নেশ্যনেল ডেস্ক, ২ জুলাই: ৯ বছৰ ৯ মাহৰ অন্তত বন্দীত্বৰ জীৱনৰ পৰা ৰেহাই পালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ঔম প্ৰকাশ চৌটালাই । শনিবাৰে তেওঁক তিহাৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত ইণ্ডিয়ান নেশ্যনেল লোক দলৰ নেতাগৰাকীক ১০ বছৰ কাৰাদণ্ড বিহা হৈছিল । দিল্লী কাৰাগাৰৰ সঞ্চালক প্ৰধান সন্দীপ গোৱেলে জানিবলৈ দিয়া মতে, বৰ্ষীয়ান নেতাজনে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে বাবে তেওঁক মুকলি কৰি দিয়া হৈছে ।
ইয়াৰ পূৰ্বে জুন মাহত, ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে কাৰাগাৰৰ ভিৰ হ্ৰাস কৰা সিদ্ধান্ত লয় । সেই অনুসৰি ১০ বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কয়দীক ৯ বছৰ ৬ মাহ সম্পূৰ্ণ হোৱাৰ পিছত বিশেষ ৰেহাই প্ৰদান কৰি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয় । বিষয়াগৰাকীৰ মতে, ঔম প্ৰকাশ চৌটালাই ইতিমধ্যে ৯ বছৰ আৰু ৯ মাহৰ কাৰাবাস খাটিছে । দিল্লী চৰকাৰৰ নতুন সিদ্ধান্ত মতে, তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাৰ বাবে যোগ্য ।
সেয়ে শুকুৰবাৰে তেওঁক মুকলি কৰি দিয়া হয় । উল্লেখ্য যে, ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে ২০২০ চনৰ ২৬ মাৰ্চৰ পৰা ঔম প্ৰকাশ চৌটালাই জৰুৰীকালীন সকাহ লাভ কৰি আছিল । চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত তেওঁ কাৰাগাৰলৈ অহাৰ কথা আছিল যদিও মহামাৰীৰ বাবে উচ্চ ন্যায়ালয়ে তেওঁৰ জৰুৰীকালীন সকাহৰ সময় বৃদ্ধি কৰে ।
উল্লেখ্য যে, ২০০০ চনত ৩,২০৬ গৰাকী শিক্ষকৰ অবৈধ নিযুক্তি সম্পৰ্কীয় গোচৰৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নাম সাঙোৰ খাই পৰে । ইয়াৰ পাছতে তেওঁ আৰু তেওঁৰ পুত্ৰ অজয় চৌটালা আৰু আই এ এছ বিষয়া সঞ্জীৱ কুমাৰকে ধৰি আন ৫৩ জন লোক দণ্ডিত কৰা হয় । আটাইকে ২০১৩ চনৰ জানুৱাৰী মাহত চি বি আইৰ এখন বিশেষ আদালতে এই গোচৰত দণ্ডিত কৰিছিল ।
লগতে পঢ়ক:সংসদৰ কাষত শ্ল'গান দি আটক পাঁচ কৃষক