নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰী : পণ্ডীচেৰীত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে সোমবাৰে পণ্ডিচেৰী বিধানসভাত অনুষ্ঠিত হ’ব ‘ফ্ল’ৰ টেষ্ট’ ৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাজ্যপাল তামিলিচাই সুন্দৰৰাজনৰ নিৰ্দেশতে অনুষ্ঠিত হ’ব এই ফ্ল’ৰ টেষ্ট ৷
শেহতীয়াকৈ বিধানসভাৰ মজিয়াৰ পৰা দুগৰাকীকৈ কংগ্ৰছে বিধায়ক ক্ৰমে এ. জন কুমাৰ, লক্ষ্মী নাৰায়নন আৰু ডিএমকেৰ বিধায়ক কে. ভেংকটেচনে পদত্যাগ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যপালে ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ শেষলৈকে অনুষ্ঠিত হ’ব পণ্ডিচেৰীৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন এই পৰ্যন্ত ঘোষণা হোৱা নাই ৷
এই ফ্ল’ৰ টেষ্টৰ পূৰ্বে মুখ্যমন্ত্ৰী ভি. নাৰায়ণস্বামীয়ে আগন্তুক নীতি সন্দৰ্ভত কংগ্ৰেছ আৰু ডিএমকেৰ বিধায়ক সকলৰ সৈতে বৈঠকত মিলিত হয় ৷
লগতে পঢ়ক-ঝাৰখণ্ডত নক্সাল সদস্যৰ আত্মসমৰ্পণ