ETV Bharat / bharat

World No Tobacco Day 2023: মানসিক চাপৰ দূৰ কৰা তথা ধঁপাত সেৱনৰ পৰা আঁতৰি থাকিবলৈ অনুসৰণ কৰক এইসমূহ উপায়

author img

By

Published : May 31, 2023, 1:58 PM IST

আমি ব্যস্ততাৰে ভৰা এনে এখন পৃথিৱীত বসবাস কৰে য’ত প্ৰতিজন ব্যক্তিয়ে দৈনিক বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায় । এনে পৰিস্থিতিত বহুলোকে নিচা বা ধূমপানৰ সহায় লয় কিন্তু এনে কৰিলে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে ৷ তেন্তে জানো আহক আমি কেনেকৈ ইয়াৰ পৰা মুক্তি পাব পাৰো ৷

Follow these tips to relieve stress and avoid tobacco use
মানসিক চাপৰ দূৰ কৰা তথা ধঁপাত সেৱনৰ পৰা আঁতৰি থাকিবলৈ অনুসৰণ কৰক এইসমূহ উপায়

আমি অতি দ্ৰুতগতিত চলি থকা এনে এখন পৃথিৱীত বাস কৰোঁ য’ত প্ৰতিজন ব্যক্তিয়ে দৈনিক বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায় । ইয়াৰ ফলত দুৰ্ভাগ্যজনকভাৱে অস্বাস্থ্যকৰ জীৱনশৈলীৰ সৈতে মোকাবিলা কৰিবলগীয়া হয় । মানসিক চাপত থকা ব্যক্তিয়ে ব্যৱহাৰ কৰা ‘সকাহ’ৰ অন্যতম সাধাৰণ আৰু মাৰাত্মক পদ্ধতি হ’ল ধূমপান আৰু অন্যান্য ধঁপাতৰ ব্যৱহাৰ । এজন চিকিৎসা পেছাদাৰী হিচাপে আমাৰ ক্লিনিকসমূহত ধঁপাত সম্পৰ্কীয় ৰোগৰ সংখ্যা বৃদ্ধি পোৱাটো এক ভয়াৱহ কথা আৰু এই কথাৰ পৰা এইটোৱে প্ৰমাণ হয় যে ধঁপাতৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰিবলৈ আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে ।

মানসিক চাপ বুজিব পৰাটো আৰু উচ্চ উদ্বেগৰ মাত্ৰা সৃষ্টি কৰা কাৰকসমূহ চিনাক্ত কৰিব পৰাটো এটা ভাল প্ৰথম পদক্ষেপ । প্ৰায়ে ঘৰুৱা আৰু কৰ্ম সম্পৰ্কীয় বিষয়, সামাজিক আৰু অৰ্থনৈতিক চাপ বা ব্যক্তিগত সম্পৰ্ক আদি একাধিক কাৰণ থাকে ।

এইবোৰক কাৰণ হিচাপে চিনি পালে সুস্থ মোকাবিলা কৌশল গঢ়ি তোলাত সহায় কৰে । মূল কথাবোৰৰ কোনো বিকল্প নাই-স্বাস্থ্যসন্মত খাদ্যৰ পছন্দ আৰু পৰ্যাপ্ত ব্যায়ামৰ সৈতে সুষম জীৱনশৈলীই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অধ্যয়নত দেখা গৈছে যে ২০-৩০ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপত লিপ্ত হ’লে এণ্ড’ৰ্ফিন মুক্ত হয়, যিয়ে মনটোক কেইবা ঘণ্টা ধৰি শান্ত কৰি ৰাখে ।

এনেধৰণে মানসিক চাপৰ পৰা উপশম পাব পাৰি

মানসিক চাপত থকা ব্যক্তিয়ে ট্ৰিগাৰ আৰু আকৰ্ষণ এৰাই চলিব লাগে (we need food not tobacco)। অফিচত ধূমপান কৰিবলৈ সমনীয়াৰ হেঁচা প্ৰয়োগ কৰাটো তেনে এক ট্ৰিগাৰ । ধঁপাতৰ হেঁপাহ জাগিলে এগিলাচ পানী খাব (World no tobacco day 2023 theme)। চখ আৰু আজৰি সময়ত লিপ্ত হোৱাটোৱে আগ্ৰহৰ অনুভূতি ৰোধ কৰাত সহায়ক হ’ব পাৰে । অবাঞ্চিত অভ্যাস সলনি কৰাৰ অন্যতম শক্তিশালী কৌশল হ’ল মাইণ্ডফুলনেছৰ অভ্যাস । গভীৰ উশাহ-নিশাহ, যোগাসন কৰা, ধ্যান কৰা - এই সকলোবোৰে মনক শান্ত আৰু সক্ৰিয় কৰাত সহায় কৰে । পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীৰে সৈতে এক ভাল সময় পাৰ কৰাটোও অতি প্ৰয়োজনীয় যিয়ে আপোনাক ধূমপানৰ অভ্যাসৰ পৰা আঁতৰাই অনাত সহায় কৰিব পাৰে ।

লগতে পঢ়ক: Ravindra Jadeja Fitness: ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাই নিজক কেনেকৈ ৰাখে ফিট, জানি লওক তেওঁৰ ফিটনেছ ৰুটিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.