ETV Bharat / bharat

জম্মু-কাশ্মীৰত হ্ৰাস পাইছে বিদেশী পৰ্যটকৰ সংখ্যা - পৰ্যটকৰ আগমণ

পূৰ্বৰ তুলনাত জম্মু-কাশ্মীৰত হ্ৰাস পাইছে বিদেশী পৰ্যটকৰ সংখ্যা । ইয়াৰ বিপৰীতে ভাৰতৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে । আনহাতে, পৰ্যটকৰ আগমনে আনন্দিত কৰি তুলিছে পৰ্যটন ক্ষেত্ৰৰে জড়িত লোকসকলক ।

কাশ্মীৰত হ্ৰাস পাইছে বিদেশী পৰ্যটকৰ সংখ্যা

author img

By

Published : Apr 7, 2021, 10:36 PM IST

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: ক'ভিড-১৯ মহামাৰীৰ বাবে কাশ্মীৰ উপত্যকালৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা ৯০ শতাংশৰো অধিক হ্ৰাস পাইছে । জম্মু-কাশ্মীৰ পৰ্যটন বিভাগৰ পৰিসংখ্যা অনুসৰি, চলিত বৰ্ষৰ প্ৰথম তিনি মাহত জম্মু-কাশ্মীৰলৈ মুঠ ৯২,৯১৩ গৰাকী পৰ্যটকৰ আগমন ঘটিছে । ইয়াৰ ভিতৰত ৩৫৪ জন বিদেশী পৰ্যটক আৰু ৯২,৫৫৯ জন ঘৰুৱা পৰ্যটক । জম্মু-কাশ্মীৰ পৰ্যটন বিভাগৰ তথ্য মতে, বেছি সংখ্যক পৰ্যটকে মাৰ্চ মাহত উপত্যকা ভ্ৰমণ কৰিছে ।

মাৰ্চ মাহত মুঠ ৪৭,৫৯৩ গৰাকী পৰ্যটকৰ আগমন ঘটিছিল আৰু ইয়াৰ ভিতৰত ১৪০ জন বিদেশী আৰু ৪৭,৪৫৩ গৰাকী দেশীয় ভ্ৰমণকাৰী আছিল । জানুৱাৰীত মাহত, ১৯,১০২ জন পৰ্যটক কাশ্মীৰলৈ আহিছিল । ইয়াৰ ভিতৰত ১৯,০৪২ জন দেশীয় আৰু ৬০ জন বিদেশী পৰ্যটক আছিল । আনহাতে, ফেব্ৰুৱাৰী মাহত ২৬,২১৮ জন লোকে কেন্দ্ৰীয় শাসিত অঞ্চলটো পৰিদৰ্শন কৰিছিল । ইয়াৰ ভিতৰত ১৫৪ জন বিদেশী আৰু ২৬,০৬৪ ঘৰুৱা ভ্ৰমণকাৰী আছিল ।

বিগত বৰ্ষৰ মাৰ্চ মাহৰ শেষলৈকে মুঠ ১৭,৬৮৮ গৰাকী পৰ্যটক কাশ্মীৰলৈ আহিছিল আৰু ইয়াৰ ভিতৰত ১৪,০৫২ জন দেশীয় আৰু ৩,৬৩৬ জন বিদেশী আছিল । ই টিভি ভাৰতৰ আগত পৰ্যটন বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে যে, বিভাগটোৱে দেশৰ আন ৰাজ্যলৈ গৈ পৰ্যটন উদ্যোগক উৎসাহিত কৰিবলৈ অভিযান চলাইছিল । ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়াই কাশ্মীৰৰ পৰ্যটন খণ্ডক পুনৰুজ্জীৱিত কৰাত সহায় কৰিছিল ।

কাশ্মীৰত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ বাবে অন্যান্য পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । বিদেশী পৰ্যটকৰ আগমণ হ্ৰাস হোৱাৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে, কাশ্মীৰ উপত্যকাৰ পৰ্যটন খণ্ড মহামাৰীৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে । তেওঁ কয় যে, যোৱা বছৰ মে' আৰু জুন মাহলৈকে বহু পৰ্যটকে কাশ্মীৰ ভ্ৰমণ কৰা নাছিল । কিন্তু এই বছৰ পৰ্যটকে টিউলিপ বাগিচা আৰু কাশ্মীৰৰ আন ঠাই ভ্ৰমণ কৰিবলৈ আহিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: গুজৰাটত অধিকাংশ শিশু আক্ৰান্ত কৰ'ণাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.