধৰা পৰে সুন্দৰ শ্বাম আৰোৰা (Sundar Sham Arora arrested for coming to bribe)। সঞ্চালক ভাৰিন্দৰ কুমাৰে জনোৱা মতে সুন্দৰ শ্বাম অৰোৰাই ধন দিবলৈ ব্যক্তিগত সহায়কৰ সৈতে আহিছিল ।

জানিব পৰা মতে উপাৰ্জনতকৈ অধিক সম্পত্তি গঢ়াৰ ক্ষেত্ৰত আৰোৰাৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ তদন্ত চলি আছে । এই গোচৰটো সন্দৰ্ভত উৎকোচ দিব বিচাৰিছিল বিজেপি নেতাজনে । জানিব পৰা মতে সুন্দৰ শ্বাম অৰোৰাক আদালতত হাজিৰ কৰোৱা হ'ব আৰু জেললৈ প্ৰেৰণ কৰা হ'ব ।

দুৰ্নীতি নিবাৰক শাখাই জনোৱা মতে সুন্দৰ শ্বাম অৰোৰাৰ বিৰুদ্ধে দুটা গোচৰ চলি আছে । এটা হৈছে উপাৰ্জনতকৈ অধিক সম্পত্তি গঢ়া (Assets more than income case against Sundar Sham) আৰু আনটো হ'ল সুন্দৰ শ্বাম অৰোৰাৰ মন্ত্ৰী হৈ থকাৰ সময়ত সংঘটিত কেলেংকাৰী । সঞ্চালকগৰাকীয়ে জনোৱা মতে বৰ্তমান সুন্দৰ শ্বাম অৰোৰাক উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে সুন্দৰ শ্বাম অৰোৰা কংগ্ৰেছৰ কেপ্টেইন চৰকাৰৰ সময়ত এজন কেবিনেট মন্ত্ৰী আছিল । ইয়াৰ পাছত, যেতিয়া চৰণজিৎ চান্নী পাঞ্জাৱত মুখ্যমন্ত্ৰী হৈছিল, তেতিয়া তেওঁক মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিয়া হৈছিল । শেহতীয়াকৈ সুন্দৰ শ্বাম অৰোৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ।

লগতে পঢ়ক:Bank Fails to Pay Consumer : ৫০০ টকাৰ বিপৰীতে বেংকে ভৰিলে লাখ টকাৰ ক্ষতিপূৰণ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.