নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : বৰ্তমান ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত এগৰাকী ব্যক্তি হ’ল জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ৷ এইবাৰ পুনৰ চৰ্চালৈ আহিছে প্ৰাক্তন ৰাজ্যপালগৰাকী ৷ ৰিলায়েন্স জেনেৰেল ইনচুৰেঞ্চৰ দুৰ্নীতিৰ অভিযোগৰ গোচৰৰ সাক্ষী হিচাবে ২৮ এপ্ৰিলত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআয়ে জেৰাৰ বাবে মাতিছে প্ৰাক্তন ৰাজ্যপালগৰাকীক ৷
প্ৰাক্তন ৰাজ্যপালগৰাকীক জেৰাৰ বাবে মধ্য দিল্লীৰ আকবৰ ৰোড অতিথিশালাত উপস্থিত থাকিবলৈ চিবিআয়ে কয় । এই সন্দৰ্ভত "তেওঁলোকে কিছুমান বিশেষ স্পষ্টীকৰণ বিচাৰি চিবিআয়ে মোক উপস্থিত থকাটো বিচাৰিছে । মই ৰাজস্থানলৈ যাম গতিকে মই তেওঁলোকক ২৭ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈকে সময়সীমা দিছো ," বুলি সংবাদ সংস্থা পিটিআইৰ আগত উল্লেখ কৰে ।
উল্লেখ্য যে, প্ৰাক্তন ৰাজ্যপাল মালিকে ২০১৮ চনত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়ত উদ্যোগপতি অনিল আম্বানীৰ মালিকানাধীন কোম্পানীটোৰ সৈতে কৰা এক চুক্তি বাতিল কৰিছিল । প্ৰথম তথ্য প্ৰতিবেদনত (এফআইআৰ) চিবিআইয়ে ৰিলায়েন্স জেনেৰেল বীমাৰ নাম ৰাখিছিল ট্ৰিনিটি ৰিইঞ্চুৰেন্স ব্ৰোকাৰছৰ সৈতে জম্মু-কাশ্মীৰ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চিকিৎসা বীমা আঁচনি ৰূপায়ণৰ অভিযোগ উত্থাপন কৰা কেলেংকাৰীৰ অভিযুক্ত হিচাবে । প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে বীমা আঁচনিখনত জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল, তাৰ পিচত চিবিআয়ে ব্যৱস্থা গ্ৰহণ কৰে (satya pal malik summons by cbi) ৷
প্ৰায় ৩.৫ লাখ কৰ্মচাৰীক সামৰি লোৱা এই আঁচনিখন ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈছিল আৰু ইয়াক এমাহৰ ভিতৰত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে বাতিল কৰিছিল । সেই সময়ত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আঁচনিখনত জালিয়াতিৰ উমান লাভ কৰি আঁচনিখন বাতিল কৰাটো বিচাৰে বুলি জানিবলৈ দি প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে 'মই নিজেই ফাইলৰ মাজেৰে গৈছিলো, আৰু যেতিয়া আঁচনিখন ভুলকৈ দিয়া হৈছে বুলি গম পাইছিলো তেতিয়া মই আঁচনিখন বাতিলৰ সিদ্ধান্ত লৈছিলোঁ' বুলি জানিবলৈ দিয়ে ।
প্ৰাক্তন ৰাজ্যপালগৰাকীৰ সৈতে চিবিআইয়ে 2022 বৰ্ষৰ ছেপ্টেম্বৰ মাহত বীমা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত অধিক তথ্য বিচাৰি সাক্ষাতত মিলিত হৈছিল ৷ আনহাতে, কিৰু জলবিদ্যুৎ শক্তি প্ৰকল্পত অসামৰিক কামৰ চুক্তি দিয়াৰ অভিযোগত দুৰ্নীতিৰ আন এটা গোচৰৰ বাবেও চিবিআয়ে সাক্ষাৎ কৰিছিল প্ৰাক্তন ৰাজ্যপালগৰাকীক ৷ উল্লেখ্য যে, ২০১৯ বৰ্ষত দেশ কঁপোৱা পুলৱামা আক্ৰমণ সন্দৰ্ভত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰিছিল বিস্ফোৰক মন্তব্য (Satya Pal Malik controversy) ।
সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মালিকে দাবী কৰে যে নিৰাপত্তাৰক্ষীৰ ভুলৰ বাবে পুলৱামা আক্ৰমণত ৪০ জন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান নিহত হয় । তেওঁ কয় যে অৰ্ধসামৰিক বাহিনীয়ে অহা-যোৱা কৰিবলৈ বিমান বিচৰাৰ অনুৰোধ চৰকাৰে নাকচ কৰাৰ ফলত জোৱানসকলে পথেৰে যাত্ৰা কৰিবলৈ বাধ্য হয় বুলি ।
লগতে পঢ়ক : Operation against Maoist: ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযান; ৫ মাওবাদী আহত