ETV Bharat / bharat

সুকলমে গুৱাহাটী আহি পালে ঘন কুঁৱলীৰ বাবে ঢাকাত অৱতৰণ কৰা মুম্বাই-গুৱাহাটী ইণ্ডিগ বিমান

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:54 AM IST

Updated : Jan 13, 2024, 2:40 PM IST

Mumbai-Guwahati IndiGo flight: ঘন কুঁৱলীৰ বাবে মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী এখন ইণ্ডিগ’ৰ বিমান ঢাকাত জৰুৰীকালীন অৱতৰণ কৰোৱা হয় ৷ মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমান শনিবাৰে পুৱা জৰুৰীকালীনভাবে ঢাকাত অৱতৰণ কৰোৱা হয় ৷ ইতিমধ্যে দিনৰ 11.10 বজাত ঢাকাৰ পৰা গুৱাহাটী আহি উপস্থিত হৈছে বিমানখন ৷

Fog forces Mumbai-Guwahati IndiGo flight to land in Dhaka
ঘন কুঁৱলীৰ বাবে ঢাকাত অৱতৰণ মুম্বাই-গুৱাহাটী ইণ্ডিগ’ৰ বিমান

নিউজ ডেস্ক, ১৩ জানুৱাৰী: ঘন কুঁৱলীৰ বাবে বাংলাদেশৰ ৰাজধানী ঢাকাত জৰুৰীকালীন অৱতৰণ কৰা মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ বিমানখনে সুকলমে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিছে ৷ ইতিমধ্যে দিনৰ 11.10 বজাত ঢাকাৰ পৰা গুৱাহাটী আহি উপস্থিত হৈছে বিমানখন ৷

উল্লেখ্য যে শনিবাৰে পুৱা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমানে বাংলাদেশৰ ৰাজধানী ঢাকাত জৰুৰীকালীন অৱতৰণ কৰে । ঘন কুঁৱলীৰ বাবে গুৱাহাটী বিমানবন্দৰত বিমানখন অৱতৰণ কৰাত ব্যৰ্থ হয় ৷ যাৰবাবে বিমানখন ঢাকালৈ ডাইভাৰ্ট কৰিবলগীয়া হয় । বাংলাদেশৰ ৰাজধানী ঢাকা গুৱাহাটীৰ পৰা ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

ইণ্ডিগ এয়াৰলাইনছৰ এক চৰকাৰী বিবৃতি অনুসৰি, "মুম্বাইৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা ইণ্ডিগ'ৰ বিমান ৬ই ৫৩১৯ ৰ অৱতৰণ গুৱাহাটীৰ বেয়া বতৰৰ বাবে বাংলাদেশৰ ঢাকালৈ পৰিৱৰ্তন কৰা হৈছিল। কাৰ্যকৰী কাৰণত, ঢাকাৰ পৰা গুৱাহাটীলৈ বিমানখন পৰিচালনা কৰাৰ বাবে এক বৈকল্পিক দলৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰীসকলক আপডেটৰ বিষয়ে অৱগত কৰা হৈছিল আৰু বিমানত জলপানৰ পৰিৱেশন কৰা হৈছিল। আমি আন্তৰিকতাৰে দুঃখিত যে অসুবিধাৰ বাবে।"

পাইলটজনে প্ৰথমতে কলকাতাত অৱতৰণ কৰিব বিচাৰিছিল কিন্তু, প্ৰতিকূল বতৰৰ বাবে বিমানখনৰ গন্তব্যপথ ভুৱনেশ্বৰলৈ পৰিৱৰ্তন কৰিব লগা হৈছিল, য'ত ৰানৱে বন্ধ আছিল। অৱশেষত, তেওঁ ঢাকাক নিকটতম উপলব্ধ বিমানবন্দৰ হিচাপে অৱতৰণৰ সিদ্ধান্ত ল'ব লগা হয় ৷

মুম্বাই যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰজ সিং ঠাকুৰে এক্সত এটা পোষ্ট কৰি এই কথা জানিবলৈ দিয়ে ৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত ১৪ নৱেম্বৰত মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা উলিওৱা হ’ব ৷ ইম্ফলত ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ঠাকুৰে ইণ্ডিগ’ বিমানখেনেৰে যাত্ৰা কৰিছিল ৷

  • I took @IndiGo6E flight 6E 5319 from Mumbai to Guwahati. But due to dense fog, the flight couldn't land in Guwahati. Instead, it landed in Dhaka. Now all the passengers are in Bangladesh without their passports, we are inside the plane.✈️

    — Suraj Singh Thakur (@SurajThakurINC) January 13, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

সুৰজ সিং ঠাকুৰে X ত কয়, "মই মুম্বাইৰ পৰা গুৱাহাটীলৈ IndiGo6E 6E 5319 বিমান লৈছিলো । কিন্তু ঘন কুঁৱলীৰ বাবে বিমানখন গুৱাহাটীত অৱতৰণ কৰিব পৰা নাছিল । তাৰ পৰিৱৰ্তে ঢাকাত অৱতৰণ কৰিছিল ।" বিমানখনত থকা সকলো যাত্ৰীয়ে পাছপ’ৰ্ট অবিহনে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈছিল বুলিও তেওঁ লগতে কয় ।

ঠাকুৰে উল্লেখ কৰে যে যাত্ৰীসকল এতিয়াও বিমানখনৰ ভিতৰত আছে । তেওঁ কয়, "আমি ৯ ঘণ্টা ধৰি বিমানৰ ভিতৰত আবদ্ধ হৈ আছো । ভাৰত জোড়ো ন্যায যাত্ৰাৰ বাবে মণিপুৰ (ইম্ফল)লৈ ৰাওনা হৈছিলো । চাওঁ কেতিয়া গুৱাহাটী পাম আৰু তাৰ পিছত ইম্ফললৈ উৰা মাৰিম ।" জানিব পৰা মতে, সম্প্ৰতি ঢাকাৰ পৰা গুৱাহাটী অভিমুখে বিমানখন পৰিচালনাৰ বাবে বিকল্প দলৰ ক্ৰুৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: ঘন কুঁৱলীৰ বাবে দিল্লীত বহু বিমানৰ যাত্ৰাত বিলম্ব

Last Updated : Jan 13, 2024, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.