ETV Bharat / bharat

Prakash Singh Badals Last Rites: পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ অন্তিম সংস্কাৰ সম্পন্ন

author img

By

Published : Apr 27, 2023, 8:29 PM IST

পঞ্জাবৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী আৰু শিৰোমণি আকালি দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ সিং বাদলৰ বৃহস্পতিবাৰে তেওঁৰ জন্মস্থান লাম্বিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্তিম সংস্কাৰ কৰা হয় (Parkash Singh Badal merged into five elements) ।

Prakash Singh Badals Last Rites
Prakash Singh Badals Last Rites

নিউজ ডেস্ক, ২৭ এপ্ৰিল : পঞ্চভূতত বিলীন হ'ল পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল (Parkash Singh Badal merged into five elements) । শিৰোমণি আকালি দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ সিং বাদলৰ আজি তেওঁৰ জন্মস্থান লাম্বিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । তেওঁৰ এই অন্তিম বিদায়ৰ মুহূৰ্তত দেশ-বিদেশৰ বহু সংখ্যক ৰাজনৈতিক নেতা উপস্থিত থাকে ।

সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় প্ৰকাশ সিং বাদলৰ অন্তিম সংস্কাৰ (Prakash Singh Badals Last Rites) । আনহাতে, সুখবীৰ বাদল আৰু তেওঁৰ পৰিয়ালে অশ্ৰুসিক্ত নয়নেৰে এইগৰাকী বৰ্ষীয়ান ৰাজনীতিকক অন্তিম বিদায় জনায় (Shiromani Akali Dal patron Parkash Singh Badal) । উল্লেখ্য, পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ যোৱা ২৫ এপ্ৰিলত ৯৫ বছৰ বয়সত মোহালিৰ এখন চিকিৎসালয়ত মৃত্যু হয় ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ (Former Chief Minister Parkash Singh Badal) বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত তেওঁৰ জন্মভূমি লাম্বিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । উল্লেখযোগ্য যে, প্ৰকাশ সিং বাদলৰ খেতিপথাৰৰ প্ৰতি থকা প্ৰেমৰ বাবে গাঁৱৰ শ্মশানৰ সলনি তেওঁৰ খেতিপথাৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । বুধবাৰে প্ৰকাশ সিং বাদলৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে 2 একৰ ভূমি আৱৰি থকা কিন্নু বাগিচাখন পৰিষ্কাৰ কৰা হৈছিল ।

উল্লেখ্য, প্ৰকাশ সিং বাদলে সফলতাৰে অতিক্ৰম কৰিছে তেওঁৰ 75 বছৰীয়া ৰাজনৈতিক জীৱন । এই সময়ছোৱাত তেওঁ 5 বাৰ পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় । লগতে একেৰাহে 11 টা নিৰ্বাচনত জয়লাভ কৰিছিল প্ৰয়াত প্ৰকাশ সিং বাদলে । যোৱা বছৰ তেওঁ লাম্বি সমষ্টিৰ পৰা পৰাস্ত হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ কৃষি সংস্কাৰ আইনৰ বিৰোধিতাৰ বাবে বিজেপিৰ সৈতে সম্পৰ্ক ভংগ কৰিছিল শিৰোমণি আকালি দলে । ইয়াৰ পিচত প্ৰকাশ সিং বাদলে চৰকাৰক ঘূৰাই দিছিল পদ্ম বিভূষণ বঁটা (Parkash Singh Badal returns Padam Vibhushan) ।

লগতে পঢ়ক :Dantewada Naxal attack Viral video : দান্তেৱাৰাত মাওবাদী আক্ৰমণৰ ভিডিঅ' ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.